নৱ নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জু বিডেনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে পাকিস্তানৰ বালুচিস্তানৰ মানৱাধিকাৰ আন্দোলনৰ এগৰাকী নেতাই।
পত্ৰখনত পাক অধিকৃত কাশ্মীৰৰ নাগৰিকৰ ওপৰত পাকিস্তান চৰকাৰে অকথ্য নিৰ্যাতন চলাই আহিছে বুলি দাবী কৰিছে আমজাদ আয়ুব মিৰ্জা নামৰ মানৱাধিকাৰ আন্দোলনৰ নেতাগৰাকীয়ে।
“পাকিস্তান অধিকৃত কাশ্মীৰত ইমৰাণ খানৰ চৰকাৰে কি কৰিছে আজি গোটে বিশ্বই সেয়া দেখিছে। সাধাৰণ মানুহৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱাৰ লগতে সেই অঞ্চলত বহুতো সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছে পাকিস্তান চৰকাৰে।” আয়ুব মিৰ্জাৰ দাবী।
তাত যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদী হিচাপে গঢ়ি তোলা হৈছে বুলি দাবী কৰি পত্ৰখনত তেওঁ আৰু লিখিছে, “তাৰ পৰাই ভাৰতত অনুপ্ৰৱেশ কৰি কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই কামত আইএছআই-এ শিশু আৰু কিশোৰসকলকো ব্যৱহাৰ কৰি আহিছে।”
পত্ৰখনত ইছলমাবাদক এনে কামৰ পৰা বিৰত থাকিবলৈ দাবী কৰি নেতা গৰাকীয়ে পাকিস্তান চৰকাৰক পাক অধিকৃত কাশ্মীৰৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাইছে।
“আপোনাৰ বিজয়ে হোৱাইট হাউছত নতুন আশাৰ সঞ্চাৰ কৰিছে। আপোনাক গোটেই বিশ্বই ত্ৰাণকৰ্তা হিচাপে চাবলৈ বিচাৰিছে। সেয়ে আমি আপোনালৈ এই পত্ৰ প্ৰেৰণৰ দুঃসাহস কৰিছো।” বিডেনক শুভেচ্ছা জ্ঞাপন কৰি নেতা গৰাকীয়ে এইদৰে লিখিছে পত্ৰখনত।
পাকিস্তান চৰকাৰে তেওঁলোকৰ ৩২ বৰ্গ মাইল অঞ্চল অবৈধভাৱে দখল কৰি যি মন যায় তাকে কৰি আহিছে বুলি দাবী কৰি তেওঁ হোৱাইট হাউছত তেওঁক বক্তব্য প্ৰদানৰ সুযোগ দিলে পাকিস্তানৰ সকলো কুকীৰ্তি প্ৰমাণসহ দাখিল কৰিব পাৰিব বুলিও দাবী কৰিছে মানৱাধিকাৰ নেতা গৰাকীয়ে।
বালুচিস্তানৰ মানৱাধিকাৰ আন্দোলনৰ নেতা আমজাদ আয়ুব মিৰ্জাৰ এই পত্ৰখনে ইমৰাণ খানৰ পাকিস্তান চৰকাৰক যথেষ্ট অস্বস্তিত পেলোৱা দেখা গৈছে।