• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি! দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিলে ইউনুছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2024 12:10 pm
820
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীত আয়োজন কৰা হৈছিল তৃতীয় ভইচ অৱ দ্য গ্ল’বেল চাউথ ছামিট। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰ্চুৱেলি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰে। শুকুৰবাৰেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনুছৰ সৈতে ফোনত বাৰ্তালাপ কৰে। তেতিয়াই মোদীয়ে তেওঁক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল।

শুকৰবাৰে মোডী আৰু ইউনুছে বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ নিৰাপত্তাৰ কথা পাতে। মুখ্য উপদেষ্টাগৰাকীয়ে দেশৰ সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ আশ্বাস দিয়ে। ফোনত বাৰ্তালাপত মোদীয়ে ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দন জনায়।

ইয়াৰ পিছতে মোডীয়ে তেওঁক এই সন্মিলনলৈ আমন্ত্ৰণ কৰে। সেই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই শনিবাৰে মুখ্য উপদেষ্টা ইউনুছে ঢাকাৰ পৰা অনলাইনযোগে শীৰ্ষ সন্মিলনত যোগদান কৰে। অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ; অন্ধ্ৰপ্ৰদেশৰ বাবে উত্থাপন কৰিলে বৃহৎ দাবী

যোৱা ৫ আগষ্টত গণ প্ৰতিবাদৰ বাবে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। দেশ এৰি তেওঁ আপাততঃ ভাৰতত আশ্ৰয় লৈছে। হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা দেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ চলি আহিছে। বিশেষকৈ হিন্দুৰ ঘৰ-দুৱাৰ আৰু সম্পত্তিৰ ওপৰত আক্ৰমণ কৰা হৈছে। হিন্দু মন্দিৰ ধ্বংস কৰাৰো অভিযোগ উত্থাপন হৈছে।

নতুন দিল্লীয়ে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। কিন্তু ইউনুছে এই সন্দৰ্ভত মোডীক আশ্বাস দিছে। ভৱিষ্যতেও দুয়োখন দেশৰ মাজৰ বন্ধন সুদৃঢ় কৰি ৰখাৰ বাবেও তেওঁ আগ্ৰহী।

ইফালে ডাচ প্ৰধানমন্ত্ৰী ডিক শ্বুফে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক শুভেচ্ছা জনায়। বাংলাদেশত নিৰ্বাচনৰ আহ্বান জনাই এখন পত্ৰত তেওঁ লিখিছে, ‘সকলো ক্ষেত্ৰতে সফলতা কামনা কৰিলোঁ। গণতান্ত্ৰিক নিৰ্বাচনৰ বাবে বাংলাদেশ সাজু হোৱা উচিত। দুয়োখন দেশৰ মাজত দীৰ্ঘস্থায়ী দ্বিপাক্ষিক সম্পৰ্কৰ বাবে মই আশাবাদী।‘

লগতে পঢ়কঃ ‘চুটি কাপোৰত এনেয়ে বহুৱাই ৰাখিছিল বিবেক অগ্নিহোত্ৰীয়ে’; গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰীৰ

আনহাতে, দক্ষিণ কোৰিয়াই ইউনুছৰ নেতৃত্বত ২১ জনীয়া অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে কাম কৰিব বিচাৰিছে। শুকুৰবাৰে সেই দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, “দক্ষিণ কোৰিয়া আশাবাদী যে অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত শান্তি-শৃংখলা ক্ষিপ্ৰতাৰে ঘূৰাই আনিব। দক্ষিণ কোৰিয়াই বাংলাদেশৰ সৈতে সম্পৰ্ক আগুৱাই নিয়াৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।” 

Recent News

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

মহিলাতকৈ পুৰুষ ওখ হয় কিয়? উত্তৰ বিচাৰি পালে বিজ্ঞানীসকলে

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

কেৰালা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: ট্ৰেন্স দম্পতীক জন্মৰ প্ৰমাণ পত্ৰত ‘অভিভাৱক’ হিচাপে স্বীকৃতি

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

ভাৰতৰ জাতীয় ভাষা কি? সাংসদ কানিমোঝিৰ স্তম্ভিত কৰা উত্তৰ! কি ক’লে DMKৰ সাংসদগৰাকীয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd