• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোডীৰ আমন্ত্ৰণৰ প্ৰতি সঁহাৰি! দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিলে ইউনুছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 18, 2024 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীত আয়োজন কৰা হৈছিল তৃতীয় ভইচ অৱ দ্য গ্ল’বেল চাউথ ছামিট। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ভাৰ্চুৱেলি এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰে। শুকুৰবাৰেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনুছৰ সৈতে ফোনত বাৰ্তালাপ কৰে। তেতিয়াই মোদীয়ে তেওঁক এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিল।

শুকৰবাৰে মোডী আৰু ইউনুছে বাংলাদেশৰ হিন্দু সংখ্যালঘুৰ নিৰাপত্তাৰ কথা পাতে। মুখ্য উপদেষ্টাগৰাকীয়ে দেশৰ সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ আশ্বাস দিয়ে। ফোনত বাৰ্তালাপত মোদীয়ে ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দন জনায়।

ইয়াৰ পিছতে মোডীয়ে তেওঁক এই সন্মিলনলৈ আমন্ত্ৰণ কৰে। সেই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি জনাই শনিবাৰে মুখ্য উপদেষ্টা ইউনুছে ঢাকাৰ পৰা অনলাইনযোগে শীৰ্ষ সন্মিলনত যোগদান কৰে। অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে তেওঁ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰে।

Apply Now

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ; অন্ধ্ৰপ্ৰদেশৰ বাবে উত্থাপন কৰিলে বৃহৎ দাবী

যোৱা ৫ আগষ্টত গণ প্ৰতিবাদৰ বাবে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। দেশ এৰি তেওঁ আপাততঃ ভাৰতত আশ্ৰয় লৈছে। হাছিনাৰ চৰকাৰৰ পতনৰ পিছৰে পৰা দেশত হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত আক্ৰমণ চলি আহিছে। বিশেষকৈ হিন্দুৰ ঘৰ-দুৱাৰ আৰু সম্পত্তিৰ ওপৰত আক্ৰমণ কৰা হৈছে। হিন্দু মন্দিৰ ধ্বংস কৰাৰো অভিযোগ উত্থাপন হৈছে।

নতুন দিল্লীয়ে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। কিন্তু ইউনুছে এই সন্দৰ্ভত মোডীক আশ্বাস দিছে। ভৱিষ্যতেও দুয়োখন দেশৰ মাজৰ বন্ধন সুদৃঢ় কৰি ৰখাৰ বাবেও তেওঁ আগ্ৰহী।

ইফালে ডাচ প্ৰধানমন্ত্ৰী ডিক শ্বুফে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক শুভেচ্ছা জনায়। বাংলাদেশত নিৰ্বাচনৰ আহ্বান জনাই এখন পত্ৰত তেওঁ লিখিছে, ‘সকলো ক্ষেত্ৰতে সফলতা কামনা কৰিলোঁ। গণতান্ত্ৰিক নিৰ্বাচনৰ বাবে বাংলাদেশ সাজু হোৱা উচিত। দুয়োখন দেশৰ মাজত দীৰ্ঘস্থায়ী দ্বিপাক্ষিক সম্পৰ্কৰ বাবে মই আশাবাদী।‘

লগতে পঢ়কঃ ‘চুটি কাপোৰত এনেয়ে বহুৱাই ৰাখিছিল বিবেক অগ্নিহোত্ৰীয়ে’; গুৰুতৰ অভিযোগ অভিনেত্ৰী তনুশ্ৰীৰ

আনহাতে, দক্ষিণ কোৰিয়াই ইউনুছৰ নেতৃত্বত ২১ জনীয়া অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে কাম কৰিব বিচাৰিছে। শুকুৰবাৰে সেই দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে, “দক্ষিণ কোৰিয়া আশাবাদী যে অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশত শান্তি-শৃংখলা ক্ষিপ্ৰতাৰে ঘূৰাই আনিব। দক্ষিণ কোৰিয়াই বাংলাদেশৰ সৈতে সম্পৰ্ক আগুৱাই নিয়াৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।” 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd