কোভিড প’জিটিভ বাংলাদেশী ক্ৰিকেটাৰ মোশ্ৰাফ হুছেইন

মোশ্ৰাফ হুছেইন

কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে বাংলাদেশী ক্ৰিকেটাৰ মোশ্ৰাফ হুছেইন।

কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হোৱা ক্ৰিকেটাৰ গৰাকী বৰ্তমান সময়ত নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে।

ইয়াৰ পূৰ্বে তেওঁৰ পিতৃ কোভিড-১৯ত আক্ৰান্ত হৈছিল।

”পূৰ্বে মোৰ পিতৃ কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছিল আৰু তেওঁক চি এম এইচ হস্পাতালৰ আই চি য়ুত ৰখা হৈছিল,” মোশ্ৰাফ হুছেইনে কয়।

পিতৃ কোভিড প’জিটিভ হোৱাৰ পাছত ক্ৰিকেটাৰ পুত্ৰৰ শৰীৰতো কোভিডৰ লক্ষণে দেখা দিয়াত তেওঁ কোভিডৰ পৰীক্ষা কৰে আৰু পৰীক্ষাত ফলাফল প’জিটিভ আহে।

আনহাতে, ক্ৰিকেটাৰ গৰাকীয়ে তেওঁৰ পত্নী আৰু সন্তানৰ ক’ৰ’নাৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহা বুলিও জানিবলৈ দিয়ে।

৩৮ বছৰীয়া ক্ৰিকেটাৰ গৰাকীয়ে বিগত বৰ্ষত ব্ৰেইন টিউমাৰৰ ভোগা বুলি নিশ্চিত হৈছিল আৰু তেতিয়াৰ পৰা চিকিৎসা অব্যাহত আছে।

কোভিড আক্ৰান্ত হলেও ইয়াৰ পৰা সুস্থ হৈ উঠাৰ পাছতে বাংলাদেশৰ ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে হুছেইনে।