• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰক, গোপনে নোহোৱা হৈ আছে অসমৰ গ্ৰাহকৰ ধন

ইউক’ বেংকৰ ডিব্ৰুগড় শাখাৰ ৩জন জ্যেষ্ঠ নাগৰিকৰ একাউণ্টৰ পৰা নোহোৱা হৈছে মুঠ ৩৫ লাখ টকা। এই সন্দৰ্ভত যোৱা ২৯ ছেপ্তেম্বৰত মদন মোহন গোস্বামী নামৰ এজন অধ্যাপকে ডিব্ৰুগড় থানাত এটা গোচৰ (নং ১৫৪৭/১৮) ৰুজু কৰাৰ বিপৰীতে বৃ্হস্পতিবাৰে পুনৰ একে অভিযোগেৰে আন এটা গোচৰ (১৫৭৮/১৮) পঞ্জীয়ন কৰিছে আৰ এন গাড়োদিয়া নামৰ এজন ব্যৱসায়ীয়ে।

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
October 4, 2018 8:32 pm
uco bank

ইউক’ বেংকৰ ডিব্ৰুগড় শাখা। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমস্থিত ইউক’ বেংকত জমা ৰখা ধন বেংকটোৰ হায়দৰাবাদ আৰু চেন্নাইত থকা শাখাৰ পৰা গ্ৰাহকৰ নামত আন কোনো লোকে চে’কযোগে উলিয়াই নি থকাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।

ইউক’ বেংকৰ ডিব্ৰুগড় শাখাৰ ৩জন জ্যেষ্ঠ নাগৰিকৰ একাউণ্টৰ পৰা নোহোৱা হৈছে মুঠ ৩৫ লাখ টকা। এই সন্দৰ্ভত যোৱা ২৯ ছেপ্তেম্বৰত মদন মোহন গোস্বামী নামৰ এজন অধ্যাপকে ডিব্ৰুগড় থানাত এটা গোচৰ (নং ১৫৪৭/১৮) ৰুজু কৰাৰ বিপৰীতে বৃ্হস্পতিবাৰে পুনৰ একে অভিযোগেৰে আন এটা গোচৰ (১৫৭৮/১৮) পঞ্জীয়ন কৰিছে আৰ এন গাড়োদিয়া নামৰ এজন ব্যৱসায়ীয়ে।

ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোস্বামীয়ে আৰক্ষীৰ ওচৰত দাখিল কৰা অভিযোগৰ পিছতে পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। ৭৫ বছৰীয়া লোকজনৰ একাউণ্টৰ পৰা অন্তৰ্ধান হৈছে ১০.৮ লাখ টকা।

“ইউক’ বেংকৰ হায়দৰাবাদস্থিত এটা শাখাৰ পৰা এখন চে’কযোগে গোস্বামীৰ ধনখিনি উলিয়াই নিয়া হৈছে,” বেংকৰ অভ্যন্তৰীণ তদন্তত প্ৰকাশ।

লক্ষণীয়ভাৱে ধনখিনি হস্তান্তৰৰ পূৰ্বে হায়দৰাবাদস্থিত শাখাটোৰ পৰিচালকজনে গোস্বামীৰ ফ’নত চেকখন তেওঁৰ হয়নে নিশ্চিত কৰিছিল। কিন্তু সেইদিনাখন গোস্বামীৰ ফ’ন নম্বৰটো স্বয়ংক্ৰিয়ভাৱে ‘ব্লক’ হৈ আছিল।

“মই ধন উলিয়াই নিয়াক লৈ কোনো ফ’ন পোৱা নাছিলো। কেনেকে হ’ল নাজানো। কিন্তু মোৰ ফ’নটো সেইদিনা নিজে নিজে ব্লক হৈ আছিল,” নৰ্থ ইষ্ট নাও-ক জনালে গোস্বামীয়ে।

গোস্বামীয়ে জনাই যে পিছদিনা তেওঁ দুপ্লিকে’ট চিম কাৰ্দ এখন উলিয়াওতে এই ধনখিনি উলিয়াই নিয়া বুলি মেছেজটো লাভ কৰিছিল।

আনহাতে ঘটনাটোৰ পিছতে বেংকটোৰ ডিব্ৰুগড় শাখাই কৰা অভ্যন্তৰীণ তদন্তত ৩ অক্তোবৰত পুনৰ পোহৰলৈ আহে একেধৰণৰ আন দুটা ঘটনা। ডিব্ৰুগড়ৰে ব্যৱসায়ী আৰ কে গাড়োদিয়া আৰু বিশ্বেশ্বৰ চক্ৰবৰ্তী নামৰ আন দুজন লোকৰ একাউণ্টৰ পৰাও ক্ৰমে ১৫ লাখ আৰু ১০.৮ লাখ টকা হৰলুকি হৈছে। গোস্বামীৰ দৰে একেধৰণেৰেই এই দুজন গ্ৰাহকৰ ধন উলিয়াই নিয়া হৈছে ইউক’ বেংকৰ চেন্নাইস্থিত এটা শাখাৰ পৰা।

লগতে পঢ়ক– ষ্টে’ট বেংক শাখাৰ সৈতে জিলা প্ৰশাসনৰ সকলো লেন-দেন বাতিল!

অধ্যাপক গোস্বামীৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০ নং ধাৰাত আৰু ব্যৱসায়ী গাড়োদিয়াৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪৬৭, ৪৬৮ ধাৰাত দুটা গোচৰ পঞ্জীয়ন কৰা হৈছে। আনজন ব্যক্তি বিশ্বেশ্বৰ চক্ৰবৰ্তীয়ে বৃ্হস্পতিবাৰলৈকে অভিযোগ দাখিল কৰা নাই।

‘‘গোস্বামীৰ এজাহাৰৰ জৰিয়তেই প্ৰথমে ঘটনাটো পোহৰলৈ আহে। আমি ঘটনা তিনিটাৰ তদন্ত আৰম্ভ কৰিছো,” বেংকৰ লোক জৰিত থকা নথকা সন্দৰ্ভত এতিয়াই একো মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি এই মন্তব্য ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধেশ্বৰ বৰাৰ।

বেংকৰ পৰা ধন নোহোৱাত ক্ষোভ প্ৰকাশ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক গোস্বামীয়ে কয়, “বেংকতে ধন নিৰাপদ নহ’লে কেনেকৈ হ’ব? এয়া মোৰ কষ্টৰ ধন আৰু যেনেকৈ হ’লেও বেংকে মোক ঘূৰাই দিব লাগিব।”

আনহাতে যদি ঠগবাজি হৈছে তেন্তে গ্ৰাহককেইজনক ধন ঘূৰাই দিয়া হ’ব বুলি নিশ্চিতি দিয়াৰ লগতে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে বেংক কৰ্তৃপক্ষই। ‘আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছো।

চেন্নাই আৰু হায়দৰাবাদৰ যিকেইটা শাখাৰ পৰা ধনখিনি উলিয়াই নিছিল তাতো তেওঁলোকে তদন্ত কৰিছে,” নৰ্থ ইষ্ট নাও-ক জনালে ডিব্ৰুগড়স্থিত শাখাৰ পৰিচালক আচাৰ্জি সোণোৱালে।

অভীক চক্ৰবৰ্তী

অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm
বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd