NORTHEAST NOW (Assamese)

হোলীগীতেৰে মুখৰিত সত্ৰনগৰী বৰপেটা; কাইলৈৰ পৰা দৌল মহোৎসৱ

March 19, 2019 6:39 pm · পুলেন্দ্ৰ দাস

ৰঙৰ উৎসৱ ফাকুৱাক কেন্দ্ৰ কৰি সত্ৰনগৰী বৰপেটাত ইতিমধ্যে উৎসৱ মুখৰ পৰিৱেশ আৰম্ভ হৈছে।  বৰপেটাৰ প্ৰাণ হিচাপে বিবেচিত দৌল মহোৎসৱৰ অন্যতম আকৰ্ষণ হোলীগীতেৰে এতিয়া মুখৰিত হৈছে সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ।

বিগত কিছুদিন ধৰি বৰপেটাৰ ২২ খন হাটীত হোলীগীতৰ আখৰা চলাৰ লগতে হোলীগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় সদৌ অসম প্ৰাইজমানি হোলীগীত প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাত বৰপেটাৰ লগতে অইন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ আৰম্ভ হ’ব।

Related News