অশালীন প্ৰস্তাৱ দিয়া মহিলাগৰাকীৰ নাম কিয় ৰাজহুৱা নকৰিলে? ফেইচবুক লাইভত দুটা কাৰণ উল্লেখ বৰষাৰাণী বিষয়াৰ

“তেওঁ এগৰাকী মাতৃ। সন্তানটোৱে হয়তো এইবোৰ নাজানে। সন্তানটোৰ কোনো দোষ নাই”

Barasha Rani

১৯ অক্টোবৰত এজন অনা-অসমীয়া ব্যৱসায়ীৰ হৈ চিনাকি মহিলা এগৰাকীয়ে অশালীন প্ৰস্তাৱ আগ বঢ়োৱা বুলি অভিনেত্ৰী বৰষাৰাণী বিষয়াই নিজেই এটা ফেইচবুক পোষ্টত সদৰী কৰাৰ পিছত ইয়াৰ সৈতে কিছুমান কথা স্পষ্ট কৰিবলৈ আজি অভিনেত্ৰীগৰাকীয়ে ফেইচবুক লাইভত আহে।

ফোন যোগে উক্ত অশালীন প্ৰস্তাৱটো দিয়া মহিলাগৰাকীৰ নাম কিয় উল্লেখ নকৰিলে বা নকৰে তাৰ আজি কাৰণ ব্যাখ্যা কৰে।

১৯ অক্টোবৰৰ পোষ্টটোৰ পিছত “মহিলাগৰাকী আৰু ব্যৱসায়ীজনৰ নাম কিয় উল্লেখ কৰা নাই” বুলি বহুতো ছ’চিয়েল মিডিয়া য়ুজাৰে অভিনেত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল।

আজি ফেইচবুক লাইভত বৰষাৰাণী বিষয়াই কালিৰ পোষ্টটোক মহিলাক এক ক্ষুদ্ৰ সামগ্ৰী বুলি ভবা অসুস্থ মানসকিতাৰ লোকসকলৰ বাবে এটা “হুংকাৰ” আখ্যা দিয়ে।

আনহাতে অভিনয়, মডেলিঙলৈ আহিব বিচৰা ছোৱালীসকলক এই পোষ্টটোৰ জৰিয়তে সতৰ্ক কৰি দিব বিচাৰে বুলিও তেওঁ কয়।

মহিলাগৰাকীৰ নাম প্ৰকাশ নকৰাৰ দুটা কাৰণ তেওঁ উল্লেখ কৰিছে।

এটা হ’ল, মহিলাগৰাকী তেওঁৰ পেহীয়েকৰ লগত পঢ়া। পহীৰ লগৰ বাবেই সেই আৱেগটো দেখুৱাই বৰষাৰাণীক মহিলাগৰাকীয়ে বহুতো কামত নিছিল।

“মোৰ কৰ্মক তেওঁ শ্ৰদ্ধা কৰে আৰু ময়ো তেওঁৰ কামক শ্ৰদ্ধা”, বৰষাৰ মন্তব্য।

দ্বিতীয়টো কাৰণ হিচাপে তেওঁ কয়, ““মই আৱেগিক এইটো বিষয়টোত যে মই মাতৃ হ’ব নোৱাৰিলো। তেওঁ এগৰাকী মাতৃ। আৰু সন্তানটোৱে হয়তো এইবোৰ নাজানে। সন্তানটোৰ কোনো দোষ নাই। মাক যেনেকুৱাই নহওক সন্তানটোক কষ্ট দিব নোখোজো।”

মহিলাগৰাকীৰ বিষয়ে বৰষাৰাণীয়ে বিভিন্ন কথা শুনি আহিছিল বুলিও আজি আকৌ কয়।

“তেওঁ সৰু সৰু ছোৱালীবোৰক প্ৰলোভন দিয়ে বুলি কোৱা শুনি আহিছো। বিশ্বাস কৰা নাছিলো। কাৰণ সফল মহিলাৰ বিৰুদ্ধে বহুতে বহুত কয়”, অভিনেত্ৰীগৰাকীয়ে কয়।

লগতে পঢ়ক অভিনেত্ৰী বৰষাৰাণীলৈ অসম নিৱাসী ধনাঢ্য উত্তৰ ভাৰতীয় ব্যৱসায়ীৰ অশালীন প্ৰস্তাৱ

তেওঁ মহিলাগৰাকীক এনেকুৱা কথা ক’বলৈ যাতে আৰু কোনো ধৰণৰ সাহস নকৰে, তাৰ বাবে সাৱধান কৰি দিয়ে। ছোৱালী তথা নাৰীসকলকো এওঁলোকক উৎসাহিত নকৰিবলৈ অনুৰোধ কৰে।

“স্বামীসকলৰ জীৱনক ধ্বংস নকৰিব” বুলি মহিলাগৰাকীক সকীয়াই দিয়ে অভিনেত্ৰীগৰাকীয়ে।

অভিনেত্ৰীগৰাকীক বিদেশ ভ্ৰমণলৈ নিব খোজা ব্যৱসায়ীজনৰ দৰে মানুহবোৰক “বেমাৰী মানসিকতাৰ” বুলি কৈ কয়, “সকলো মহিলাক সহজলভ্য বুলি নাভাবিব”।

আনহাতে নিজৰ মুম্বাইত কেৰিয়াৰ গঢ়াৰ প্ৰয়াসত হোৱা অবাঞ্ছিত অভিজ্ঞতাৰ কথাও কয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ ২০০১ চনত মুম্বাইলৈ গৈ তাৰ কাষ্টিং ডিৰেক্টৰৰ অশালীন প্ৰস্তাৱৰ সন্মুখীন হোৱা বুলি স্বীকাৰ কৰে।

১৯ অক্টোবৰত অশালীন প্ৰস্তাৱ দিয়া পৰিচিত মহিলাগৰাকীৰ ফোনকলটো টেকনিকেল ন’লেজ নোহোৱা বাবে কল ৰেকৰ্ডিং কৰিব নোৱাৰিলে বুলিও কয় অভিনেত্ৰীগৰাকীয়ে।

১৯ অক্টোবৰত মহিলাগৰাকীয়ে এজন অনা-অসমীয়া ধনী ব্যৱসায়ীয়ে অভিনেত্ৰীগৰাকীক বিদেশ ভ্ৰমণলৈ নিব খোজে বুলি প্ৰস্তাৱ আগ বঢ়াইছিল, যিটো ফেইচবুকৰ এটা পোষ্টত অভিনেত্ৰীগৰাকীয়ে অলপ পিছতে ৰাজহুৱা কৰিছিল।