• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোধ্ৰা কাণ্ডৰ ছাঁ! কিয় বাৰে বাৰে উঠি আহিছে মোদীৰ নাম? কি আছে BBC-ৰ তথ্যচিত্ৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2023 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোধ্ৰা হিংসাত্মক কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত আছিল! গুজৰাট হিংসাত্মক কাণ্ডৰ বাবে তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে দায়ী! উক্ত কাণ্ডত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে জড়িত থকাৰ প্ৰমাণ আছে! সেই হিংসাত্মক কাণ্ড মুছলমানৰ বিৰুদ্ধে পদ্ধিতগত আক্ৰমণ তথা অভিযান আছিল! মুছলমান মহিলাৰ ওপৰত ব্যাপক আৰু পদ্ধতিগত ধৰ্ষণ চলোৱা হৈছিল! হিংসাৰ পৰিসৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাতকৈ অধিক ভয়ংকৰ আছিল! হিন্দু অঞ্চলৰ পৰা মুছলমানক পৰিষ্কাৰ অৰ্থাৎ মুছলমানমুক্ত কৰাৰ উদ্দেশ্য আছিল! এই সকলোবোৰ তেতিয়াৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জ্ঞাতসাৰে ঘটিছিল!

দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগোৱা এই বিস্ফোৰক অভিযোগবোৰ আমাৰ নহয়। এই বিস্ফোৰক অভিযোগ কৰিছে ব্ৰিটিছ ব্ৰডকাষ্টিং ক’ৰ্পৰেচন, চমুকৈ BBC-য়ে। BBC-য়ে ২০০২ চনৰ গুজৰাটৰ গোধ্ৰা হিংসাত্মক কাণ্ডৰ ওপৰত দুটা খণ্ডৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। এই তথ্য চিত্ৰতে ব্ৰিটিছ সংবাদ সংস্থাটোৱে ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে এই গুৰুতৰ তথা বিস্ফোৰক অভিযোগসমূহ কৰিছে।

লগতে পঢ়ক: নেতাজীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি আৰ এছ এছৰ: সতৰ্কবাণী নেতাজীৰ কন্যাৰ

Apply Now

উল্লেখ্য যে ২০০২ চন ২৭ ফেব্ৰুৱাৰিত অয্যোধাৰ পৰা আহমদাবাদলৈ এখন ৰে’লৰ দবাত গুজৰাটৰ গোধ্ৰাত অগ্নিসংযোগ কৰা হৈছিল য’ত কৰ সেৱকৰ দলে যাত্ৰা কৰিছিল। উক্ত অগ্নিকাণ্ডত শিশু, মহিলাসহ ৫৯ গৰাকী লোক অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰিয়েই গুজৰাটত সূত্ৰপাত হৈছিল গোধ্ৰাৰ ভয়ংকৰ হিংসাত্মক কাণ্ড।

লগে লগে গুজৰাটত সাম্প্ৰদায়িক সংঘৰ্ষৰ সূচনা হয়। অভিযোগ অনুসৰি হিন্দুৱে মুছলমানৰ ওপৰত হিংসাত্মক প্ৰতিশোধমূলক আক্ৰমণ আৰম্ভ কৰে। প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি এই হিংসাত্মক সাম্প্ৰদায়িক সংৰ্ঘষত ৭৯০ গৰাকী মুছলমান আৰু ২৫৪ গৰাকী হিন্দু লোকৰ মৃত্যু হৈছিল। ইফালে অন্যান্য সূত্ৰৰ উৎস অনুসৰি ২০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল। নিৰুদ্দেশ হৈছিল ২২৩ গৰাকী আৰু আহত হৈছিল ২৫০০ ৰো অধিক লোক।

সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী। সেয়ে BBC-য়ে India: The Modi Question শীৰ্ষক দুটা খণ্ডত গুজৰাটৰ হিংসাত্মক কাণ্ডৰ ওপৰত প্ৰস্তুত কৰা তথ্য চিত্ৰত এতিয়াৰ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষভাৱে দায়ী বুলি অভিযোগ কৰিছে। তথ্য চিত্ৰখনৰ প্ৰথমটো খণ্ডত এতিয়ালৈকে প্ৰকাশ নকৰা ব্ৰিটেইনৰ চৰকাৰী প্ৰতিবেদন এখন বিতংভাৱে দেখুওৱাই কোৱা হৈছে যে গোধ্ৰা কাণ্ডৰ বাবে নৰেন্দ্ৰ মোদী প্ৰত্যক্ষভাৱে দায়ী। তথ্য চিত্ৰখনৰ দাবী-

সংঘৰ্ষৰ নামত ইচ্ছাকৃতভাৱে মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছিল! সংঘৰ্ষটো ৰাজনৈতিকভাৱে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছিল! কট্টৰ হিন্দুত্ববাদী সংগঠন আৰএছএছ আৰু বিশ্ব হিন্দু পৰিষদ সদ্যসকল জড়িত আছিল! আক্ৰমণকাৰীৰ বিৰুদ্ধে মোদীৰ আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰু তৎপৰতা লোৱা নাছিল!  এই ক্ষেত্ৰত আৰক্ষীক বাধা প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে! এইদৰে মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৌনতাৰে আক্ৰমণকাৰীক উৎসাহিত কৰিছিল! মোদীৰ মন্ত্ৰীসকলেও হিংসাক প্ৰশ্ৰয় দি জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক হিংসাত্মক কাণ্ডক হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ নিছিল! আৰক্ষীয়ে হস্তক্ষেপ কৰা হ’লে হিংসাত্মক কাণ্ডৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণলৈ আহিলহেঁতেন!

লগতে পঢ়ক: সমকামী ন্যায়াধীশ নিযুক্তিত বাধা দি উচ্চতম ন্যায়ালয়ত মুখথেকেচা খালে কেন্দ্ৰই

BBC-ৰতথ্য চিত্ৰখনত এইবোৰ বিস্ফোৰক অভিযোগ কৰি তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ বৈদেশিক সচিব জন হুৱাইটকাৰ ষ্ট্ৰ’ৰ মন্তব্য লোৱা হৈছে। ব্ৰিটেইনৰ প্ৰাক্তন বৈদেশিক সচিব ষ্ট্ৰ’ৱে কয় যে ব্ৰিটেইন চৰকাৰৰ নিজাববীয়াকৈ তদন্তৰ ফল হৈছে উক্ত ব্ৰিটিছ চৰকাৰ প্ৰতিবেদনখন। সেই তদন্ত কাৰ্য আৰু ইয়াৰ প্ৰতিবেদনখন তেওঁৰ বিশেষ তত্বাৱধানতে অতি পুংখানুপুংখভাৱে সম্পন্ন কৰা বুলিও কয় প্ৰাক্তন ব্ৰিটিছ বৈদেশিক মন্ত্ৰীগৰাকীয়ে। তেওঁ স্পষ্টভাৱে কৈছে যে, “মুখ্যমন্ত্ৰী মোদীয়ে আৰক্ষীক পিছুৱাই নিয়াৰ ক্ষেত্ৰত আৰু উগ্ৰ হিন্দুত্ববাদীসকলক মৌনভাৱে উৎসাহিত কৰাত যথেষ্ট সক্ৰিয় ভূমিকা পালন কৰিছিল।”

উল্লেখ্য যে গুজৰাট হিংসাত্মক কাণ্ডৰ বাবেই ব্ৰিটিছ চৰকাৰে নৰেন্দ্ৰ মোদীক ২০০২ চনৰ পৰা কূটনৈতিকভাৱে বৰ্জন কৰি আহিছিল। যি নিষেধাজ্ঞা ২০১২ চনতহে ব্ৰিটিছ চৰকাৰে উঠাই লৈছিল।

ইফালে তথ্য চিত্ৰখনত নাম প্ৰকাশত অনিচ্ছুক এগৰাকী প্ৰাক্তন ব্ৰিটিছ কুটনীতিবিদে দাবী কৰিছে যে গোধ্ৰা হিংসাত্মক কাণ্ডত অতি ক’মেও ২০০০ লোকক হত্যা কৰা হৈছে। তাৰে অধিক সংখ্যক হৈছে মুছলমান সম্প্ৰদায়ৰ।

BBC-ৰ এই তথ্য চিত্ৰখনৰ প্ৰথম খণ্ডটো প্ৰকাশ কৰাৰ লগে লগে ভাৰত আৰু ব্ৰিটেইনৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে। ইমানেই নহয় দ্বিতীয় খণ্ডটো প্ৰকাশ হোৱাৰ পূৰ্বে প্ৰথম খণ্ডটোৰ প্ৰচাৰ এতিয়া কেৱল ব্ৰিটেইনতে সীমাৱদ্ধ কৰা হৈছে। প্ৰথমাৱস্থাত ভাৰততো তথ্যচিত্ৰখন উপলব্ধ হৈছিল যদিও এতিয়া তথ্যচিত্ৰখন ভাৰতত উপলব্ধ নহয়।

ইফালে গুজৰাট কাণ্ডক লৈ BBC-ৰ দুটা খণ্ডৰ তথ্য চিত্ৰখন মুকলি হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমৰ্থন কৰি কেন্দ্ৰই কৈছে যে তথ্যচিত্ৰখন ঔপনিৱেশিক মনোবৃত্তিৰে নিৰ্মাণ কৰা হৈছে।

লগতে পঢ়ক:অষ্ট্ৰেলিয়াত আৱিষ্কৃত বিশাল আকৃতিৰ ভেকুলী; নাম দিয়া হৈছে ‘টোডজিলা’

ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে সংবাদ মাধ্যমৰ আগত কয় যে এই তথ্যচিত্ৰখন এখন ‘প্ৰপাগ’ণ্ডা, যিখন এক বিশেষ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে। 

BBC-ৰ তথ্যচিত্ৰখনৰ এই বিস্ফোৰক অভিযোগবোৰে এইটোকে প্ৰমাণ কৰিছে যে দেশৰ উচ্চতম ন্যায়ালয়ে গোধ্ৰা হিংসাত্মক কাণ্ডত প্ৰধানমন্ত্ৰী মোদীক ক্লীনশ্বিট দিলেও আন্তঃৰাষ্ট্ৰীয় মঞ্চত এতিয়াও কলংকমুক্ত হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd