• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আই পি এলৰ বাবে UAE-ক কিমান টকা দিছিল BCCI-এ? আপুনি জানিলে আচৰিত হ’ব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 16, 2020 5:56 pm

2 min read

আই পি এলৰ বাবে UAE-ক কিমান টকা দিছিল BCCI-এ? আপুনি জানিলে আচৰিত হ’ব

প্ৰতিনিধিত্বমূলক চিত্ৰ

69.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ বাবে যেতিয়া আই পি এল ২০২০ এক অনিশ্চয়তাৰ অৱস্থাত আছিল, তেতিয়াই সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতিযোগিতাখন য়ুনাইটেড আৰব এমিৰেটছ চমুকৈ য়ু এ ইত অনুষ্ঠিত হ’ব।

শেষত, ২০২০ বৰ্ষৰ আই পি এল তাতেই অনুষ্ঠিত হয় আৰু সুকলমে সমাপনো ঘটে।

প্ৰতিযোগিতাখনৰ সফল পৰিসমাপ্তিৰ পিছত সকলোৱে জানিবলৈ উচ্ছুক যে আই পি এল অনুষ্ঠিত কৰাৰ বাবদ বি চি চি আইয়ে য়ু এ ই ক্ৰিকেট ব’ৰ্ডক কিমান পৰিমাণৰ ধণৰাশি প্ৰদান কৰিলে।

এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ পিছতে ‘মুম্বাই মিৰৰ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে এক নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতিৰে দাবী কৰিছে যে বি চি চি আইয়ে য়ু এ ই ক্ৰিকেট ব’ৰ্ডক ১৪ মিলিয়ন ডলাৰ প্ৰদান কৰিছে। অৰ্থাৎ ভাৰতীয় মতে এই ধনৰ পৰিমাণ হৈছে প্ৰায় ১০০ কোটি!

উল্লেখ্য যে, যেতিয়া মাৰ্চত ক’ৰ’নাৰ প্ৰকোপ বাঢ়িবলৈ আৰম্ভ কৰিছিল, বোৰ্ডে আৰম্ভণিতে প্ৰতিযোগিতাখন ১৪ এপ্ৰিললৈ স্থগিত কৰে।

কিন্তু ভাইৰাছৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাব ধৰাত ২০২০ চনৰ আই পি এল অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছিল।

প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব নোৱাৰিলে বি চি চি আইয়ে ৪,০০০ কোটি টকা লোকচানৰ সন্মুখীন হ’ব লাগিব। সেয়েহে বোৰ্ডে ভাৰতৰ বিপৰীতে বিকল্প দেশৰ সন্ধান আৰম্ভ কৰি দিয়ে।

আই পি এল অনু্ষ্ঠিত কৰাৰ বাবে প্ৰথমটো প্ৰস্তাৱ আহিছিল য়ু এ ইৰ পৰা। শ্ৰীলংকা ক্ৰিকেট বোৰ্ডেও ইয়াৰ বাবে আগবাঢ়ি আহিছিল।

বহু জল্পনা কল্পনাৰ অন্তত ভাৰতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰি য়ু এ ই ক্ৰিকেট বোৰ্ডৰ প্ৰস্তাৱত সঁহাৰি দিছিল। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে য়ু এ ইত আই পি এলৰ প্ৰথম ২০খন মেচ অনুষ্ঠিত হৈছিল।

সফলতাৰে সম্পন্ন হোৱা ২০২০ বৰ্ষৰ আই পি এল শ্বাৰজাহ, আবুধাবি আৰু ডুবাইৰ ষ্টেডিয়ামত দৰ্শক অবিহনেই প্ৰায় দুমাহ ধৰি বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলক মনোৰঞ্জন প্ৰদান কৰিছিল।

উল্লেখ্য যে, এইবাৰেই শেষ নহয়, পৰৱৰ্তী বছৰৰ আই পি এলো য়ু এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে অৱশ্যে প্ৰতিযোগিতাখন নিজ দেশত হোৱাতো বিচাৰে। কিন্তু যদি পৰিস্থিতি অনুকূল নহয়, তেনেহ’লে মৰুৰ দেশতে পৰৱৰ্তী আই পি এল অনুষ্ঠিত হোৱাটো খাটাং।

ইয়াৰ উপৰি, ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া শৃংখলাটোও য়ু এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Recent News

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd