• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আই পি এলৰ বাবে UAE-ক কিমান টকা দিছিল BCCI-এ? আপুনি জানিলে আচৰিত হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 5:15 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ বাবে যেতিয়া আই পি এল ২০২০ এক অনিশ্চয়তাৰ অৱস্থাত আছিল, তেতিয়াই সিদ্ধান্ত লোৱা হৈছিল যে প্ৰতিযোগিতাখন য়ুনাইটেড আৰব এমিৰেটছ চমুকৈ য়ু এ ইত অনুষ্ঠিত হ’ব।

শেষত, ২০২০ বৰ্ষৰ আই পি এল তাতেই অনুষ্ঠিত হয় আৰু সুকলমে সমাপনো ঘটে।

Apply Now

প্ৰতিযোগিতাখনৰ সফল পৰিসমাপ্তিৰ পিছত সকলোৱে জানিবলৈ উচ্ছুক যে আই পি এল অনুষ্ঠিত কৰাৰ বাবদ বি চি চি আইয়ে য়ু এ ই ক্ৰিকেট ব’ৰ্ডক কিমান পৰিমাণৰ ধণৰাশি প্ৰদান কৰিলে।

এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ পিছতে ‘মুম্বাই মিৰৰ’ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে এক নিৰ্ভৰযোগ্য সূত্ৰৰ উদ্ধৃতিৰে দাবী কৰিছে যে বি চি চি আইয়ে য়ু এ ই ক্ৰিকেট ব’ৰ্ডক ১৪ মিলিয়ন ডলাৰ প্ৰদান কৰিছে। অৰ্থাৎ ভাৰতীয় মতে এই ধনৰ পৰিমাণ হৈছে প্ৰায় ১০০ কোটি!

উল্লেখ্য যে, যেতিয়া মাৰ্চত ক’ৰ’নাৰ প্ৰকোপ বাঢ়িবলৈ আৰম্ভ কৰিছিল, বোৰ্ডে আৰম্ভণিতে প্ৰতিযোগিতাখন ১৪ এপ্ৰিললৈ স্থগিত কৰে।

কিন্তু ভাইৰাছৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাব ধৰাত ২০২০ চনৰ আই পি এল অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছিল।

প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব নোৱাৰিলে বি চি চি আইয়ে ৪,০০০ কোটি টকা লোকচানৰ সন্মুখীন হ’ব লাগিব। সেয়েহে বোৰ্ডে ভাৰতৰ বিপৰীতে বিকল্প দেশৰ সন্ধান আৰম্ভ কৰি দিয়ে।

আই পি এল অনু্ষ্ঠিত কৰাৰ বাবে প্ৰথমটো প্ৰস্তাৱ আহিছিল য়ু এ ইৰ পৰা। শ্ৰীলংকা ক্ৰিকেট বোৰ্ডেও ইয়াৰ বাবে আগবাঢ়ি আহিছিল।

বহু জল্পনা কল্পনাৰ অন্তত ভাৰতে সাহসী সিদ্ধান্ত গ্ৰহণ কৰি য়ু এ ই ক্ৰিকেট বোৰ্ডৰ প্ৰস্তাৱত সঁহাৰি দিছিল। ইয়াৰ পূৰ্বে অৰ্থাৎ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে য়ু এ ইত আই পি এলৰ প্ৰথম ২০খন মেচ অনুষ্ঠিত হৈছিল।

সফলতাৰে সম্পন্ন হোৱা ২০২০ বৰ্ষৰ আই পি এল শ্বাৰজাহ, আবুধাবি আৰু ডুবাইৰ ষ্টেডিয়ামত দৰ্শক অবিহনেই প্ৰায় দুমাহ ধৰি বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলক মনোৰঞ্জন প্ৰদান কৰিছিল।

উল্লেখ্য যে, এইবাৰেই শেষ নহয়, পৰৱৰ্তী বছৰৰ আই পি এলো য়ু এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে অৱশ্যে প্ৰতিযোগিতাখন নিজ দেশত হোৱাতো বিচাৰে। কিন্তু যদি পৰিস্থিতি অনুকূল নহয়, তেনেহ’লে মৰুৰ দেশতে পৰৱৰ্তী আই পি এল অনুষ্ঠিত হোৱাটো খাটাং।

ইয়াৰ উপৰি, ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া শৃংখলাটোও য়ু এ ইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd