অভূতপূৰ্ব সিদ্ধান্ত! চেতন শৰ্মা নেতৃত্বাধীন নিৰ্বাচক সমিতিক বৰ্খাস্ত কৰিলে বিচিচিআইয়ে

BCCI sacks Team India’s entire selection committee ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)য়ে এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰিছে। বিচিচিআইয়ে কাৰ্যকাল শেষ হোৱাৰ আগতেই ৰাষ্ট্ৰীয় নিৰ্বাচক সমিতিৰ সকলো সদস্যক আঁতৰাই দিছে। ব’ৰ্ডে শীঘ্ৰেই এখন নতুন নিৰ্বাচক সমিতি গঠনৰ প্ৰস্তুতিও আৰম্ভ কৰিছে। তেওঁলোকে ১০ দিনৰ ভিতৰত নিৰ্বাচক হ’বলৈ ইচ্ছুক প্ৰাক্তন ক্ৰিকেটাৰসকলক আবেদন কৰিবলৈ অনুৰোধ কৰিছে। বিচিচিআইয়ে শুকুৰবাৰে আবেদন পত্ৰ বিচাৰি এখন জাননীও জাৰি কৰিছে।

টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ ব্যৰ্থতাৰ বাবে বোৰ্ডে এনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি বুজিপোৱা কঠিন নহয়। চেতন শৰ্মা নিৰ্বাচক কমিটিৰ মুৰব্বী থকাৰ সময়তে টীম ইণ্ডিয়াই ২০২১ চনৰ টি-২০ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হৈছিল। ভাৰতীয় দলটো টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাজিত হৈছিল। সেইদৰে, চলিত বৰ্ষৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়া ইংলেণ্ডৰ হাতত ১০ উইকেটত পৰাজিত হয়।

লগতে পঢ়ক: বৈদেশিক মন্ত্ৰালয়তে পাকিস্তানৰ গুপ্তচৰ! আৰক্ষীৰ জালত গাড়ী চালক

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডেও নতুন নিৰ্বাচক হোৱাৰ বাবে যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰিছে। ভাৰতৰ হৈ কমেও ৭ খন টেষ্ট খেলা প্ৰাক্তন ক্ৰিকেটাৰে ছিনিয়ৰ বাছনি সমিতিৰ সদস্য হ’ব পাৰে। যদি কোনোবাই কমেও ৩০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে, তেন্তে তেওঁৱো ৰাষ্ট্ৰীয় নিৰ্বাচক হ’ব পাৰে। যদি সেয়া নাথাকে, তেন্তে কমেও ১০ খন এদিনীয়া আন্তৰ্জাতিকৰ লগতে কমেও ২০ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা হ’ব লাগিব।

অৱশ্যে, আবেদনকাৰীয়ে কমেও পাঁচ বছৰ আগতে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’ব লাগিব। আবেদন ২৮ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ ভিতৰত কৰিব লাগিব।

বৰ্তমান, ছিনিয়ৰ টীম বাছনি সমিতিত চাৰিজন সদস্য আছিল। চেতন শৰ্মা উত্তৰ অঞ্চলৰ প্ৰতিনিধি আছিল। হৰবিন্দৰ সিং মধ্য অঞ্চলৰ নিৰ্বাচক আছিল। সুনীল যোশী দক্ষিণ অঞ্চলৰ প্ৰতিনিধি আছিল। দেৱশীষ মোহান্তি নিৰ্বাচন সমিতিত পূব অঞ্চলৰ প্ৰতিনিধি আছিল। আবে কুৰুভিলাৰ কাৰ্যকাল উকলি যোৱাৰ পিছত ৰাষ্ট্ৰীয় বাছনি সমিতিত পশ্চিম অঞ্চলৰ কোনো প্ৰতিনিধি নাছিল। বিচিচিআইয়ে পাঁচজন নিৰ্বাচকৰ বাবে বিজ্ঞাপন দিছে।

লগতে পঢ়ক: উত্তৰ কোৰিয়াৰ মিছাইল আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ডত আঘাত হানিবলৈ সক্ষম: জাপান

সাধাৰণতে নিৰ্বাচকসকলৰ কাৰ্যকাল চাৰি বছৰ। কিন্তু ইয়াৰ পিছতো ম্যাদ বঢ়াব পাৰি। অৱশ্যে সাম্প্ৰতিক সময়ত চেতন শৰ্মাহঁতৰ দৰে ইমান সোনকালে কোনেও নিৰ্বাচকপদ হেৰুৱাব লগা হোৱা নাই। চাৰিজন নিৰ্বাচকৰ কোনো কোনোৱে ২০২০ চনত যোগদান কৰিছিল। আন কোনোৱে ২০২১ চনত পুনৰ দায়িত্ব গ্ৰহণ কৰিছিল।