সোমবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত জোতা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হয়। উচচতম ন্যায়ালয়ৰ বাৰ কাউন্সিলে এই ঘটনাৰ অভিযুক্ত অধিবক্তাজনক নিলম্বন কৰে। অভিযুক্ত ন্যায়াধীশজন ৰাকেশ কিশোৰ।
সোমবাৰে পুৱা ভৰ্তি আদালতৰ কক্ষত মুখ্য ন্যায়াধীশ বি আৰ গাভাইক জোতা নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হয়। আনকি তেওঁ সনাতন ধৰ্মক লৈ শ্লোগান দিয়াও শুনা গৈছিল।
আদালতৰ সূত্ৰ অনুসৰি, কাৰণ দেখুৱাৰ জাননী পোৱাৰ ১৫ দিনৰ ভিতৰত অধিবক্তাই উত্তৰ দিব লাগিব। তেওঁৰ নিলম্বন কিয় জাৰি নাথাকিব আৰু কিয় তেওঁৰ বিৰুদ্ধে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা নহ’ব সেই বিষয়ে বুজাবলৈ তেওঁক কাৰণ দেখুৱাৰ জাননী জাৰি কৰা হ’ব।
উল্লেখ্য যে সোমবাৰৰ পৰা আদালতে কাম আৰম্ভ কৰিছিল মাত্ৰ। আৰু ইয়াৰ মাজতে এপাত জোতা উৰি আহিল মুখ্য ন্যায়াধীশৰ ফালে। এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ সৈতে। এই ঘটনাত তেওঁও স্তম্ভিত হৈ পৰে।
সূত্ৰ অনুসৰি সোমবাৰে আদালতৰ কাৰ্য্যবিধিৰ সময়ত এজন ব্যক্তিৰ বিৰুদ্ধে মুখ্য ন্যায়াধীশক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হয়। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে ব্যক্তিজনে ক’লা কাপোৰ পিন্ধিছিল। ধাৰণা কৰা হয় যে সম্ভৱতঃ তেওঁৱো এজন অধিবক্তা আছিল। অৱশ্যে এই বিষয়ত এতিয়াও স্পষ্টকৈ একো জানিব পৰা হোৱা নাই।
ইপিনে, উচ্চতম ন্যায়ালয়ৰ দৰে দেশৰ সৰ্বোচ্চ আদালতত এনে ঘটনা কেনেকৈ সংঘটিত হ’ব পাৰিলে আৰু লগতে উচ্চতম ন্যায়ালয়ৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ৰ নিৰাপত্তা বিভাগেও আদালতৰ ভিতৰত এনে ঘটনা সংঘটিত হোৱাৰ কাৰণৰ তদন্ত কৰি আছে।





