• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পেট্ৰ’ল-ডিজেল আৰু গেছ ব্যৱহাৰত মিত্যবয়ী হওক : দেশবাসীক বিশেষ অনুৰোধ প্ৰধানমন্ত্ৰী মোদীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 10, 2026 8:15 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ পৰিৱেশ আৰু তাৰ ফলত সৃষ্টি হোৱা সংকটৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীক এক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ দৰে ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সকলোকে অধিক সংযমী হ’বলৈ অনুৰোধ জনাইছে। তেওঁ উল্লেখ কৰে যে এই ধৰণৰ ইন্ধনৰ বাবে ভাৰত সম্পূৰ্ণৰূপে স্বাৱলম্বী নহয় আৰু দেশৰ প্ৰয়োজনীয় ইন্ধনৰ এক বৃহৎ অংশ বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়। সেয়েহে এই আমদানিকৃত সামগ্ৰীসমূহ অপচয় নকৰিবলৈ তেওঁ দেশবাসীৰ ওচৰত আৰ্জি জনাইছে। প্ৰধানমন্ত্ৰীৰ মতে ইন্ধনৰ সঠিক ব্যৱহাৰে যুদ্ধৰ ফলত সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ বিৰূপ প্ৰভাৱৰ পৰা দেশক ৰক্ষা কৰাত সহায় কৰিব।

দেওবাৰে হায়দৰাবাদত আয়োজিত এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। সেই অনুষ্ঠানৰ পৰাই তেওঁ ভাৰ্চুৱেল মাধ্যমেৰে তেলেংগানাত প্ৰায় ৯,৪০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও উপস্থিত আছিল। ভাষণ প্ৰসংগত মোদীয়ে পশ্চিম এছিয়াৰ বৰ্তমানৰ অস্থিৰতা আৰু পেট্ৰ’লজাত সামগ্ৰীৰ যোগানৰ ওপৰত পৰা প্ৰভাৱৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমান সময়ত পেট্ৰ’ল, ডিজেল আৰু গেছ অতি সাৱধানে আৰু যিমানখিনি প্ৰয়োজন সিমানখিনিহে ব্যৱহাৰ কৰা উচিত। এনে কৰিলে দেশৰ বৈদেশিক মুদ্ৰা ৰাহি হোৱাৰ লগতে বিশ্বজুৰি চলি থকা যুদ্ধৰ সংকটৰ প্ৰভাৱ আমাৰ দেশত কমকৈ পৰিব।

Apply Now

প্ৰণিধানযোগ্য যে পশ্চিম এছিয়াত যুদ্ধৰ পৰিৱেশ সৃষ্টি হোৱাৰ বাবে বিশেষকৈ হৰমুজ প্ৰণালীৰ দৰে গুৰুত্বপূৰ্ণ জলপথেৰে ইন্ধন সৰবৰাহৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছিল। আন্তৰ্জাতিক বাণিজ্যৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই পথছোৱাত অশান্তিৰ সৃষ্টি হোৱাৰ বাবে সমগ্ৰ বিশ্বতে ইন্ধনৰ যোগানত বাধা আহি পৰিছিল। ভাৰততো ইয়াৰ কিছু প্ৰভাৱ পৰিছিল যদিও চৰকাৰে পৰিস্থিতি বহু পৰিমাণে চম্ভালিবলৈ সক্ষম হৈছে। এনে এক স্পৰ্শকাতৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ইন্ধন ৰাহি কৰিবলৈ দিয়া এই বাৰ্তাই বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd