NORTHEAST NOW (Assamese)

ৰাকুৰ দাৰ দৰে Wondrous Army হওক আৰু ক’ৰ’নাক প্ৰতিহত কৰক : নগাঁও আৰক্ষীৰ অভিনৱ প্ৰচাৰ

May 19, 2020 8:50 pm · এন ই নাও নিউজ

সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো মাহামাৰী ক’ৰ’নাই সন্ত্ৰাস সৃষ্টি কৰিছে।

ইতিমধ্যে ভাৰতত প্ৰায় ১ লাখৰো অধিক মানুহ এই মহামাৰী ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে।

সমগ্ৰ দেশত মৃত্যু ঘটিছে ৩,১৬৩ জন কোভিড১৯ আক্ৰান্তৰ।

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ ল’কডাউন।

তথাপিও কিছু ক্ষেত্ৰত দেখা গৈছে জনসাধাৰণৰ সজাগতাৰ অভাৱ।

এই সংকটৰ সময়ত জনগণৰ সতৰ্কতাইহে কোভিড১৯ক প্ৰতিৰোধ কৰিব পৰা যাব।

তেনে সময়তে নগাঁও আৰক্ষীয়ে জনসাধাৰণক সজাগ তথা সচেতন কৰি তুলিবলৈ এক অভিনৱ পন্থা হাতত লোৱা দেখা গৈছে।

নগাঁৱৰ আৰক্ষীয়ে ৰাজকুমাৰ ঠাকুৰীয়াৰ Wondrous Armyৰ আৰ্হিত এক প’ষ্টাৰ প্ৰস্তুত কৰি প্ৰচাৰৰ দ্বাৰা জসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা দেখা গৈছে।

নগাঁও আৰক্ষীৰ অফিচিয়েল টুইটাৰ একাউন্টত প’ষ্টাৰখন টুইট কৰি লিখিছে, ‘ঘৰত ক’ৰ’না প্ৰৱেশ কৰা আগতেই মাস্ক, চাবোন, বীজাণুনাশক আৰু শৃংখলাৱদ্ধ সামাজিক দূৰত্বৰ দ্বাৰা সুসজ্জিত হৈ আমাৰ Wondrous Army হওক।’

ৰাজকুমাৰ ঠাকুৰীয়াৰ Wondrous Armyৰ গেট আপৰ প’ষ্টাৰখনত মুখত মাস্ক আৰু হাতত বন্দুকৰ সলনি হেণ্ড চেনিটাইজাৰ লৈ থকা দেখা গৈছে।

নগাঁও আৰক্ষীৰ এই অভিনৱ প্ৰচাৰে চ’ছিয়েল মিডিয়াত চিত্তাকৰ্ষকভাৱে ভাইৰেল হোৱা পৰিলিক্ষিত হৈছে।

Related News