নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই বিজেপিৰ সৈতে মিত্ৰতা নহ’ল অগপৰ

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবেই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ সৈতে নহ’ল অগপৰ মিত্ৰতা। অসমক ক্ষতি কৰিব পৰা এই বিধেয়কখনক বিজেপিয়ে যাতে কোনো কাৰণতে গৃহীত কৰিব নোৱাৰে তাৰ বাবে অগপ দলে চৰকাৰৰ লগত থাকিও চেষ্টা চলাই আহিছে আৰু ভবিষ্যতে কৰি যাব।’ আজি এনেদৰে মন্তব্য কৰে অগপ দলৰ বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে।

অসম গণ পৰিষদ দলে বৰপেটা চহৰত আজি বিয়লি অনুষ্ঠিত কৰা সংবাদমেলত বৰপেটাৰ বিধায়ক গৰাকীয়ে কয়, ‘অসমৰ প্ৰতিটো দল-সংগঠনে আপত্তি জনোৱা পিছতো বিপেজি দলে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন জনোৱাৰ বাবে সমাগত পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।’

লগতে বিধায়ক গৰাকীয়ে কয় যে অসমৰ ৰাইজৰ মতামতক সন্মান জনাই পঞ্চায়ত নিৰ্বাচনত অগপ দলে বিজেপিৰ সৈতে মিত্ৰতা স্থাপন নকৰিলে।

দ্বিতীয় পৰ্যায়ত বৰপেটাত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা অৱগত কৰোৱাৰ উদ্দেশ্যে অনুষ্ঠিত সংবাদমেলত বৰপেটাৰ বিধায়ক গৰাকীয়ে জনায় যে বৰপেটা জিলাৰ ২৪ টা জিলা পৰিষদৰ ২০ টাত অগপ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব।

আৰু এই ২০ টা জিলা পৰিষদৰ ১২ টা জিলা পৰিষদত অগপ দলৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে বৰপেটাৰ বিধায়ক গৰাকীয়ে।

আজিৰ সংবাদমেলত অগপ দলৰ জিলা সম্পাদকদ্বয় ধনজিৎ পাঠক, চিত্ৰৰঞ্জন বৰ্মন আইন কোষৰ মনজিৎ দাস উপস্থিত থাকে।