• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ সাধনী কলাক্ষেত্ৰত আজিৰে পৰা মাহজোৰা কাৰ্যসূচীৰে মৌ-পালনৰ প্ৰশিক্ষণ কাৰ্যসূচী

মৌ-পালন কেৱল এটা বৃত্তি নহয়, পৰিবেশ সুৰক্ষাৰ সৈতে জড়িত এটা বিষয়ঃ উপায়ুক্ত

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
November 27, 2021 2:47 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰীৰ কৌশল ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় সেউজ কৌশল বিকাশ কাৰ্যক্ৰমৰ অধীনত আজিৰেপৰা গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত বনৰীয়া মৌ-পালন আৰু প্ৰকাৰণৰ এমহীয়া প্ৰমাণ-পত্ৰৰ এটা মাহজোৰা প্ৰশিক্ষণ আৰম্ভ হৈছে ।

অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ অন্তৰ্গত পৰিৱেশ তথ্য কেন্দ্ৰ (ENVIS Hub) ৰ উদ্যোগত আৰু মানৱ কল্যান উন্নয়ন পৰিষদৰ সহযোগত গ্ৰহণ কৰা এই কাৰ্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই অংশগ্ৰহণ কৰে ।

তেওঁ নিজৰ ভাষণত কয় যে এই প্ৰশিক্ষণৰ দ্বাৰা প্ৰশিক্ষাৰ্থীসকলে যে কেৱল এটা জীৱিকাৰ পথ উলিয়াব পাৰিব তেনে নহয়, বৰং তেওঁলোকে এটা সুস্থ জীৱনশৈলীৰো জ্ঞান লাভ কৰিব ।

Apply Now

ইউৰোপ, জাৰ্মানী আদি দেশৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে বৰ্তমান সময়ত মৌ-পালন এটা বৃহৎ পৰিসৰলৈ আগবাঢ়িছে । মৌ-পালন যিহেতু পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত বিষয়, সেয়ে ই উপাৰ্জনৰ এটা ভাল মাধ্যম হোৱাৰ লগতে এই বৃত্তি ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতিও এক অৱদান হ’ব ।

প্ৰসংগক্ৰমে তেওঁ গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ বাবে সৌৰ শক্তিৰ ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

অনুষ্ঠানত অংশ লৈ অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ বিষয়া তথা এনভিছ-হাবৰ সমন্বয়ক ডঃ জয়দ্বীপ বৰুৱাই কয় যে এই প্ৰশিক্ষণত হাবিৰ পৰা বনৰীয়া মৌ ধৰি আনি পোহা, বাকচ নিৰ্মাণ কৰা, মৌৰ পৰা মম প্ৰস্তুত কৰা আদি সকলো দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।

তেওঁ কয় যে মৌ আৰু বিভিন্ন পতংগক সুৰক্ষা প্ৰদানেৰে প্ৰকৃতিৰ সেউজ আৱৰণখনক সুৰক্ষা দিয়াৰ বাবে বিজ্ঞানসন্মতভাৱে মৌ পালন কৰা দৰকাৰ। বনৰীয়া মৌৰ বাঁহ কাটি আনিলে বা বাঁহ জ্বলাই মৌ সংগ্ৰহ কৰিলে মৌ মাখিৰ এটা বৃহৎ উপনিৱেশ ধ্বংস হয় ।

সেয়ে বহনক্ষম উন্নয়নৰ স্বাৰ্থত মৌ মাখিৰ ক্ষতি নকৰাকৈ মৌ-পালন কৰাৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ আৱশ্যকতা আছে ।
মৌ-পালনৰ প্ৰশিক্ষণৰ লগতে এই কাৰ্যসূচীত যোগাভ্যাস আৰু বিজ্ঞানসন্মতভাৱে আৱৰ্জনা নিষ্কাশনৰো প্ৰশিক্ষণ দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে ।

অনুষ্ঠানত মানৱ কল্যাণ উন্নয়ন পৰিষদৰ অতিৰিক্ত সচিব মৃণ্ময় সাহায়ো অংশগ্ৰহণ কৰে ।

আজিৰ অনুষ্ঠানত পূৰ্বে প্ৰশিক্ষণ গ্ৰহণ কৰা তথা বৰ্তমান সফল মৌ-পালক মান্না হাজৰিকা আৰু প্ৰিয়ব্ৰত গোস্বামীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ।

অনুষ্ঠানটোৰ আঁত ধৰে এনভিছ হাব, অসমৰ কাৰ্যক্ৰম বিষয়া ডঃ মনিষা শৰ্মাই ।

অনুষ্ঠানত এনভিছ হাব, অসমৰ তথ্য বিষয়া সমীৰণ কলিতা আৰু তথ্য-প্ৰযুক্তি বিষয়া উৎপল দাসৰ লগতে এনভিছ হাবৰ কৰ্মী আৰু প্ৰশিক্ষাৰ্থীসকল উপস্থিত আছিল ।

মীনাক্ষী ফুকন,গোলাঘাট

মীনাক্ষী ফুকন,গোলাঘাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd