NORTHEAST NOW (Assamese)

ৰহস্যজনক! মৃত অৱস্থাত উদ্ধাৰ বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ

September 18, 2023 1:59 pm · এন ই নাও নিউজ, গুৱাহাটী

সোমবাৰে পুৱা অসমৰ বিশ্বনাথ জিলাত ৰহস্যজনক পৰিস্থিতিত বিহালী ডিগ্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষক মৃত অৱস্থাত উদ্ধাৰ হয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, বিহালীৰ বৰগাং অঞ্চলত থকা বাসগৃহৰ চৌহদত উদ্ধাৰ হৈছে অধ্যক্ষ জীৱন চন্দ্ৰ নাথৰ মৃতদেহ।

চুবুৰীয়াৰ মতে, প্ৰাতঃভ্ৰমণৰ পিছতে নিজা বাসগৃহলৈ আহি দাঁত ঘহা ব্ৰাছ লৈ প্ৰথম মহলাত কোনো কাম কৰি থকা সময়তে তললৈ পৰি মৃত্যুমুখত পৰে অধ্যক্ষগৰাকী ।

মৃতদেহৰ কাষত দাঁত ঘহা ব্ৰাছ, জোতা আৰু ভাঙি যোৱা নিমগছৰ ডাল প্ৰত্যক্ষ কৰে আৰক্ষী তথা দণ্ডাধীশে । ঘৰত কোনো নথকাৰ বাবে বহু পলমকৈ কাম কৰা কোনো লোকে নাথৰ মৃতদেহ প্ৰত্যক্ষ কৰি চুবুৰীয়াক খবৰ কৰে যদিও ইতিমধ্যে মৃত্যু হয় অধ্যক্ষগৰাকীৰ ।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে অধ্যক্ষগৰাকীৰ মৃতদেহ। মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্নৰ অন্তত বিহালী স্নাতক মহাবিদ্যালয়ত শেষ শ্ৰদ্ধা জনোৱা হ’ব ।

অধ্যক্ষ গৰাকীৰ অকাল মৃত্যুত বিভিন্ন দল, সংগঠন, ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকলে গভীৰ শোক প্ৰকাশ কৰিছে।

Related News