• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধুমকেতুৰ আঘাত! বৃহস্পতিৰ বুকুৰ পৰা পোহৰ ওলোৱাৰ লগে লগে আৰম্ভ জল্পনা-কল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 18, 2023 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুমকেতুৱে আঘাত কৰিলে বৃহস্পতিক? নে কোনো গ্ৰহাণুৰ আঘাতে তাত  সৃষ্টি কৰিলে আগ্নেয়গিৰিৰ? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোত পোহৰৰ ৰহস্যময় ৰেখা দেখা যোৱাৰ পিছতে আৰম্ভ হৈছে জল্পনা-কল্পনাৰ। এই সন্দৰ্ভত এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

শেহতীয়াকৈ জাপানী জ্যোতিৰ্বিজ্ঞানী তাদাও ওহছুগীয়ে বৃহস্পতি গ্ৰহত পোহৰৰ ৰহস্যময় ৰেখা আৱিষ্কাৰ কৰে। তেওঁ কোনো পেছাদাৰী মহাকাশ গৱেষণা সংস্থাৰ সৈতে জড়িত নহয়। ওহছুগীয়ে বৃহস্পতিৰ সেই পোহৰক আটাইতকৈ উজ্জ্বল বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও গ্ৰহটোৰ বায়ুমণ্ডলো প্ৰভাৱিত হোৱা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: গতি বিনে গতি নাই! চিৰাজৰ গতিত চকু দিল্লী আৰক্ষীৰ; জৰিমনা বিহিব নেকি ভাৰতীয় পেচাৰক?

Apply Now

আমেৰিকাৰ সংবাদ মাধ্যম দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত জাপানী জ্যোতিৰ্বিজ্ঞানীয়ে অতি শক্তিশালী টেলিস্কোপৰ সহায়ত বৃহস্পতিৰ বায়ুমণ্ডলত থকা উজ্জ্বল পোহৰৰ ৰেখা লেন্সত বন্দী কৰে। বিশ্বৰ বিভিন্ন দেশৰ মহাকাশ গৱেষকসকলে ছবিখন প্ৰকাশ পোৱাৰ লগে লগে সুক্ষ্ম বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিলে।

সূত্ৰ অনুসৰি, বৃহস্পতিৰ ছবিখন ইতিমধ্যে কিয়’ট’ বিশ্ববিদ্যালয়ৰ অধ্যাপক কো আৰিমাটছুলৈ প্ৰেৰণ কৰা হৈছে। ছবিখন পৰীক্ষা কৰি জ্যোতিৰ্বিজ্ঞানীজনে এই সন্দৰ্ভত অধিক তথ্য বিচাৰি পঠিয়াইছে।

নাছাৰ অনুমান অনুসৰি বৃহস্পতি গ্ৰহত এটা ধুমকেতুৱে খুন্দা মাৰিলে। ইয়াৰ কাৰণ গ্ৰহটোৰ অতি প্ৰবল মাধ্যাকৰ্ষণ শক্তি। তেনে ক্ষেত্ৰত বৃহস্পতিৰ বায়ুমণ্ডলত ডাঙৰ পৰিৱৰ্তন হ’ব পাৰে। তাত নতুন গেছ উৎপাদনৰ সম্ভাৱনাও আছে বুলি অনুমান কৰা হৈছে। অৱশ্যে কোনটো ধুমকেতুয়ে খুন্দা মাৰিলে সেয়া স্পষ্ট হোৱা নাই।

লগতে পঢ়ক: বিৰোধীৰ অভিযোগত উত্তপ্ত সৰ্বদলীয় বৈঠক; মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ দাবী

এই সন্দৰ্ভত তথ্য সংগ্ৰহৰ বাবে নাছাই কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰাৰ ইংগিত দিছে। আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানীসকলে ২০১৬ চনত বৃহস্পতিৰ কক্ষপথলৈ এখন মহাকাশযান প্ৰেৰণ কৰিছিল। যাৰ নাম আছিল জুনো। শেহতীয়াকৈ ছচিয়েল মিডিয়াত বাহনখনৰ ছবি প্ৰকাশ পাইছে। যিটো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।

A fireball observed on Jupiter, captured by amateur astronomer Tadao Ohsugi last month.🪐💫
A Fireball Whacked Into Jupiter, and Astronomers Got It on Video. In August, stargazers in Japan recorded a bright flash on the giant gas planet. كرة نارية شوهدت على كوكب المشتري، التقطها. pic.twitter.com/FpqnW7KikB

— Shantanu Kumar Singh (@theshantanumum) September 16, 2023

উল্লেখযোগ্য যে জুনো মহাকাশযানখনে বৃহস্পতিৰ উত্তৰ মেৰু অঞ্চলত শক্তিশালী ধুমুহা আৰু ধূলিৰ ডাৱৰৰ ছবি বন্দী কৰিছিল। ছবিখনৰ কেপচনত নাছাই লিখিছে, “প্ৰায় ২৩,৫০০ কিলোমিটাৰ দূৰৰ পৰা বৃহস্পতিৰ ধুমুহাৰ ফটো তোলা হৈছে। ধুমুহাৰ সময়ত গঠন হোৱা ধূলিৰ ডাৱৰৰ গঠন বেলেগ বেলেগ।” আমেৰিকাৰ জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে বৃহস্পতিৰ ডাৱৰৰ বিশ্লেষণ চলি আছে।

লগতে পঢ়ক: নতুন ষ্টপেজৰ সৈতে দুখন এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ

১২ ছেপ্টেম্বৰত পৃথিৱীৰ কাষেৰে পাৰ হৈ গৈছে সেউজীয়া ধুমকেতু নিশিমুৰা। এই ধুমকেতুৰ আৱিষ্কাৰকজনো আছিল এজন জাপানী জ্যোতিৰ্বিজ্ঞানী। ৪৩৭ বছৰৰ পাছত পুনৰ দেখা পোৱা যাব এই ধুমকেতুটো। ঠিক তাৰ পিছতেই বৃহস্পতি গ্ৰহৰ ওপৰত পোৱা গ’ল ৰহস্যময় পোহৰৰ সন্ধান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd