তিক্ত সম্পৰ্ক! এমাহৰ ভিতৰত শেষ ভাৰতীয় সাংবাদিকজনেও এৰিব লাগিব চীন; নিৰ্দেশ বেইজিঙৰ

ভাৰতীয় সাংবাদিকসকলক দেশৰ পৰা দৰাচলতে বহিষ্কাৰ কৰিছে চীনে। বছৰৰ আৰম্ভণিতে দেশখনত কৰ্মৰত আছিল চাৰিগৰাকী ভাৰতীয় সাংবাদিক। কিন্তু চীন প্ৰশাসনে এজন এজনকৈ সকলোৰে ভিছা বাতিল কৰিছে। বাকী আছিল পিটিআইৰ এগৰাকী সাংবাদিক। এমাহৰ ভিতৰত তেওঁকো দেশ এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে যোৱা মাহত চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছিল যে তেওঁলোকৰ সাংবাদিকসকলে ভাৰতত স্বতন্ত্ৰভাৱে কাম কৰিব পৰা নাই।

লগতে পঢ়ক: বেইজিং বিমানবন্দৰত মেছিক আটক কৰিলে চীনৰ আৰক্ষীয়ে! কিন্তু কিয়? চাওক ভিডিঅ’

জানিব পৰা মতে, যোৱা এপ্ৰিল মাহত চীনত থকা প্ৰসাৰ ভাৰতী আৰু হিন্দু কাকতৰ দুগৰাকী সাংবাদিকৰ ভিছাৰ ম্যাদ উকলি গৈছিল। তাৰ পিছত তেওঁলোকৰ ভিছাৰ আবেদন নাকচ কৰা হয় । তাৰ কিছুদিন পিছত হিন্দুস্তান টাইমছৰ এগৰাকী সাংবাদিকৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ সৃষ্টি হয়। তিনিগৰাকী সাংবাদিকে চীন এৰি দেশলৈ উভতি আহে।

ইয়াৰ পিছত ভাৰতীয় সংবাদ মাধ্যমৰ একমাত্ৰ প্ৰতিনিধি আছিল পিটিআইৰ সাংবাদিকগৰাকী। এমাহৰ ভিতৰত তেওঁকো চীন এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে।

যোৱা মাহত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে কৈছিল যে ভাৰতীয় সাংবাদিকসকলে তেওঁলোকৰ দেশত ভালদৰেই কাম কৰিব পাৰিছে। কিন্তু ভাৰতত চীনা সাংবাদিকৰ অৱস্থা শোচনীয়।

লগতে পঢ়ক: কি ঘটিছে বিশ্বত! ৰাছিয়া দিৱসত পুটিনক ‘পূৰ্ণ সমৰ্থন’ৰ প্ৰস্তাৱ কিম জঙৰ

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে দৰাচলতে চীনকে ধৰি সকলো বিদেশী সাংবাদিকে ভাৰতত স্বতন্ত্ৰভাৱে কাম কৰি আছে। কিন্তু চীনৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। তাত ভাৰতীয় সাংবাদিক মুক্তভাৱে চলাচল কৰিব নোৱাৰে।

গালৱান সংঘৰ্ষৰ পিছত ভাৰত-চীনৰ দ্বিপাক্ষিক সম্পৰ্ক ক্ৰমান্বয়ে তিক্ত হৈ পৰিছে। বাতৰি মতে, দুই দেশৰ মাজত সাংবাদিকক লৈ সমস্যা কেইমাহমানৰ আগতেই আৰম্ভ হৈছিল। ভাৰতীয় সাংবাদিকসকলে চীনত নিজৰ বাবে সহায়ক নিয়োগ কৰাত বাধাৰ সন্মুখীন হয়। তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত মতানৈক্য আৰম্ভ হয়।

লগতে পঢ়ক: অচিনাকি ব্যক্তিৰ সৈতে কৰিছিল মদ্যপান; নিচাগ্ৰস্ত অৱস্থাত নিজৰ গাড়ীৰ পৰা তেওঁকে নমাই থৈ গাড়ী লৈ গুচি গ’ল ব্যক্তি

চীনে স্পষ্ট কৰি দিছিল যে চীনৰ বিষয়াসকলে যিসকল সাংবাদিকৰ নাম অনুমোদন কৰিব তেওঁলোককহে দেশখনত কাম কৰিবলৈ দিয়া হ’ব। সেইবাবেই ইজনৰ পিছত সিজন ভাৰতীয় সাংবাদিকে চীন এৰি ঘূৰি আহিবলগীয়া হৈছে।