গান্ধী জয়ন্তীত বিলিভার্ছ ইষ্টার্ন চার্চ সাতগাঁও মিশ্যন ডায়চেছৰ স্বচ্ছতা অভিযান

IMG-20181002-WA0036

গান্ধী জয়ন্তী উদযাপনৰ সৈতে সংগতি ৰাখি বিলিভার্ছ ইষ্টার্ন চার্চ সাতগাঁও মিশ্যনে কাৰ্বি আংলং আৰু হোজাই বিভিন্ন স্থানত এটা স্বচ্ছতা অভিযান সম্পন্ন কৰে।

গীৰ্জাটোৰ দ্বাৰা প্ৰকাশিত এটা সংবাদ বিজ্ঞপ্তিত প্ৰকাশ পাইছে যে স্বচ্ছ ভাৰত অভিযানৰ এটা অংশ হিচাপে গীৰ্জাটোৱে কাৰ্বি আংলঙৰ ডোকমোকা চহৰ, ডংকামোকাম চহৰ আৰু হোজাইৰ কাকী এলেকাত স্বচ্ছতা অভিযান চলায়।

এটা বিবৃতিত বিলিভার্ছ ইষ্টার্ন চার্চ সাতগাঁও মিশ্যন ডায়চেছৰ ফাডাৰ থাংঘাওৱে ব্যক্ত কৰিছে যে প্ৰধান মন্ত্ৰী মোডীয়ে জনোৱা স্বচ্ছতা বজাই ৰখাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গীৰ্জাটোৱে এই স্বচ্ছতা অভিযান চলাইছে।

তেওঁ কৈছে, ‘‘পৰিচ্ছন্নতা হৈছে ভগৱানৰ পৰৱৰ্তী ৰূপ, আমাৰ পৰিৱেশক পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ কৰ্তব্য।’’

গীৰ্জাৰ বিষয়ববীয়াসকল আৰু কৰ্মীসকলে হাতত ঝাড়ু লৈ এই স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছিল।