বেলতলা মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পুনৰ ভোট গণনাৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

আজি অৰ্থাৎ ৩ অক্টোবৰত বেলতলা মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোট গণনাত অনিয়ম হোৱাৰ অভিযোগ তুলি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

প্ৰাপ্ত তথ্য মতে মহাবিদ্যালয়খনত সোমবাৰে ছাত্ৰ একতা সভাৰ মুঠ ৮ টা পদৰ বাবে হোৱা নিৰ্বাচনৰ ভোট গণনা হৈছিল।

কিন্তু উক্ত দিনাই ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোট গণনাত অনিয়ম হোৱাৰ অভিযোগ তুলি ছাত্ৰ-ছাত্ৰী সকলে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি পুনৰ ভোট গণনাৰ দাবী জনাইছিল।

ফলত মহাবিদ্যালয় কৰ্তৃপক্ষই পুনৰ ভোট গণনাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি দিনৰ ভাগলৈকে মহাবিদ্যালয় কৰ্তৃপক্ষই মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি পুনৰ ছাত্ৰ-ছাত্ৰী সকলক উত্তেজিত হৈ পৰে।

আৰু উত্তেজিত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰ ভোট গণনাৰ জাবী জনায়।