• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেনামী সম্পত্তি ৰক্ষা কৰিবলৈ দেৱলীয়া আইনৰ আশ্ৰয় ল’ব নোৱাৰিব: উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 8:19 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেনামী আইনৰ অধীনত বাজেয়াপ্ত হোৱা বে-আইনী বা দাগ লগা সম্পত্তি ৰক্ষা কৰিবলৈ কোনো প্ৰতিষ্ঠানে দেৱলীয়া বিধি, ২০১৬ (IBC)-ৰ দোহাই দি আইনী ব্যৱস্থাৰ পৰা হাত সাৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। ন্যায়াধীশ পামিদিঘণ্টম এছ. নৰসিংহ আৰু অতুল এছ. চান্দুৰকাৰৰ বিচাৰপীঠে শেহতীয়াকৈ কেইবাখনো আৱেদন একেলগে খাৰিজ কৰি স্পষ্ট কৰি দিয়ে যে বেনামী সম্পত্তিৰ ওপৰত লোৱা আইনী ব্যৱস্থাৰ পৰা ৰক্ষা পাবলৈ দেৱলীয়া প্ৰক্ৰিয়াৰ আশ্ৰয় লোৱাটো আইনৰ অপব্যৱহাৰ আৰু এনে কৌশল কেতিয়াও গ্ৰহণযোগ্য নহয়।

মেছাৰ্ছ পদ্মাদেৱী ছুগাৰ্ছ লিমিটেড নামৰ এটা কৰ্প‘ৰেট প্ৰতিষ্ঠানৰ ৪৫০ কোটি টকাৰ সম্পত্তি আয়কৰ বিভাগে বেনামী সম্পত্তি আইন, ১৯৮৮ আৰু ইয়াৰ সংশোধিত আইন, ২০১৬-ৰ অধীনত বাজেয়াপ্ত কৰিছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে দাখিল কৰা আবেদন খাৰিজ কৰি সৰ্বোচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে, প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সম্পত্তি ভি.কে. শশীকলাক বিক্ৰী কৰিছিল বুলি দাবী কৰিছিল। আয়কৰ বিভাগৰ তথ্য অনুসৰি, শশীকলাই ২০১৬-১৭ বৰ্ষত বাতিল হোৱা মুদ্ৰাৰে এই ৪৫০ কোটি টকা পৰিশোধ কৰিছিল। কোম্পানীটোৱে যুক্তি দৰ্শাইছিল যে যিহেতু তেওঁলোকৰ প্ৰতিষ্ঠানটো লিকুইডেচন বা দেৱলীয়া প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে, সেয়েহে আয়কৰ বিভাগে তেওঁলোকৰ সম্পত্তি বাজেয়াপ্ত কৰিব নোৱাৰে। এই গোচৰৰ লগতে একেধৰণৰ আন কেইবাখনো আৱেদন একত্ৰিত কৰি বিচাৰপীঠখনে ৰায়দান কৰে।

Apply Now

বিচাৰপীঠখনে ৰায়দানত উল্লেখ কৰে যে আবেদনকাৰীসকলে বেনামী আইনৰ অধীনত দিয়া বাজেয়াপ্তকৰণৰ নিৰ্দেশক আইবিচিৰ অধীনস্থ কৰ্তৃপক্ষৰ আগত প্ৰত্যাহ্বান জনাব নোৱাৰে। এনে পদক্ষেপ সজ উদ্দেশ্যৰে কৰা হোৱা নাই, বৰঞ্চ ই প্ৰকৃততে বেনামী আইনৰ প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰাৰ এক প্ৰয়াস বুলি ন্যায়ালয়ে মত প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ পৰিৱৰ্তে বেনামী আইনৰ অধীনস্থ কৰ্তৃপক্ষহে সঠিক মঞ্চ বুলি জনাৰ পিছতো ৰাষ্ট্ৰীয় কোম্পানী আইন আপীল ন্যায়াধীকৰণত আপীল দাখিল কৰাটো সমগ্ৰ প্ৰক্ৰিয়াটোৰ চৰম অপব্যৱহাৰ বুলি উচ্চতম ন্যায়ালয়ে ভৰ্ৎসনা কৰে।

ৰায়টো লিখি ন্যায়াধীশ নৰসিংহই স্পষ্ট কৰি দিয়ে যে বেনামী আইনৰ মূল উদ্দেশ্য হৈছে বে-আইনী সম্পত্তি চিনাক্ত কৰি এক আইনী ব্যৱস্থাৰ জৰিয়তে সেয়া বাজেয়াপ্ত কৰা। আনহাতে, আইবিচিৰ উদ্দেশ্য হৈছে এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কৰ্প’ৰেট দেনাদাৰৰ বৈধ সম্পত্তিৰ জৰিয়তে দেৱলীয়া সমস্যাৰ সমাধান কৰা। ন্যায়ালয়ে কয় যে আইবিচি কেৱল আইনসন্মতভাৱে মালিকীস্বত্ব থকা সম্পত্তিৰ মূল্য সৰ্বাধিক কৰাৰ সৈতে জড়িত, সেয়েহে ইয়াক দাগ লগা বা বে-আইনী সম্পত্তি বাজেয়াপ্ত কৰাৰ দৰে ৰাজহুৱা আইনৰ আইনী প্ৰক্ৰিয়াক দুৰ্বল কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি।

বেনামী আইনৰ অধীনত বাজেয়াপ্ত হোৱা সম্পত্তি ২৭ নং ধাৰাৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ যায় আৰু এনচিএলটিয়ে দেৱলীয়া অধিকাৰক্ষেত্ৰ প্ৰয়োগ কৰি আন এখন আইনৰ অধীনত হোৱা আইনী ব্যৱস্থাক বাতিল কৰিব নোৱাৰে বুলি ন্যায়াধীশগৰাকীয়ে লগতে উল্লেখ কৰে। কৰ ফাঁকি, অবৈধ ধনৰ সৰবৰাহ আৰু আন অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ চৰকাৰে বেনামী আইন প্ৰৱৰ্তন কৰিছিল। সাধাৰণতে বেনামী লেনদেনত প্ৰকৃত মালিকে সম্পত্তিৰ বাবে ধন পৰিশোধ কৰে যদিও সম্পত্তিৰ নাম আন এজন ব্যক্তিৰ নামত থাকে। এনে বে-আইনী কাৰ্যকলাপত জড়িত থকা প্ৰমাণিত হ’লে এই আইনৰ অধীনত সাত বছৰলৈকে কাৰাদণ্ডৰ বিধান আছে বুলিও ৰায়টোৱে সোঁৱৰাই দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

মোদী নিৰুদ্দেশ! ক’ত হেৰাল দেশৰ চৌকিদাৰগৰাকী?

August 7, 2026 8:03 pm
কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

কাজিৰঙাত প্ৰথমবাৰৰ বাবে জিপিএছ ট্ৰেকাৰ লগাই এৰি দিয়া হ’ল ১০টা সংকটাপন্ন শগুন : উদ্বোধন হ’ল নতুন ফ্লৰিকান ইক’ টুৰিজম গেট

August 7, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

ফুটবলৰ নামত চলিছিল নিটৰ কেলেংকাৰী! ‘FIFA World Cup 2026’ হোৱাটছএপ গ্ৰুপে ফাদিল কৰিছিল প্ৰশ্নকাকত

August 7, 2026 9:59 pm
উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

উজনি অসমৰ বান পৰিস্থিতি: বিশেষ সাহায্য পেকেজৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ গৌৰৱ গগৈৰ পত্ৰ, প্ৰাপ্তিস্বীকাৰ লাভ

August 7, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd