• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অযোধ্যা ৰায়ৰ বাবে নিজকে চিকুনাবলৈ তিনি দশক অপেক্ষা কৰিছিল এইজন চেলুনৰ গৰাকীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2020 11:17 am

2 min read

Three_decades

ফটো: নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

18k
VIEWS
Share on FacebookShare on Twitter

ৰামভক্ত বা গেৰুৱা প্ৰীতি। ‘আৰ এছ এছ হেয়াৰ ষ্টাইল’ নামৰ চেলুনৰ গৰাকী বাংগালুৰুৰ ৰাজাজী নগৰৰ অধিনাৰায়নে(৬৫)অৱশেষত নিজৰ চুলি-দাড়ি চিকুনাই ল’লে। অৱশ্যেই, আপুনি ইয়াত নিজৰ চখৰ হেয়াৰ কাট কটাবও পাৰে।

লক্ষ্মীনাৰায়নপুৰত চেলুন খোলা এই গৰাকী লোকৰ চেলুনত পুৱা ৫.৩০ বজাৰ পৰাই চুলি-দাড়ি কটাবলৈ অহা গ্ৰাহকৰ লানি লাগে।

কিন্তু এই লোকজনে নিজেই অলপতে নিজৰ চুলি-দাঢ়ি কটাই চিকুন হৈ ল’লে।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, অধিনাৰায়নে ২৭ বছৰ পূৰ্বে অযোধ্যা বিবাদে দেশত আলোড়ন সৃষ্টি কৰাৰ সময়তে শপত খাইছিল যে যেতিয়ালৈকে ৰাম জন্মভূমি বিবাদ নিষ্পত্তি নহয় তেতিয়ালৈকে তেওঁ নিজৰ চুলি নকটায় বা দাড়ি চিকুন নকৰে।

২০১৯ৰ নৱেম্বৰত যেতিয়া ভূমি বিবাদ অৱশেষত উচ্চতম ন্যায়ালয়ত নিষ্পত্তি হ’ল অধিনাৰায়নে শুভেচ্ছামূলক যাত্ৰাত অযোধ্যালৈ যায় আৰু নিজৰ চুলি-দাড়ি চিকুনাই লয়। তেওঁ এই দিনটোৰ বাবে প্ৰায় তিনি দশক অপেক্ষা কৰিবলগীয়া হৈছিল।

অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ অধিনাৰায়নে প্ৰায় ৪৬ বছ পূৰ্বে গৃহ চহৰখনত চেলুনৰ দক্ষতা আহৰণ কৰাৰ পাছত বাংগালুৰুলৈ গৈছিল।

প্ৰভু ৰামৰ এগৰাকী একান্ত ভক্ত অধিনাৰায়নে প্ৰায়ে অযোধ্যালৈ গৈছিল। তেওঁ বৰ্তমান ৰাজ্যখনৰ প্ৰাথমিক তথা মাধ্যমিক শিক্ষা বিভাগৰ মন্ত্ৰী সুৰেশ কুমাৰৰ সৈতে কৰ্ণাটকৰ এটা দলৰ সৈতে ১৯৯২ চনত তালৈ গৈছিল।

‘’মই অযোধ্যাত ১৫ দিন আছিলো, মই মোৰ দোকান বন্ধ কৰি তালৈ গৈছিলো,’’-তেওঁ কয়।

তাত থকা সময়ছোৱাতে তেওঁ শপত লৈছিল যে ৰাম মন্দিৰ বিবাদ নিষ্পত্তি নোহোৱা পৰ্যন্ত তেওঁ চুলি নকটায় আৰু সেইদৰে সুদীৰ্ঘ ২৭ বছৰ ধৰি চুলিত কেচি লগোৱা নাছিল।

‘’মই গ্ৰাহকৰ চুলি কাটি চিকুনাও, কিন্তু কেতিয়াও মোৰ খিনি কটাৰ অনুভৱ কৰা নাছিলো। অৱশেষত মই বাঢ়ি থকা চুলিখিনি প্ৰভু শ্ৰী ৰামৰ নামত কটাই ল’লো,’’-নিউ ইণ্ডিয়ান এক্সপ্ৰেছত অধিনাৰায়নৰ উদ্ধৃতিৰে কোৱা হৈছে।

পৰিয়ালৰ সদস্যসকলে বাৰে বাৰে তেওঁৰ পৰিৱৰ্তিত চেহেৰাৰ কথা সোঁৱৰাই দি কাটিবলৈ কৈ আহিলেও তেওঁ নিজৰ শপত ভংগ কৰা নাছিল।

তেওঁৰ তিনিজন সন্তানৰ এজনে তেওঁক কামত সহায় কৰিবলৈ আৰম্ভ কৰিছে।

অধিনাৰায়ন এজন আৰ আৰ এছৰ কৰ্মী আৰু তেওঁৰ চাল-চলন তথা আচাৰ-ব্যৱহাৰেৰে এজন সম্পূৰ্ণ ৰাম ভক্ত।

‘’যদিও মই চেলুনখন প্ৰায় ২৫ বছৰ আগতে এখন সাধাৰণ দোকান হিচাপে আৰম্ভ কৰিছিলো,মি ইয়াৰ নাম দিয়া নাছিলো। পাছত মই ইয়াৰ নাম ৰাখিলো ‘আৰ এছ এছ হেয়াৰ ষ্টাইল’,-তেওঁ কয়।

অধিনাৰায়নৰ এতিয়া এটাই সপোন আৰু সেয়া হৈছে বৰ্তমান প্ৰস্তুতি চলি থকা অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাটো চোৱা।

কিন্তু তেওঁৰ বাবে এতিয়াও সেই ইচ্ছাৰ বাবে ৰাখিব আন এটা সংকল্প। ‘’মই আকৌ শপত খাইছো আৰু মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে মোৰ চুলি নকটাও। তাৰ পাছত মই অযোধ্যালৈ গৈ মোৰ চুলি কটাম,’’-অধিনাৰায়নে নিজৰ সংকল্পৰ কথা দোহাৰে।

Recent News

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

অৰুণাচলত অস্ত্ৰ-শস্ত্ৰ সহ পাঁচগৰাকী নগা বিদ্ৰোহীৰ আত্মসমৰ্পন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd