মঙলবাৰে নৰ্থ-ইষ্ট য়ুনাইটেড আৰু বেংগালুৰু এফ চিৰ মাজত অনুষ্ঠিত মেচখন ১-১ গ’লত ড্ৰ খেলি দুয়োটা দলে পইণ্ট ভগাই লয়।
চলিত ছুপাৰ লীগত নৰ্থ-ইষ্ট য়ুনাইটেডৰ এয়া ষষ্ঠ ড্ৰ।
গোৱাৰ তীলক ময়দানত অনুষ্ঠিত মেচখনৰ ২৭ মিনিটতে নৰ্থ-ইষ্টে গ’ল কৰিছিল আৰু প্ৰথমাৰ্ধত ১-০ত আগবাঢ়ি থাকে।
কিন্তু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে অৰ্থাৎ ৪৯ মিনিটত বেংগালুৰুৰ ৰাহুল ভেকেই গ’ল কৰি মেচত সমতা স্থাপন কৰে।
উল্লেখ্য যে বেংগালুৰুৱে এই পৰ্যন্ত খেলা ১১খন মেচৰ তিনিখনত জয়, চাৰিখন ড্ৰ আৰু চাৰিখনত পৰাস্ত হৈ মুঠ ১৩ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে।
ইফালে সম সংখ্যক মেচত নৰ্থ-ইষ্টে দুখনত জয়, ছয়খনত ড্ৰ আৰু তিনিখনত পৰাস্ত হৈ মুঠ ১২ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ সপ্তম স্থানত আছে।