বিজ্ঞানৰ জটিল কথাবোৰ ভিডিঅ’ৰে বুজাই প্ৰায় ৩.৩১ কোটি টকা জিকিলে ভাৰতীয় কিশোৰীয়ে

ছিয়া গ’ডিকা।

ভাৰতলৈ আহিল বিজ্ঞানৰ অস্কাৰ। ১৭ বছৰীয়া কিশোৰী ছিয়া গ’ডিকাই এই বিশেষ পুৰস্কাৰ আৰু ৪ লাখ মাৰ্কিন ডলাৰ লাভ কৰে। ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য প্ৰায় ৩.৩১ কোটি টকা। গুগলৰ সহ-প্ৰতিষ্ঠাপক চাৰ্গেই ব্ৰিন, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিচিলা চান, ৰাছিয়ান ইউৰি মিলনাৰ আৰু তেওঁৰ পত্নী জুলিয়া আৰু আমেৰিকান উদ্যোগী এনি ৱ’জচিকিৰ দ্বাৰা আৰম্ভ কৰা ব্ৰেকথ্ৰু জুনিয়ৰত অংশগ্ৰহণ কৰিছিল ছিয়াই।

মূলতঃ ই আছিল বিজ্ঞান-ভিডিঅ’ প্ৰতিযোগিতা। এই ক্ষেত্ৰত ১৭ বছৰীয়া ছোৱালীজনীক কোনেও হৰুৱাব নোৱাৰিলে। কোৱা বাহুল্য যে ছিয়াই বিশ্বৰ ১০০খন দেশৰ ২৪০০ৰো অধিক প্ৰতিযোগীক পৰাস্ত কৰি বিজ্ঞানৰ অস্কাৰ লাভ কৰে।

আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান-ভিডিঅ’ প্ৰতিযোগিতাখন জীৱন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিতৰ মৌলিক ধাৰণাক কেন্দ্ৰ কৰি সৃষ্টিশীল চিন্তা আৰু যোগাযোগ দক্ষতাক কেন্দ্ৰ কৰি আয়োজন কৰা হৈছিল। ই ব্ৰেকথ্ৰু প্ৰাইজ ফাউণ্ডেশ্যনৰ ফ্লেগশ্বিপ ৩০ লাখ ডলাৰৰ ব্ৰেকথ্ৰু প্ৰাইজৰ সম্প্ৰসাৰণ, যাক ‘অস্কাৰ অৱ চাইন্স’ বুলিও কোৱা হয়।

দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ছিয়াই ‘যামনাকা ফেক্টৰ’ৰ জুনিয়ৰ চেলেঞ্জত জয়লাভ কৰে। এই প্ৰতিযোগিতাত তেওঁ এগৰাকী বৃদ্ধাৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে পুনৰ বৃদ্ধৰ পৰা যুৱতীলৈ পৰিণত হয়।

ছিয়াই ককাক-আইতাকে কেন্সাৰ আৰু স্নায়ুজনিত সমস্যাৰ সৈতে অনবৰতে যুঁজি থকা দেখি অনুপ্ৰাণিত হৈছিল। ছিয়াই কয় যে চেলুলাৰ  ৰিপ্ৰগ্ৰেমিঙে বাৰ্দ্ধক্যক নিয়ন্ত্ৰণ কৰি এলানি দুৰ্বল ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ভৱিষ্যতে চেলুলাৰ ৰিপ্ৰগ্ৰেমিংক বাস্তৱত পৰিণত কৰিব পৰা সঠিক গৱেষণা কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ। লক্ষনীয় যে ছিয়া প্ৰথম নহয়, ছয় বছৰৰ আগতে তেওঁৰ ভাতৃ সময় গডিকাও এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়লাভ কৰিছিল।

ব্ৰেকথ্ৰু প্ৰাইজ ফাউণ্ডেশ্যনে এক বিবৃতিত কয় যে ছিয়াই নোবেল বিজয়ী শ্বিনিয়া ইয়ামানাকাৰ চেলুলাৰ ৰিপ্ৰগ্ৰেমিংৰ ওপৰত কৰা গৱেষণাৰ ওপৰত ভিডিঅ’ প্ৰেজেণ্টেচনৰ বাবে ২ লাখ ৫০ হাজাৰ ডলাৰৰ কলেজ বৃত্তি লাভ কৰিব। ছিয়াৰ বিজ্ঞান শিক্ষয়িত্ৰী আৰ্কা মৌলিকে ৫০ হাজাৰ ডলাৰৰ এই পুৰস্কাৰৰ অংশ লাভ কৰিব। ছিয়াৰ স্কুল নেভাল একাডেমীয়ে কল্ড স্প্ৰিং হাৰ্বাৰ লেবৰেটৰীৰ পৰাও এক লাখ ডলাৰৰ লেব লাভ কৰিব।

খবৰ অনুসৰি, অতি সোনকালে লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ২০২৪ চনৰ ব্ৰেকথ্ৰু বঁটা বিজয়ীসকলৰ সৈতে ছিয়াকো পুৰস্কাৰ প্ৰদান কৰা হ’ব।