• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ এখন আফ্ৰিকান দেশত সেনা অভ্যুত্থানৰ চেষ্টা! বেনিনৰ ৰাষ্ট্ৰপতি পেট্ৰিছ টেলনক অপসাৰণৰ ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2025 8:27 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বিভিন্ন দেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে পুনৰ এখন চৰকাৰ ভংগ কৰাৰ চেষ্টা পোহৰলৈ আহিছে! পশ্চিম আফ্ৰিকাৰ দেশ বেনিনত দেওবাৰে ৰাজ্যিক টেলিভিছনত (TV) উপস্থিত হৈ সেনাই ৰাষ্ট্ৰপতি পেট্ৰিছ টেলনক পদৰ পৰা অপসাৰণ কৰা বুলি ঘোষণা কৰে। মিলিটাৰী কমিটি ফৰ ৰিফাউণ্ডেচন (CMR) ৰ সদস্য বুলি চিনাকী দিয়া জোৱানসকলে তাৎক্ষণিকভাৱে সিদ্ধান্ত ঘোষণা কৰে যে টেলন আৰু ৰাষ্ট্ৰপতি নহয়। এই অভ্যুত্থান ঘোষণা হোৱাৰ লগে লগে দেশখনত টিভি আৰু ৰেডিঅ’ৰ সম্প্ৰচাৰ তৎক্ষণাত বন্ধ হৈ পৰে।

ফ্ৰান্সৰ দূতাবাসে প্ৰকাশ কৰা তথ্য অনুসৰি, বেনিনৰ বাণিজ্যৰ কেন্দ্ৰ কটনৌৰ (Cotonou) ৰাষ্ট্ৰপতিৰ বাসগৃহৰ সমীপত গুলীৰ শব্দ শুনা গৈছিল। এই পৰিস্থিতিৰ বাবে দেশখনত বাস কৰা ফ্ৰান্সৰ নাগৰিকসকলক ঘৰৰ ভিতৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। ইফালে, ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জনাইছে যে পেট্ৰিছ টেলন বৰ্তমান সুৰক্ষিত। তেওঁলোকে লগতে দাবী কৰে যে জোৱানৰ এটা সৰু দলে কেৱল এটা টেলিভিশ্যন চেনেলহে দখল কৰিছিল আৰু ইয়াৰ পাছতেই বাকী সেনাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বেনিনৰ স্বৰাজ আৰু জননিৰাপত্তা মন্ত্ৰী লাছানে চেইডোৱেও এই অভ্যুত্থান বিফল হোৱা বুলি দাবী কৰিছে।

Apply Now

ইফালে, অভ্যুত্থানকাৰী সেনাই ঘোষণা কৰিছে যে ৰাষ্ট্ৰপতিৰ পদ আৰু সকলো চৰকাৰী প্ৰতিষ্ঠান আঁতৰাই পেলোৱা হৈছে। স্মৰ্তব্য যে, ১৯৬০ চনত ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত বেনিনত এনে অভ্যুত্থান কেইবাবাৰো সংঘটিত হৈছে।

পূৰ্বে এজন সফল ব্যৱসায়ী হিচাপে জনাজাত পেট্ৰিছ টেলনে ২০১৬ চনত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁৰ কাৰ্যকালত বেনিনত বহু উন্নয়নমূলক কাম হোৱা বুলি একাংশই দাবী কৰে; কিন্তু বিৰোধী পক্ষই তেওঁক স্বৈৰাচাৰী বুলি আখ্যা দিয়ে। সংবিধান অনুসৰি, ২০২৬ চনত তেওঁৰ দ্বিতীয় আৰু অন্তিম কাৰ্যকাল শেষ হ’ব।

ৰাষ্ট্ৰপতি টেলনৰ বিৰুদ্ধে হোৱা এই অভ্যুত্থানৰ পূৰ্ৱাভাস চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই স্পষ্ট হৈ পৰিছিল, যেতিয়া বিদ্ৰোহৰ পৰিকল্পনা কৰাৰ অপৰাধত তেওঁৰ দুজন ঘনিষ্ঠ সহযোগীক ২০ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। ইয়াৰ উপৰি যোৱা মাহত সংসদত ৰাষ্ট্ৰপতিৰ কাৰ্যকাল পাঁচ বছৰৰ পৰা সাত বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱটোও গ্ৰহণ কৰা হৈছিল। এনে জটিল পৰিস্থিতিৰ মাজতে আজি তেওঁক অপসাৰণ কৰাৰ কথা পোহৰলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

জেন-জি নেত্ৰী কুংকি চৌধুৰীক অজাপৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক তথা মুখপাত্ৰ হিচাপে নিযুক্তি

August 7, 2026 8:15 am
য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

য়েমেনৰ চৰকাৰী নিৰাপত্তা বাহিনীৰ ওপৰত হাউথী গোষ্ঠীৰ মাৰাত্মক আক্ৰমণ; কমেও ৩০ জন নিহত

August 7, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd