Benjamin Netanyahu makes a comeback ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু নিৰ্বাচনত জয়ী হৈ পুনৰ শাসনত বহিবলৈ সাজু হৈছে। নেতান্যাহুৰ দল আৰু মিত্ৰজোঁটে ৰাষ্ট্ৰীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বন্ধু’ নেতান্যাহুক তেওঁৰ বিজয়ৰ বাবে অভিনন্দন জনাইছে।
বৃহস্পতিবাৰে নিশা মোডীয়ে টুইট কৰি কয়, “নিৰ্বাচনৰ সফলতাৰ বাবে মোৰ বন্ধু নেতান্যাহুক অভিনন্দন জনাইছো। ভাৰত-ইজৰাইল কৌশলগত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আমি আমাৰ যৌথ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে আশাবাদী। টুইটটোত মোডীয়ে ভাবী প্ৰধানমন্ত্ৰী নেতান্যাহুকো টেগ কৰে।
বাতৰি অনুসৰি, ৰাষ্ট্ৰীয় নিৰ্বাচনৰ ফলাফলত ১২০ আসনৰ ইজৰাইলী সংসদ চিনেটত সোঁপন্থী নেতান্যাহুৰ দল আৰু মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। নেতান্যাহুৰ সোঁপন্থী লিকুড দলে ৩২ খন আসন লাভ কৰিছিল। নেতান্যাহুৰ দল আৰু দুই মিত্ৰজোঁটৰ অংশীদাৰে সকলো মিলি সৰ্বাধিক ৬৪ খন আসন লাভ কৰিছে।
আনহাতে, তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী য়েৰ লাপিদৰ নেতৃত্বৰ দলসমূহে ৫১ খন আসন লাভ কৰে। তেওঁ বৃহস্পতিবাৰে নেতান্যাহুক ফোন কৰি অভিনন্দন জনায়। ইজৰাইলৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে তেওঁৰ প্ৰশাসন ক্ষমতা হস্তান্তৰৰ বাবে সাজু। সংশ্লিষ্ট মহলৰ মতে ই ইজৰাইলৰ ইতিহাসত এক নতুন যুগৰ সৃষ্টি কৰিব।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে নেতান্যাহুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন চৰকাৰখন ইজৰাইলৰ ইতিহাসৰ আটাইতকৈ সোঁপন্থী চৰকাৰ হ’ব। ইটালীৰ কট্টৰ সোঁপন্থী প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি, হাংগেৰিৰ প্ৰধানমন্ত্ৰী তথা নেতান্যাহুৰ “বন্ধু” ভিক্টৰ অৰবান আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ইতিমধ্যে সোঁপন্থী নেতাজনক শুভেচ্ছা জনাইছে।
Mazel Tov my friend @netanyahu for your electoral success. I look forward to continuing our joint efforts to deepen the India-Israel strategic partnership.
— Narendra Modi (@narendramodi) November 3, 2022
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে আশা প্ৰকাশ কৰিছে যে নেতান্যাহুৰ ক্ষমতালৈ উভতি অহাটোৱে দ্বিপাক্ষিক সম্পৰ্কত এক নতুন অধ্যায় সৃষ্টি কৰিব। সেই জেলেনস্কিয়ে কিন্তু ইজৰাইলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল কিয়নো ইজৰাইলে ইউক্ৰেইনলৈ অস্ত্ৰ প্ৰেৰণ কৰিবলৈ সন্মত হোৱা নাছিল।
Thank you @yairlapid for your priority to the India-Israel strategic partnership. I hope to continue our fruitful exchange of ideas for the mutual benefit of our peoples.
— Narendra Modi (@narendramodi) November 3, 2022
ইজৰাইলত নেতান্যাহুৰ ১২ বছৰীয়া ঐতিহাসিক শাসন যোৱা বছৰ জুনত সমাপ্ত হৈছিল। ৭৩ বছৰীয়া নেতান্যাহু ১৪ মাহৰ পিছত শাসনলৈ উভতি আহিছে। তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগো উত্থাপিত হৈছিল। সেই গোচৰ আদালততো চলি আছে। গোচৰটো অহা সোমবাৰে আদালতত আহিব। অৱশ্যে সোঁপন্থী নেতাজনে সদায় সেই অভিযোগ অস্বীকাৰ কৰি আহিছে।