Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

ফটোঃ সংগ্ৰহীত।

চীনৰ বিটাভল্ট টেকন’লজি কোম্পানীয়ে এনে এটা বেটাৰী (Nuclear Battery) প্ৰস্তুত কৰিছে যিয়ে কোনো ধৰণৰ চাৰ্জিং বা মেইণ্টেনেন্সৰ প্ৰয়োজন নোহোৱাকৈ একেৰাহে ৫০ বছৰ ধৰি বিদ্যুৎ উৎপাদন কৰিব পাৰে।

ইণ্ডিপেণ্ডেণ্ট বিটাভল্টৰ অনুসৰি, এবাৰ মোবাইল ফোনত নিউক্লিয়াৰ বেটাৰীৰ জৰিয়তে চাৰ্জ কৰিলে ৫০ বছৰলৈকে ইয়াৰ চাৰ্জ শেষ নহ’ব। আচলতে ফোনটো আৰু কেতিয়াও চাৰ্জ কৰাৰ প্ৰয়োজন নাই। একেদৰে ইয়াৰ জৰিয়তে ড্ৰ’নো আজীৱন উৰাব পাৰিব।

এই নতুন প্ৰযুক্তিয়ে চাৰ্জাৰ বা পৰ্টেবল পাৱাৰ বেংকৰ প্ৰয়োজনীয়তা সম্পূৰ্ণৰূপে নাইকিয়া কৰি ইলেক্ট্ৰনিক প্ৰযুক্তি খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ উপৰিও লিথিয়াম বেটাৰীৰ দৰে ইয়াৰ অৱক্ষয় নহয়।

লগতে পঢ়কঃ ক্ৰমে হেৰুৱাইছে স্থিতি! আৰাকান আৰ্মিৰ ওচৰত আত্মসমৰ্পণ কৰিলে শতাধিক জুন্টা সেনাই

আন এটা চাৰ্জাৰত ফোনটো চাৰ্জ কৰিলে ক্ষতি হয়। বিটাভল্টৰ দাবী যে তেওঁলোকৰ বেটাৰী হৈছে পাৰমাণৱিক শক্তিৰ সম্ভাৱনা মানুহৰ হাতলৈ অনাৰ প্ৰথম, কাৰ্য্যকৰী পদক্ষেপ। এই বেটাৰীৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা ক্ৰমে ১৫, ১৫ আৰু ৫ মিলিমিটাৰ। ই আকাৰত এটা মুদ্ৰাতকৈও সৰু।

আইছ’ট’প ক্ষয়প্ৰাপ্ত হৈ যি শক্তি  নিৰ্গত হয়, তাক বিদ্যুতলৈ ৰূপান্তৰিত কৰি বেটাৰীটোৱে কাম কৰে। অৱশ্যে যোৱা শতিকাৰ পৰাই পূৰ্বৰ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ বিজ্ঞানীসকলে মহাকাশযান, পানীৰ তলৰ ব্যৱস্থা আৰু দূৰৱৰ্তী বৈজ্ঞানিক ষ্টেচনত ব্যৱহাৰৰ বাবে একেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আহিছে। কিন্তু তেওঁলোকৰ থাৰ্মো নিউক্লিয়াৰ বেটাৰীয়ে বহুত তাপ উৎপন্ন কৰে। লগতে এইবোৰ অতি দামী আৰু গধুৰ।

বিটাভল্ট বেটাৰী তুলনামূলকভাৱে সস্তা আৰু আকাৰত সৰু। তেনেদৰে ই তেনে তাপ উৎপন্ন নকৰে। লগতে, বিটাভল্ট বেটাৰীৰ আকাৰ সৰু হোৱাৰ বাবে বহুতো বেটাৰী একেলগে ব্যৱহাৰ কৰিব পাৰি যিয়ে অধিক শক্তি উৎপাদনত সহায় কৰিব।

বিজ্ঞানীসকলে এই বেটাৰী তৈয়াৰ কৰিবলৈ শক্তিৰ উৎস হিচাপে নিকেল-৬৩ নামৰ তেজস্ক্রিয় পদাৰ্থ ব্যৱহাৰ কৰিছে। শক্তি ৰূপান্তৰৰ বাবে হীৰাৰ ছেমিকন্ডাক্টৰ ব্যৱহাৰ কৰা হৈছে। ছেমিকন্ডাক্টৰটো মাত্ৰ ১০ মাইক্ৰন ডাঠ আৰু নিকেল-৬৩ৰ শ্বীটটো মাত্ৰ ২ মাইক্ৰন ডাঠ। তেজস্ক্রিয় নিকেল-৬৩ ক্ষয় হোৱাৰ লগে লগে সেই শক্তি বৈদ্যুতিক প্রবাহলৈ ৰূপান্তৰিত হয়।

লগতে পঢ়কঃ এইটো দশম, কুনো অভয়াৰণ্যত আন এটি চিতা বাঘৰ মৃত্যু; স্পষ্ট হোৱা নাই ‘শৌৰ্য’ৰ মৃত্যুৰ কাৰণ

এই সৰু বেটাৰীৰ প্ৰথম সংস্কৰণটোৱে ১০০ মাইক্ৰৱাট শক্তি আৰু ৩ ভল্ট বিদ্যুৎ প্ৰদান কৰিবলৈ সক্ষম। অৱশ্যে ২০২৫ চনৰ ভিতৰত পৰৱৰ্তী সংস্কৰণ বজাৰত আহিব, যিয়ে ১ ৱাট পৰ্যন্ত শক্তি প্ৰদান কৰিব পাৰিব বুলি কোম্পানীটোৱে জনায়।

ইতিমধ্যে বিটাভল্টৰ বেটাৰীয়ে পৰীক্ষামূলক পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু অতি সোনকালে ফোন আৰু ড্ৰ’নৰ দৰে বাণিজ্যিক প্ৰয়োগৰ বাবে গণ উৎপাদনত নামিব।

কোম্পানীটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, “বিটাভল্টৰ পাৰমাণৱিক শক্তি বেটাৰীয়ে মহাকাশ, এআই সঁজুলি, চিকিৎসা সঁজুলি, মাইক্ৰ’প্ৰচেছৰ, উন্নত চেন্সৰ, সৰু ড্ৰ’ন আৰু মাইক্ৰ’ ৰবটৰ দৰে একাধিক খণ্ডত বহনক্ষম শক্তি যোগানৰ উৎস হিচাপে চাহিদা পূৰণ কৰিব পাৰে।”

লগতে পঢ়কঃ ২০১৯ চনৰ গুৱাহাটী গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্তক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত দেশখনৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে চীনৰ চতুৰ্দশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনত বাণিজ্যিক উৎপাদন, বিতৰণ আৰু বিপণনৰ বাবে পাৰমাণৱিক বেটাৰীৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পৰ অধীনতে ইয়াক সম্প্ৰসাৰণ কৰা হৈছে।