NORTHEAST NOW (Assamese)

নিখাত জেৰিনৰ “অ’পেন চেলেঞ্জ”; মেৰীকম মুখামুখি হ’ব লাগিব কনিষ্ঠ সতীৰ্থগৰাকীৰ

November 10, 2019 4:55 pm · এন ই নাও নিউজ

বিতৰ্কৰ অন্ত পেলাই বক্সিং ফেডাৰেশ্যন অব ইণ্ডিয়াই ছবাৰৰ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকম আৰু প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাত জেৰিনৰ মাজত অনুষ্ঠিত কৰিব ট্ৰায়েল মেচ।

ডিচেম্বৰ মাহৰ অন্তিম সপ্তাহত হ’ব লগীয়া ট্ৰায়েল মেচখনৰ বিজয়ীয়ে মহিলাৰ ৫১ কেজি শাখাত ২০২০ টকিঅ’ অলিম্পিক গেইমছৰ যোগ্যতা নিৰ্ণায়ক মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

দুয়োগৰাকী বক্সাৰকে এই সিদ্ধান্তৰ বিষয়ে অচিৰেই জনোৱা হ’ব বুলি বক্সিং ফেডাৰেশ্যনৰ সূত্ৰত প্ৰকাশ।

উল্লেখ্য যে ট্ৰায়েল অনুষ্ঠিত নকৰাকৈয়ে ৰাছিয়াত অলপতে অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপৰ ভাৰতীয় দলত মেৰীকমক অন্তৰ্ভুক্ত কৰাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন নিখাত জেৰিনে।

নতুন বক্সিং তাৰকাগৰাকীয়ে মেৰীকমতকৈও নিজৰ দক্ষতা-সামৰ্থ্য অধিক বুলি দাবী কৰাৰ লগতে সেইটো প্ৰমাণ কৰিবলৈ মেৰীকমৰ সৈতে বক্সিং ৰিঙত নমাৰ প্ৰত্যাহ্বান জনাইছিল।

জেৰিনে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুলৈ এই স্থিতি অৱগত কৰি পত্ৰও প্ৰেৰণ কৰিছিল আৰু বিষয়টো সন্দৰ্ভত হস্তক্ষেপ দাবী কৰিছিল।

বিষয়টোৱে অধিক চৰ্চা লাভ কৰাত ৯ নৱেম্বৰ অৰ্থাৎ শনিবাৰে বক্সিং ফেডাৰেশ্যন আৰু ছাইৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আৰু এই বৈঠকতে দুয়োৰে মাজত ট্ৰায়েল মেচ আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইফালে অসমৰ লাভলিনা বৰগোহাঁয়েও ৬৯ কেজি শাখাৰ বাবে ট্ৰায়েলত অংশ ল’ব লাগিব।

উল্লেখ্য যে ২০২০ টকিঅ’ অলিম্পিক গেইমছৰ যোগ্যতা নিৰ্ণায়ক মেচবোৰ অহা বৰ্ষৰ ৩-১৪ ফেব্ৰুৱাৰিত চীনৰ য়ুহানত অনুষ্ঠিত হ’ব।

Related News