• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ভাৰত জোড়ো যাত্ৰা

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
September 7, 2022 5:22 pm
Bharat Jodo Yatra
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগেন্দ্ৰ যাদৱক বহুদিনৰ পৰা জানো। প্ৰথমে নিৰ্বাচন বিশ্লেষক হিচাপে, পিছলৈ আম আদমী পাৰ্টিৰ নেতা হিচাপে। যোগেন্দ্ৰ যাদৱক এদিনেই মই বৰ অপ্ৰস্তুত দেখা পাইছিলোঁ। আপ ক্ষমতালৈ অহাৰ পিছত, ২০১৪ চনত আপৰ এম এল এ সোমনাথ ভাৰতীৰ নেতৃত্বত এদল মানুহে গৈ দিল্লীৰ মালব্য নগৰত কেই গৰাকীমান আফ্ৰিকান মহিলাক হাৰাশাস্তি কৰিছিল। তাক লৈ তেতিয়া বেছ হূলস্থূল হৈছিল। বিষয়টো লৈ হোৱা টি ভি বিতৰ্কত যোগেন্দ্ৰ যাদৱেও অংশগ্ৰহণ কৰিছিল। আপৰ সমৰ্থনত কথা কওঁতে সেইদিনা তেওঁক বৰ বিব্ৰত দেখা গৈছিল।

তাৰ পিছত, গুৰগাঁৱৰ হেৰিটেজ হোটেলত আম আদমী পাৰ্টিৰ গুৰুত্বপূৰ্ণ সভা এখন হৈ থাকোঁতে আম আদমী পাৰ্টিৰ ভিতৰত গা কৰি উঠা অগণতান্ত্ৰিক প্ৰৱণতাৰ বিৰোধিতা কৰি হোটেলৰ চোটালত বহিয়ে যোগেন্দ্ৰ যাদৱে প্ৰতিবাদ কৰিছিল। তাত আম আদমী পাৰ্টিৰ এছামে তেওঁক শাৰীৰিকভাৱেও অপদস্থ কৰিছিল। সময়ত, যোগেন্দ্ৰ যাদৱ, প্ৰশান্ত ভূষণ আদি আম আদমী পাৰ্টিৰ পৰা ওলাই আহিছিল।

Apply Now

কেন্দ্ৰত দ্বিতীয়বাৰলৈ বিজেপি শাসনলৈ অহাৰ পিছত, কটনৰ চূদমাৰ্চন হলত যোগেন্দ্ৰ যাদৱে এটা বৰ সাৰগৰ্ভ বক্তৃতা দিছিল। তাৰ পিছত, বোধহয় আজিৰ পৰা ছমাহমান আগতে এদিন হঠাৎ যোগেন্দ্ৰ যাদবৰ পৰা এটা ফোন আহিল। তেওঁলোকে, মানে যেগেন্দ্ৰ যাদৱ, প্ৰশান্ত কিশোৰ, প্ৰশান্ত ভূষণ আৰু পৱন বাৰ্মা গুৱাহাটীলৈ আহি আমাৰ লগত দেশৰ সমস্যা সম্পৰ্কে এটা মুকলি আলোচনা কৰিব বিচাৰে। তাত কোন কোন মানুহে ভাগ ল’ব সেইটো ঠিক কৰাৰ দায়িত্ব পৰিছিল আমাৰ ওপৰত। সেই আলোচনাত ভাগ ল’বলৈ মূৰকত কেৱল যোগেন্দ্ৰ যাদৱ আৰু প্ৰশান্ত কিশোৰহে আহি ওলাল। আলোচনাৰ বিষয় আছিল- ভাৰতলৈ গণতন্ত্ৰ ওভতাই অনা (Reclaiming the republic)।

তেতিয়াৰে পৰা যোগেন্দ্ৰ যাদৱৰ লগত মোৰ এটা সম্পৰ্ক গঢ়ি উঠিছে। মাজে মাজে অনলাইনত আলোচনা হয়। পাতলকৈ কেতিয়াবা ফোনতো কথা হয়। আমাৰ, মানে অসম নাগৰিক সমাজৰ ঘোষিত উদ্দেশ্য হৈছে ধৰ্মনিৰপেক্ষতা, আইনৰ শাসন আৰু সাংবিধানিক গণতন্ত্ৰৰ বিৰুদ্ধে অহা ভাবুকিৰ প্ৰতি জনসাধাৰণক সজাগ কৰা আৰু তাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ থিয় দিয়া। ৰাজনৈতিক প্ৰশ্নত অসম নাগৰিক সমাজৰ তৰফৰ পৰা আমি সদায় বিজেপি বিৰোধী এটা বহল ঐক্যমঞ্চৰ পোষকতা কৰি আহিছোঁ। আমি কৈ আহিছোঁ যে কংগ্ৰেছক বাদ দি এই ঐক্য সম্ভৱ নহয়। তেতিয়া, যোগেন্দ্ৰ যাদৱহঁতে এই কথাটোৰ ওপৰত সিমান গুৰুত্ব দিয়া নাছিল।

কিন্তু কংগ্ৰেছে আয়োজন কৰা “ভাৰত জোড়ো যাত্ৰা”ত যোগদান কৰা সন্দৰ্ভত দিল্লীত আয়োজন কৰা সন্মিলন এখনত অংশগ্ৰহণ কৰিবলৈ যেতিয়া যোগেন্দ্ৰ যাদৱৰ লগতে অৰুণা ৰয়, দেবানুৰ মহাদেব, গনেশ দেভে, পি ভি ৰাজাগোপাল, শাৰদ বেহাৰ, চৈয়দা হামিদ, উইলশ্যন বেজ’ৱাদাৰ পৰা আহ্বান এটা আহিল, আমি উপলব্ধি কৰিলোঁ যে এতিয়া তেওঁলোকেও আমাৰ দৰে ভাবিবলৈ আৰম্ভ কৰিছে। অসম নাগৰিক সমাজে সিদ্ধান্ত ল’লে যে এই সন্মিলনখনত অসম নাগৰিক সমাজৰ প্ৰতিনিধি হিচাপে মই যোগদান কৰিব লাগে।

সন্মিলনত উপস্থিত হৈ দেখোঁ তৃণমূল পৰ্যায়ত কাম কৰি থকা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা সংগঠন আৰু নাগৰিক সমাজৰ লগত জড়িত প্ৰায় ২০০ সংগঠনৰ প্ৰতিনিধি সন্মিলনখনত অংশগ্ৰহণ কৰিবলৈ দিল্লীৰ কনচটিট্যুশ্ব্যান ক্লাবত গোট খাইছেহি। একেবাৰে সাধাৰণভাৱে সভাখন আৰম্ভ হৈছে। যোগেন্দ্ৰ যাদবে সকলোকে আদৰণি জনোৱাৰ পিছত, অৰুণা ৰয়ে সন্মিলনৰ উদ্দেশ্য ব্যাখ্যা কৰি ক’লে যে দেশত এতিয়া কি হৈ আছে আমি সকলোৱে দেখিছোঁ। এনে এটা পৰিস্থিতিত কংগ্ৰেছে আয়োজন কৰা এই ভাৰত জোড়ো যাত্ৰাত আমি যোগদান কৰিম নে নকৰিম? নকৰিলে নাই, যদি কৰোঁ আমাৰ কিবা চৰ্ত থাকিবনে নে আমি চৰ্তহীনভাৱে এই যাত্ৰালৈ সমৰ্থন জনাম? এই কথাবোৰ আমি খৰচি মাৰি আলোচনা কৰিব লাগিব।

তাৰ পিছত, কি পৰিস্থিতিত কংগ্ৰেছ পাৰ্টিয়ে এই যাত্ৰাটো উলিওৱাৰ সিদ্ধান্ত ল’লে, সেই বিষয়ে কংগ্ৰেছৰ দ্বিগ্বিজয় সিঙে বহলাই ক’লে। সেইবোৰ আন একো নহয় বিজেপিৰ বিভাজনবাদী ৰাজনীতি, গণতন্ত্ৰৰ প্ৰতি অহা ভাবুকি, আৰু প্ৰতিষ্ঠানসমূহত চৰকাৰী হস্তক্ষেপ। এই সন্দৰ্ভত তেওঁ বিভিন্নজনৰ প্ৰশ্নৰো উত্তৰ দিয়ে। তাৰ পিছত, নাগৰিক সমাজৰ প্ৰতিনিধি সকল চাৰিটা গোটত বিভক্তহৈ প্ৰতিটো গোটে আদ্যোপান্ত মাৰি বিষয়টো আলোচনা কৰে। আলোচনাৰ শেষত, তেওঁলোকে লোৱা সিদ্ধান্ত সমূহ এটা এটাকৈ যোগেন্দ্ৰ যাদৱে সকলোকে পঢ়ুৱাই শুনায়। প্ৰথম কথা, সকলোৰে একমত যে ভাৰতৰ বৰ্তমান পৰিস্থিতিত এই যাত্ৰাটো অতি গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে ইয়াৰ প্ৰতি সমৰ্থন জনোৱা উচিত। কিন্তু, আমি কোনে কেনেকৈ এই সমৰ্থন আগবঢ়াম তাৰ ধৰণ কৰণ হয়তো বেলেগ হ’ব পাৰে।

কংগ্ৰেছৰ লগত বহু নাগৰিক সমাজৰ মতাদৰ্শগত অমিলো থাকিব পাৰে। সেই প্ৰশ্নবোৰো আমি সংগতিপূৰ্ণভাবে সমাধান কৰিব লাগিব। ভাৰতৰ সকলো অংশৰ জনসাধাৰণক কেনেকৈ আমি এক কৰিব পাৰোঁ সেই বিষয়ে এটা নতুন বাগধাৰা সৃষ্টি কৰিব লাগিব আৰু সেই কথাবোৰ ভাৰতৰ স্থানীয় আৰু আঞ্চলিক ভাষা সমূহত উপলব্ধ হ’ব লাগিব যাতে সাধাৰণ মানুহে কথাবোৰ বুজি পায়। ভাৰত জোড়ো যাত্ৰাত আমি সকলো এক হ’ম, কিন্তু প্ৰতিটো সংস্থাই নিজৰ নিজৰ সুকীয়া পৰিচয় বৰ্তাই ৰাখিহে এই যাত্ৰাটোত চামিল হ’বl যাত্ৰাটো চলি থকা সময়ত কংগ্ৰেছৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিবলৈ নাগৰিক সমাজৰ প্ৰতিনিধিক লৈ এটা কমিটি গঠন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। ভাৰত জোড়ো যাত্ৰা শেষ হোৱাৰ পিছত, যাত্ৰাটোৱে জনসাধাৰণৰ মাজত সৃষ্টি কৰা উৎসাহ, উদ্দীপনা যাতে জীয়াই থাকে তাৰ কাৰণে উপযুক্ত কাৰ্যসূচী গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত নাগৰিক সমাজৰ প্ৰতিনিধি সকলৰ লগত ৰাহুল গান্ধীৰ এক আন্তৰিক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ আগতে ৰাহুল গান্ধীক মই কেতিয়াও লগ পোৱা নাছিলোঁ, যদিও বৰ্তমান চৰকাৰৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে লোৱা বলিষ্ঠ ভূমিকাৰ মই সদায় প্ৰশংসা কৰি আহিছোঁ। সেইদিনা ৰাহুল গান্ধীক নিচেই ওচৰৰ পৰা পাই বৰ ভাল লাগিল। আমাৰ দৰেই ৰাহুল এজন সাধাৰণ মানুহ। তেওঁৰ আচৰণ আৰু কথা বতৰা আমাৰ দৰেই। কোনো ভেম ভাব নোহোৱাকৈ তেওঁ মুকলিমূৰীয়াকৈ নাগৰিক সমাজৰ প্ৰতিনিধি সকলৰ লগত কথা পাতিছিল। ভাবৰ আদান প্ৰদান কৰিছিল। ময়ো তেওঁক দুই/এটা কথা সুধিছিলোঁ।

আৰম্ভণিতে তেওঁ এটা কথা বৰ পৰিষ্কাৰ কৰি কৈছিল। আমি এতিয়া কি কৰিব পাৰোঁ? সংসদ, ন্যায়পালিকা, নিৰ্বাচন আয়োগকে আদি কৰি সকলো অনুষ্ঠান প্ৰতিষ্ঠান এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ ফলীয়া। আমাৰ হাতত এতিয়া কি আছে? আমি এতিয়া কাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰোঁ? এতিয়া দেশৰ জনসাধাৰণেই হৈছে আমাৰ একমাত্ৰ ভৰসা। সেই কাৰণেই আমি আজি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ। তেওঁলোকে এচাম মানুহক কৈছে ভাৰত চোৰো। আমি দেশৰ সমগ্ৰ জনসাধাৰণক কৈছোঁ ভাৰত জোড়ো, আমি ধৰ্ম, ভাষা, জাত-পাত এইবোৰৰ একো পাৰ্থক্য নকৰি সমগ্ৰ ভাৰতৰ মানুহক এক কৰাৰ কথা কৈছোঁ।

তেওঁলোকে ধৰ্মৰ নামত মানুহক ভাগ ভাগ কৰাৰ কথা কৈছে। এই যে কিছুমান ভাৰতীয়ক আন কিছুমান ভাৰতীয়তকৈ বেলেগ কৰি দেখুৱাব বিচৰা হৈছে, তাৰ অৰ্থ কি? নাগৰিক সমাজে আমাক কিয় চৰ্তহীন সমৰ্থন দিব? আমি তেওঁলোকক কিছুমান কথাত নিৰ্ভয় দিব পাৰিব লাগিব। তেওঁলোকৰ শংকা, আশংকাবোৰ আমি নোহোৱা কৰিব পাৰিব লাগিব। এই ক্ষেত্ৰত কংগ্ৰেছেও নিজকে নতুনকৈ আৱিষ্কাৰ কৰিব পাৰিব লাগিব। মুঠৰ ওপৰত, সমগ্ৰ দেশৰ জনসাধাৰণক এক কৰি আমাৰ দেশৰ সাংবিধানিক প্ৰমূল্য সমূহক উৰ্দ্ধত তুলি ধৰাই হৈছে ভাৰত জোড়ো যাত্ৰাৰ মূল উদ্দেশ্য।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd