NORTHEAST NOW (Assamese)

ভূত বিদ্যা: দেশত প্ৰথমটো পাঠ্যক্ৰম মুকলি বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ

December 26, 2019 4:26 pm · এন ই নাও নিউজ
Updated: December 26, 2019 4:52 pm
বেনাৰচ হিন্দু বিশ্ববিদ্যালয়। ছবি-- উইকিমিদিয়া কমনছ।

বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ে জানুৱাৰিৰ পৰা ভাৰতত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিব “ভূত বিদ্যা”ৰ অনুমোদিত পাঠ্যক্ৰম।

ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয়খনৰ আয়ুৰ্বেদ বিভাগে এই পাঠ্যক্ৰম পৰিচালনা কৰিব।

চিকিৎসকসকলৰ বাবে আৰম্ভ কৰা এই পাঠ্যক্ৰম আৰু তাৰ এক সুকীয়া গোট গঠনত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদে শেহতীয়াকৈ অনুমোদন জনাইছে।

আয়ুৰ্বেদ বা আধুনিক চিকিৎসা বিজ্ঞানৰ স্নাতক (BAMS/ MBBS)সকলে এই ছমহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব।

“ভূত” শব্দটোৰ সৈতে জৰিত প্ৰচলিত ধাৰণাৰ বাবে “ভূত বিদ্যা” শুনাত আচহুৱা। কিন্তু ই আয়ুৰ্বেদৰ আঠটা বিভাগৰ অন্তৰ্ভুক্ত এক শাখা যি “মানসিক” ৰোগৰ চিকিৎসা কৰে।

ভূত বিদ্যাৰ সম্পৰ্ক আছে আয়ুৰ্বেদে বিশ্বাস কৰা পঞ্চভূতৰ সৈতে।

আয়ুৰ্বেদমতে ৰোগৰ কাৰণ অগ্নি, পৃথিৱী, বায়ু, জল আৰু আকাশ– এই পঞ্চভূত। ইয়াৰে প্ৰথম চাৰিবিধক চাক্ষুষ আৰু আকাশক অদৃশ্যৰূপে গণ্য কৰা হয়।

ভূত চিকিৎসাই “আকাশ”ৰ চিকিৎসা কৰে।

এই শাখাই “শৰীৰী” ব্যাখ্যা উদ্ধাৰ কৰিব নোৱাৰা “অজ্ঞাতহেতু” বিকাৰ আৰু মানসিক ৰোগৰ মোকাবিলা কৰে।

কাৰ্য্যতঃ “ভূত বিদ্যা” মানসিক ৰোগৰ কাৰণ সন্ধানী আৰু চিকিৎসা প্ৰয়াসী আয়ুৰ্বেদিক পদ্ধতি।

Related News