মুখ্যমন্ত্ৰীৰ কালিৰ সংবাদমেলৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদমেলখনক এণ্টি বেলিষ্টিক মিছাইল স্বৰূপ আখ্যা দিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। গৌৰৱ গগৈৰ সংবাদমেলৰ পিছতে বিহপুৰীয়াস্থিত নিজ বাসভৱনত সাংবাদিকৰে হোৱা বাৰ্তালাপত ভূপেন বৰাই কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ প্ৰসংগ উল্লেখ কৰি কয়, ”কৌটিল্যৰ অৰ্থশআস্ত্ৰত সাম-দাম-দণ্ড-ভেদৰ কথা আছে। মুখ্যমন্ত্ৰীয়ে দীঘলীয়া সময় ধৰি ক্ষমতাত বৰ্তি থাকিবৰ বাবে অসমৰ ৰাইজৰ আশা-আকাংক্ষাৰ কথা পাহৰি কৌটিল্যৰ অৰ্থশাস্ত্ৰত থকাৰ দৰে সেই সাম-দাম-দণ্ড-ভেদ নীতিৰ আশ্ৰয় লৈ আহিছে।’’
মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ১৯৯৩ চনৰ পৰা ২০১৫ চনলৈকে ২৩ বছৰ একেৰাহে ৰাজনীতি কৰাৰ কথা সদৰী কৰি বৰাই কয় যে ১৯৯৩-৯৪ চনত ফাঁচী বজাৰৰ এখন হোটেলত তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মাহৰ পিছত মাহ একেলগে আছিল। গতিকে মুখ্যমন্ত্ৰীয়েও ভূপেন বৰাৰ চৰিত্ৰৰ কথা ভালকৈয়ে জানে আৰু তেওঁ নিজেও মুখ্যমন্ত্ৰীৰ চৰিত্ৰৰ কথা সকলো জানেই বুলি কয়। বৰাই আৰু কয় যে অসমৰ বিভিন্ন জাতীয় সংগঠনে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ দিবলৈ আহ্বান জনোৱাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰতে সংবাদমেলযোগে সকলো প্ৰশ্নৰ উত্তৰ দিয়া বাবে গগৈক সকলোৱে ধন্যবাদ জনোৱা উচিত।
বৰাই কয়, ”অতি সাৱলীল ভাষাত, অতি স্পষ্টভাৱে আৰু অতি সহজ-সৰলভাৱে, অতি নিৰ্ভীকভাৱে, ৰাজহাড় পোন কৰি, বুকু ফিন্দাই, মুখ্যমন্ত্ৰী চকুত চকু থৈ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যোগ্য প্ৰত্যুত্তৰ দিছে।’’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম-দাম-দণ্ড-ভেদ কৌশলৰ ফৰ্মূলা ব্যৰ্থ হৈছে বুলিও কয় বৰাই। মুখ্যমন্ত্ৰীয়ে কালি ৰাজহুৱা কৰা এছআইটিৰ প্ৰতিবেদনক ‘আৰ ছিগা চুগি তাৰ ছিগা চুলি, বান্ধি যাও নেঘেৰী খোপা’ সদৃশ আখ্যা দিয়ে। আজিৰে পৰা ২০২৬ৰ বিধানসভা নিৰ্বাচন আনুষ্ঠানিকভাৱে আৰম্ভ হৈ গ’ল বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।





