• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ছোৱালীয়ে পঢ়া-শুনা কৰি কি কৰিব?’ ঘৰতে থাকি কামবন কৰাৰ পৰামৰ্শ বিজেপি নেতৃত্বাধীন চৰকাৰৰ শিক্ষামন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2026 11:37 am
700
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বেটি বচাও, বেটি পঢ়াও’ শ্লোগানেৰে কেন্দ্ৰীয় চৰকাৰে নাৰী শিক্ষা আৰু সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি অহাৰ সময়তে এনডিএ শাসিত বিহাৰৰ নৱনিযুক্ত শিক্ষামন্ত্ৰীৰ এক মন্তব্যই সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিহাৰৰ নতুন শিক্ষামন্ত্ৰী মিথিলেশ তিৱাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ কয় যে ছোৱালীয়ে পঢ়া-শুনা কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁলোকৰ স্থান ঘৰৰ চাৰিবেৰৰ ভিতৰতহে। ঘৰত থাকি তেওঁলোকে ঘৰুৱা কামবনত সহায় কৰক।

Apply Now

বিহাৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ শিক্ষামন্ত্ৰীৰ এনে নীচ মন্তব্যই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছে।  

গোপালগঞ্জ জিলাৰ বৈকুণ্ঠপুৰ সমষ্টিৰ বিজেপি বিধায়ক মিথিলেশ তিৱাৰীয়ে নতুনকৈ সালসলনি ঘটা বিহাৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কয়, “ছোৱালীয়ে ইমান পঢ়া-শুনা কৰি কি কৰিব? আমাৰ ঘৰৰ ছোৱালীবোৰ আমাৰ শক্তি আৰু সমৃদ্ধিৰ আধাৰ। তেওঁলোক ঘৰতে থকা উচিত আৰু ঘৰুৱা কামত সহায় কৰিব লাগে। ৰাজপথত ওলাই প্ৰতিবাদ কৰা বা জনসমাগমলৈ যোৱাৰ তেওঁলোকৰ কোনো প্ৰয়োজন নাই।”

যেতিয়া সাংবাদিকে তেওঁক নাৰীৰ শিক্ষাৰ অধিকাৰৰ কথা সোঁৱৰাই দিয়ে, তেতিয়া তেওঁ অতি দায়িত্বজ্ঞানহীনভাৱে উত্তৰ দিয়ে যে, “আপোনালোকে আপোনালোকৰ অধিকাৰ এনেয়েই পাব।”

উল্লেখ্য যে, ৰাজনীতিত ভৰি দিয়াৰ পূৰ্বে মিথিলেশ তিৱাৰী নিজে এজন শিক্ষক আছিল। অৰ্থনীতিৰ স্নাতক ডিগ্ৰীধাৰী তিৱাৰীয়ে দীৰ্ঘদিন ধৰি পাটনাত এটা কোচিং চেণ্টাৰো চলাইছিল। এজন প্ৰাক্তন শিক্ষক হৈও শিক্ষামন্ত্ৰীৰ আসনত বহি নাৰী শিক্ষাৰ বিৰুদ্ধে এনে মন্তব্য কৰা কাৰ্যই সকলোকে স্তম্ভিত কৰি তুলিছে।

ছচিয়েল মিডিয়াত এই মন্তব্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে মন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰিছে। বহুতৰে মতে, সংবিধানৰ ২১(এ) অনুচ্ছেদ অনুসৰি শিক্ষা প্ৰত্যেকৰে মৌলিক অধিকাৰ। এনেস্থলত এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ মুখত এনে ‘মধ্যযুগীয়’ চিন্তা-ধাৰা কোনোমতেই গ্ৰহণযোগ্য নহয়।

Meet the new Education Minister of Bihar, Mithilesh Tiwari. He says girls do not need education and should stay at home.🤦🏻‍♂️ pic.twitter.com/jjuoqOpDbX

— Manish RJ (@mrjethwani1) May 10, 2026

বিৰোধী দলসমূহেও এই ঘটনাক লৈ বিজেপি তথা বিহাৰ চৰকাৰক লক্ষ্য কৰি লৈছে। অৱশ্যে কোনো কোনোৱে মন্ত্ৰীগৰাকীৰ ভাষ্যৰ ভুল ব্যাখ্যা হোৱা বুলিও দাবী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

প্ৰাসংগিক প্ৰশ্ন : আমি এতিয়া কি কৰা উচিত?‎

June 25, 2026 12:37 pm
মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

মই ‘কমিউনিষ্ট’ নহয়! নিজৰ স্থিতি স্পষ্ট কৰিলে মেয়ৰ মামদানিয়ে

June 25, 2026 12:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

বাৰিষাৰ প্ৰথমটো বানৰ সংহাৰ : ২০ হাজাৰৰো অধিক লোক আক্ৰান্ত, ৰাজ্যত হাই এলাৰ্ট জাৰি

June 25, 2026 1:05 pm
গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

গাজাত ধ্বংস হৈছে শৈশৱ! যুদ্ধত প্ৰাণ গ’ল ২০ হাজাৰৰো অধিক শিশুৰ, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ পাছতে জৰুৰী হস্তক্ষেপ বিচাৰিলে পেলেষ্টাইনে

June 25, 2026 12:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd