মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰখনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা বিহাৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ মাৰ্কশ্বীটত ‘ফেইল’ শব্দটো আৰু ছপা নহ’ব। ইয়াৰ পৰিৱৰ্তে লিখা হ’ব ‘Eligible For Skill’ অৰ্থাৎ দক্ষতাৰ বাবে যোগ্য।
বৃহস্পতিবাৰে নিশা এখন বৈঠকত এই আনুষ্ঠানিক ঘোষণা কৰে বিহাৰৰ শিক্ষামন্ত্ৰীগৰাকীয়ে। আনকি এই সন্দৰ্ভত প্ৰতিখন ৰাজ্যৰ স্কুল ব’ৰ্ডলৈও নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।
শিক্ষামন্ত্ৰীৰ যুক্তি যে পৰীক্ষাৰ সময়ত আশানুৰূপ নম্বৰ নোপোৱাটো কোনো শিক্ষাৰ্থীৰ প্ৰতিভাৰ প্ৰতিফলন বুলি গণ্য কৰা উচিত নহয়। ল’ৰা-ছোৱালীৰ মনোবল বজাই ৰাখিব লাগিব। সেইবাবেই বিহাৰ চৰকাৰে প্ৰমাণ পত্ৰৰ পৰা ‘ফেইল’ শব্দটো আঁতৰোৱাৰ সিদ্ধান্ত লৈছে।
ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী মিথিলেশ তিৱাৰীয়ে মেট্ৰিক পৰিপূৰক (ছাপ্লিমেন্টৰী) পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে এক বিশেষ শ্ৰেণী ঘোষণা কৰিছে। এই সন্দৰ্ভত এগৰাকী বিষয়াই কয় যে ছাত্ৰ-ছাত্ৰীসকলক অতিৰিক্ত প্ৰস্তুতি আগবঢ়োৱাৰ লগতে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই শ্ৰেণীসমূহ এমাহ ধৰি চলিব।
তদুপৰি ৰাজ্যৰ মুখ্যমন্ত্রী সম্ৰাট চৌধুৰীয়ে পূর্বে উল্লেখ কৰিছিল যে সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু শনিবাৰে পুৱা ৯:৩০ বজাৰ পৰা বিয়লি ১ বজালৈ চৰকাৰী বিদ্যালয় খোলা থাকিব৷
আনহাতে, ৰাজ্য চৰকাৰে পাঠ্যপুথিভিত্তিক শিক্ষাৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীক বিভিন্ন কাম-কাজৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি শনিবাৰে চৰকাৰী বিদ্যালয়ত প্ৰৱৰ্তন কৰা হৈছে ‘নো বেগ ডে’। অৰ্থাৎ এই দিনটোত ছাত্ৰ-ছাত্ৰীয়ে স্কুললৈ বেগ আনিব নালাগে।
জানিব পৰা মতে, এই দিনটোত নিয়মীয়া শ্ৰেণীকোঠাৰ পাঠদানৰ সময়ত কম গুৰুত্ব দিয়া এনে সকলো কামতে ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ সুযোগ দিয়া হ’ব। আনকি বিষয়াসকলেও কয় যে এই দিনটোত ছাত্ৰ-ছাত্ৰীসকলে থিয়েটাৰ, সংগীত বা অন্যান্য সৃষ্টিশীল কামৰ দৰে ক্ষেত্ৰৰ সংস্পৰ্শলৈ আহিব।
ইয়াৰ লগতে নিয়মীয়া পাঠদানৰ উপৰিও শিক্ষকসকলকো অতিৰিক্ত দায়িত্ব দিয়া হৈছে। বিদ্যালয়ৰ প্ৰয়োজন অনুসৰি ক্ষেত্ৰ পৰ্যায়ৰ পৰিকল্পনা, মূল্যায়ন, ডায়েৰী ৰক্ষণাবেক্ষণ, ঘৰুৱা কাম পৰীক্ষা, পৰীক্ষাগাৰ পৰিচালনা বা অন্যান্য কামত অতিৰিক্ত এঘণ্টা সময় কটাব। চৰকাৰৰ এই ঘোষণা ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ বাবে লোৱা হৈছে।





