বজালীত মুখামুখি খুন্দা দুখন বাইকৰ, থিতাতে নিহত এজন

Bajali

বজালীত দুৰ্ঘটনাগ্ৰস্ত বাইক কেইখন। ছবি- নৰ্থ ইষ্ট নাও।

বজালীৰ পাঠশালা-সৰ্থেবাৰী জিনাৰাম দাস পথৰ টেপাৰট্টাৰীত শুকুৰবাৰে আবেলি দুখন বাইকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত এজন ব্যক্তি নিহত হোৱাৰ লগতে আহত হৈছে আন দুজন যুৱক।

নিহত বাইক আৰোহীজন বাগনা নিবাসী, এল আই চি এ’জেণ্ট বলেন শৰ্মা। আনহাতে আহত হৈছে ধীৰাজ শৰ্মা আৰু হৰিহৰ ডেকা নামৰ দুজন যুৱক।

লগতে পঢ়ক– পাঠশালাত স্কুটি, গাড়ী আৰু ২ খন বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত যুৱক

আহত দুয়োজন যুৱককে পাঠশালা চহিদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। যুৱক দুজনৰ ঘৰ  সৰ্থেবাৰীত বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে নিজ গৃহৰ পৰা পাঠশালালৈ আহি থকা বলেন শৰ্মাৰ এ এচ ১৫এফ ৮৬৬২ নম্বৰৰ চুপাৰ স্প্লেন্ডাৰ আৰু পাঠশালাৰ পৰা সৰ্থেবাৰী অভিমুখে আহি থকা যুৱক দুজনৰ এ এচ ১৪এইচ ২৬২৫ নম্বৰৰ এপাচি বাইকখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

আহত  দুয়োজন যুৱক সুৰামত্ত অৱস্হাত থকা বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।