NORTHEAST NOW (Assamese)

“সংকল্প যাত্ৰা”ৰ বাবে আজি বৰপেটাৰ পৰা ওলাল বাইক ৰেলী

November 13, 2018 2:53 pm · পুলেন্দ্ৰ দাস
"সংকল্প যাত্ৰা"ৰ বাবে বৰপেটাৰ পৰা ওলোৱা বাইক ৰেলী। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনে শদিয়া, গোলাঘাট, ধুবুৰী আৰু ডিফুৰ পৰা উলিওৱা বাইক ৰেলী আজি বৰপেটা চহৰৰ পৰাও উলিওৱা হয়।

বৰপেটা চহৰৰ পৰা উলিওৱা বাইক ৰেলীৰ দলটোৱে ধুবুৰীৰ পৰা উলিওৱা বাইক ৰেলীৰ দলটোৰ সৈতে হাউলীত লগ হৈ গুৱাহাটীলৈ ৰাওনা হ’ব ৷

বৰপেটা চহৰৰ পৰা উলিওৱা বাইক ৰেলীৰ দলটোক নেতৃত্ব দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সম্পাদক দণ্ডীনাথ বৰ্মন আৰু কাজী নজমুল হকে ৷ বাইক ৰেলী আৰম্ভ হোৱাৰ সময়ত বহু সংখ্যক লোকৰ সমাগম হয়।

উল্লেখ্য যে,  ১১ নবেম্বৰৰ পৰা শদিয়া, গোলাঘাট, ধুবুৰী আৰু ডিফুৰ পৰা সংকল্প যাত্ৰাৰ বাবে উলিওৱা বাইক ৰেলীৰ চাৰিওটা দলে অহা ১৭ নবেম্বৰত গুৱাহাটীত সমবেত হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

Related News