• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুৰিণক আদৰাৰ চলেৰে গুৱাহাটীত বিজেপিৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন অসম জাতীয় পৰিষদৰ

২১ ৰ এপ্ৰিল- মে’ মাহেই অসমৰ ৰাইজৰ বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় : লুৰীণজ্যোতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 23, 2020 8:05 pm
a lurrrrrrr
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম জাতীয় পৰিষদৰ নৱ নিযুক্ত সভাপতি লুৰীণজ্যোতি গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰি প্ৰথমবাৰলৈ গুৱাহাটীত উপস্থিত হোৱাত অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলে উষ্ম আদৰণি জনায়।

গুৱাহাটীৰ খানাপাৰাৰ পৰা মাছখোৱা আন্ধাৰুবালিলৈকে সহস্ৰাধিক বাইকৰে সৈতে ৰেলী কৰি লুৰীণজ্যোতি গগৈক সম্বৰ্ধনাস্থলীলৈকে লৈ যায় তেওঁৰ সমৰ্থকসকলে।

Apply Now

উজনি অসমৰ পাছত অসমৰ ৰাজহাডস্বৰূপ গুৱাহাটীত নতুনকৈ গঠন হোৱা আঞ্চলিক দলটোৰ এয়া এক প্ৰকাৰৰ শক্তি প্ৰদৰ্শন বুলি ক’লেও বহলাই কোৱা নহ’ব।

উক্ত ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত তেওঁক আদৰণি জনায় বহু স্থানীয় সংগঠন, জাতীয় মহিলা শক্তি, জাতীয় যুৱ পৰিষদকে ধৰি অন্যান্য বহুতে।

উক্ত অনুষ্ঠানত উদ্দাত্ত কন্ঠৰে ভাষণ ৰাখে লুৰীণজ্যোতি গগৈয়ে।

তেওঁ কয় ‘জাতীয়তাবাদী স্বাভিমানৰ সন্তান হ’ল অসম জাতীয় পৰিষদ। ৰাইজে বুকুৰ মাজত অসম জাতীয় পৰিষদক স্থান দিয়ক। নিজৰ সৰ্বোচ্চ ত্যাগ কৰি আই মাতৃক সেৱা কৰিম।’
অসমৰ ভবিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যবাসীক আগবাঢ়ি আহিবলৈ লুইতৰ পাৰৰ পৰা লুৰিণে অনুৰোধ জনাই লুৰীণে লগতে কয় ‘২১ ৰ এপ্ৰিল মে’ মাহটোৱে অসমৰ ৰাইজৰ বিজেপিৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময়।ৰাষ্ট্ৰীয় শক্তিক উৎখাত কৰি জাতীয়তাবাদীৰ বিজয় ধ্বজা চিৰদিনৰ বাবে উৰুৱাবলৈ এপ্ৰিল, মে শ্ৰেষ্ঠ সময়।

ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে আৰু কয় ‘ আগতে কংগ্ৰেছৰ সূতা কম্বল আৰু  এতিয়া বিজেপিৰ ৮৩০ টকাৰ মাজত কোনো পাৰ্থক্য নাই। এফালে বিনামূলীয়া চাউল দিছে, আনফালে ৮০ টকাত পিয়াঁজ বিক্ৰি, ১৬০ টকাত দালি বিক্ৰীৰে ৰাইজক লুণ্ঠন কৰিছে চৰকাৰে। প্ৰলোভনৰ জাল ফালি উত্তৰণৰ দিশত আমি আগবাঢ়িব লাগিব।’

‘অসম বিৰোধী শক্তিক পুলিয়ে পোখাই উৎখাত কৰি ব্ৰহ্মপুত্ৰত দলিয়াবলৈ অসমৰ জনগণে যদি মন স্থিৰ কৰি লয় তেন্তে ইয়াৰ ফলাফল ২০২১ ৰ এপ্ৰিল আৰু মে মাহতে ওলাব।‘ লুৰীণে লগতে কয়।

ইপিনে, অসমৰ হকে কাম কৰিবলৈ বহু দায়িত্ব আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘অসম চুক্তিৰ সফল কৰিবলৈ দায়িত্ব আছে। চৰকাৰৰ বিদেশীপ্ৰীতিৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী কৰিও বিদেশী মুক্ত অসম আমি নাপালো।  চৰকাৰৰ বিফলতাৰ বাবে বিদেশীযুক্ত এখন নাগৰিকপঞ্জী লাভ কৰিলো।‘

তদুপৰি, অসমৰ জনগণৰ সমস্যাক লৈ বৃহৎ নদীবান্ধৰ সমস্যা, বান-গড়াখহনীয়াৰ সমস্যা সমাধানৰ দিশত পৰিকল্পিত অৰ্থনৈতিক বুনিয়াদ মজবুত কৰাৰ বাবে নিঁখুত পৰিকল্পনাৰে অসমৰ সমাজ জীৱনক আগুৱাই লৈ যোৱাই অসম জাতীয় পৰিষদৰ মুল লক্ষ্য বুলি নেতাগৰাকীয়ে উল্লেখ কৰে।

‘ধৰ্মীয় মেৰুকৰণৰ নাগপাশত যাতে অসমীয়া ৰাইজ বলি নোহোৱাকৈ এইখন অসমত আমাৰ সাতামপুৰুষীয়া আমাৰ ঐক্য, সমন্বয় আৰু সম্প্ৰীতি অটুত থকাকৈ আমি আগন্তুক সময়ত আগুৱাই যাৱ লাগিব।‘ লুৰীণে লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd