NORTHEAST NOW (Assamese)

টীয়কত ভাৰতীয় যুৱ মৰ্চাৰ বিশাল বাইক ৰেলী

November 28, 2020 5:55 pm · নিৰ্মলেন্দু পাঠক

টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত কলিয়াপানী মণ্ডল ভাৰতীয় যুৱ মৰ্চাৰ বৰ্ধিত কাৰ্যনিবাহক সভা আজি জগদুৱাৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় ।

মণ্ডল যুৱ মৰ্চাৰ সভাপতি অজয় ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস,উপ সভাপতি ৰফিক উজ জামান,যুৱ মৰ্চাৰ জিলা সভাপতি অৰূপ বৰদলৈ, সাধাৰণ সম্পাদক আইচেং সন্দিকৈ, বিজেপিৰ চিকিৎসা কোষৰ ৰাজ্যিক সদস্য ডা:যদুনাথ বুঢ়াগোহাঁই উপস্থিত থাকে।

বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য ক্ৰমে জিতু হাজৰিকা, অসীম বৰুৱা, দেৱজিত বৰুৱা, বিজেপিৰ  টীয়ক সমষ্টিৰ তত্বাবধায়ক দীপক গোস্বামী, কলিয়াপানী মণ্ডল বিজেপিৰ সভাপতি দীপক শইকীয়া,যুৱ নেতা প্ৰদীপ বৰুৱাকে ধৰি বহু কেইগৰাকী নেতাও উক্ত সভাত উপস্থিত থাকে ।

সভাৰ পূৰ্বে লাহদৈগড় চাৰিআলিৰ পৰা সভাগৃহলৈ এক বিশাল বাইক ৰেলী উলিয়ায় যুৱ মৰ্চাৰ কৰ্মী সকলে।

উল্লেখযোগ্য যে যুৱ মৰ্চাই অসমৰ প্ৰতিটো সমষ্টিতে ৩০ জনকৈ যুৱ শক্তি লৈ বুথসমূহ গঠন কৰি অনাগত দিনত তৃণমূল পৰ্যায়ত সংগঠন শক্তিশালী কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে লগতে এই শক্তিয়ে নিৰ্বাচন জয়ত অধিক অৰিহণা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related News