• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেফ্ৰি এপষ্টেইনৰ সৈতে থকা সম্পৰ্কক লৈ বিল গেটছৰ ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2026 4:28 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এপষ্টেইন ফাইলছক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে অৱশেষত মুখ খুলিছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছে। শেহতীয়াকৈ গেটছ ফাউণ্ডেশ্যনৰ কৰ্মচাৰীসকলৰ সৈতে অনুষ্ঠিত হোৱা এক আভ্যন্তৰীণ বৈঠকত তেওঁ জেফ্ৰি এপষ্টেইনৰ সৈতে থকা তেওঁৰ পূৰ্বৰ সম্পৰ্কৰ বাবে ক্ষমা বিচাৰে। দোষী সাব্যস্ত হোৱা যৌন অপৰাধী এপষ্টেইনৰ সৈতে হোৱা যোগাযোগক তেওঁ নিজৰ জীৱনৰ এক ডাঙৰ ভুল বুলি স্বীকাৰ কৰিছে। এই নতুনকৈ প্ৰকাশ পোৱা তথ্য আৰু বিতৰ্কৰ বাবেই শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ পৰাও গেটছে নিজকে আঁতৰাই ৰাখিছে।

ফাউণ্ডেশ্যনৰ কৰ্মচাৰীসকলৰ আগত গেটছে স্পষ্ট কৰে যে এপষ্টেইনৰ সৈতে সময় কটোৱা আৰু সেই বৈঠকত ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ বিষয়াৰ দৰে লোকসকলক জড়িত কৰাটো তেওঁৰ এক বৃহৎ ভুল আছিল। তেওঁ কয় যে তেওঁ কৰা ভুলৰ বাবে যিসকল লোক বিতৰ্কৰ মাজলৈ আহিবলগীয়া হ’ল, তেওঁলোকৰ ওচৰত তেওঁ ক্ষমাপ্ৰাৰ্থী। টাউন হলৰ এই বৈঠকত তেওঁ নিজৰ কাৰ্যৰ সম্পূৰ্ণ নৈতিক দায়িত্ব গ্ৰহণ কৰে। অৱশ্যে গেটছে এপষ্টেইনৰ কোনো ধৰণৰ অবৈধ কাম-কাজৰ সৈতে তেওঁ জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে। তেওঁ কয় যে তেওঁ কেতিয়াও কোনো অবৈধ কাম কৰা দেখা নাই আৰু এপষ্টেইনৰ ভুক্তভোগীসকলৰ সৈতেও তেওঁৰ কোনো যোগাযোগ নাছিল।

Apply Now

শেহতীয়া সংবাদ মাধ্যমৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এপষ্টেইন ফাইলছত বিল গেটছৰ সৈতে দুজনী ৰাছিয়ান মহিলাৰ সম্পৰ্কৰ কথাও পোহৰলৈ আহিছিল। এই সন্দৰ্ভত গেটছে স্বীকাৰ কৰিছে যে তেওঁৰ তেনে সম্পৰ্ক আছিল যদিও সেই মহিলাসকল কোনো কাৰণতে এপষ্টেইনৰ ভুক্তভোগী নাছিল। আমেৰিকাৰ ন্যায় বিভাগৰ কিছুমান নথিপত্ৰত গেটছ আৰু এপষ্টেইনৰ মাজৰ বৈঠকৰ ফটোও প্ৰকাশ পাইছিল, যিবোৰত তেওঁক কিছুমান মুখ লুকুৱাই ৰখা মহিলাৰ সৈতে পোজ দিয়া দেখা গৈছিল। ইয়াৰ পিছতেই বিশ্বজুৰি তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

এই বিতৰ্কৰ প্ৰভাৱ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এআই ইমপেক্ট ছামিটটো পৰা দেখা গৈছে। গুগলৰ সুন্দৰ পিচাই আৰু অ’পেনএআইৰ ছেম অল্টমেনৰ দৰে ব্যক্তিসকলৰ সৈতে এই সন্মিলনত গেটছে ভাষণ দিয়াৰ কথা আছিল। কিন্তু অন্তিম মুহূৰ্তত গেটছ ফাউণ্ডেশ্যনে তেওঁৰ অংশগ্ৰহণ বাতিল কৰে। ফাউণ্ডেশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে যে সন্মিলনৰ মূল লক্ষ্যসমূহৰ পৰা যাতে মানুহৰ দৃষ্টি আঁতৰি নাযায়, তাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে। ফাউণ্ডেশ্যনে আগতেও স্পষ্ট কৰি দিছিল যে তেওঁলোকে কেতিয়াও এপষ্টেইনক কোনো আৰ্থিক লেনদেন কৰা নাছিল বা তেওঁক নিযুক্তিও দিয়া নাছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd