• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহৰ শুভাৰম্ভণি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 14, 2019 6:28 am

2 min read

13-06-19 Guwahati- Badla Padma Ata Purushar Satriya samaroh (6)

বৃহস্পতিবাৰে শ্ৰী শ্ৰী বদলা আতা পুৰুষৰ জয়ন্তী উপলক্ষে আ.ওজিত সত্ৰীয়া সমাৰোহৰ এটি দৃশ্য। ফটো : য়ু বি

1.2k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰে পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহ ২০১৯। পুৱা উষা কীৰ্তনৰ পিছতে ৬বজাত গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। তিতাবৰৰ শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভৱকান্ত দেৱ গোস্বামীয়ে গুৰু আসন প্ৰতিষ্ঠা কৰে।

ইয়াৰ পিছতে পুৱা ৭ বজাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ ভক্ত সকলে পুৱা প্ৰসংগ কৰি মণ্ডপস্থলী পবিত্ৰময় কৰি তোলে। পুৱা ৯ বজাত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামীয়ে মূল ধৰ্মধ্বজ্জা আৰু আমন্ত্ৰিত অতিথি সকলে মুঠ ১৮ খন ধৰ্মধ্বজ্জা উত্তোলন কৰি মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

বিভিন্ন সত্ৰৰ বুঢ়া ভকত সকল, উদযাপন সমিতিৰ সভাপতি হৃষীকেশ গোস্বামী, সম্পাদক তথা কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি বিষয়ববীয়া সকল, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক বিভাগৰ সঞ্চালিকাকে ধৰি মুঠ ওঠৰ গৰাকী ব্যক্তিয়ে ওঠৰখন ধৰ্মধ্বজ্জা উত্তোলন কৰে।

ইয়াৰ পিছতে অনুষ্ঠিত হয় ভাগৱত পৰিভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পী সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হয়। বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদৰ উপস্থিতিত দ্বাৰ মুকলি কৰে জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই। এই প্ৰদৰ্শনীত উত্তৰ কমলাবাৰী, আউনীআটি, বৰপেটা, বৰদোৱা সত্ৰকে ধৰি অসমৰ কেবাখনো প্ৰাচীন সত্ৰত সংৰক্ষিত হৈ থকা বিভিন্ন সম্পদৰাজিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, সমাৰোহথলীত সজাই পৰাই উলিওৱা আৰ্হি কীৰ্তনঘৰত গায়ন-বায়ন আৰু বাহাৰ নাচ প্ৰদৰ্শন কৰা হয়। দুপৰীয়া আৰম্ভ হয় ভাওনা সমাৰোহ। সুদৃশ্য আৰ্হি কীৰ্তনঘৰত আৰম্ভ হয় ভাওনা সমাৰোহ। ইয়াতে চোৰধৰা, পিম্পৰা গুচোৱা আৰু ভূমিলেটোৱা ঝুমুৰা প্ৰদৰ্শন কৰা হয়।

আবেলিলৈ অনুষ্ঠিত হয় ৰজাঘৰীয়া চালি নৃত্য প্ৰদৰ্শন। চাৰিবজাত পুনৰ অৰ্জুন ভঞ্জন ঝুমুৰা প্ৰদৰ্শন কৰা হয়। বিয়লি অনুষ্ঠিত হয় জনগোষ্ঠীয় নৃত্য সমাৰোহ। এই সমাৰোহত অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী মুখ্য অতিথি ৰূপে উপস্থিত থাকে। সন্ধিয়ালৈ সান্ধ্য প্ৰসংগ আৰু সামূহিক বন্তি প্ৰজ্বলনৰ পাছতে অংকীয়া নাটৰ প্ৰদৰ্শন অনুষ্ঠিত হয়।

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd