NORTHEAST NOW (Assamese)

সাহিত্যিক নগেন কোঞৰৰ স্বাস্থ্যৰ বুজ ল’লে বিশ্বনাথৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই

November 21, 2018 5:11 pm · কাজি জেইদুল ইছলাম
Updated: November 21, 2018 6:22 pm

বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই আজি কবি, সাহিত্যিক তথা অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক নগেন কোঞৰৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

উল্লেখযোগ্য যে গহপুৰ নিৱাসী বিশিষ্ট সাহিত্যিকগৰাকীৰ অলপতে হৃদৰোগৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

উপায়ুক্তগৰাকীৰ লগতে তেওঁৰ সৈতে উপস্থিত থকা বিশ্বনাথৰ জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাই বৰ্ষীয়ান লেখকগৰাকীক তেওঁৰ ৭৬ সংখ্যক ওপজা দিনৰ আগতীয়া শুভকামনাও জ্ঞাপন কৰে।

অহা ২৩ নৱেম্বৰত সাহিত্যিকগৰাকীৰ ওপজা দিন উপলক্ষে গহপুৰৰ ছাঁ সাহিত্য গোষ্ঠীৰ উদ্যোগত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। য’ত তেওঁৰ কীৰ্তি-কৃতিত্ব আৰু জীৱনৰ বিভিন্ন দিশ সামৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮০ গৰাকীকৈ লেখকৰ ৰচনাৰে সমৃদ্ধ এখন অভিনন্দন গ্ৰন্থও আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব।

উক্ত অভিনন্দন গ্ৰন্থখনৰ সম্পাদনা কৰিছে কবি-নিবন্ধকাৰ তথা সমালোচক বিপুল কুমাৰ দিহিঙীয়াই।

Related News