পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু বিশ্বনাথ; ৰাজনৈতিক দলৰে প্ৰশাসনৰ বৈঠক

Election

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যিক নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচনৰ সূচী ঘোষণা কৰাৰ লগে লগে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া বিশ্বনাথ জিলাত নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই তৎপৰতাৰে বিশ্বনাথ সদৰ মহকুমাৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বৈঠকত উপায়ুক্তগৰাকীৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে দিগন্ত বৈশ্য আৰু পাৰভেজ আমিন উপস্থিত থাকি ৰাজনৈতিক দলসমূহক নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ বিষয়ে অৱগত কৰে আৰু এই আচৰণবিধি মানি চলিবলৈ সকলো দলকে আহ্বান জনায়।

সকলো ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু অন্যান্যসকলৰ ওপৰত নিৰ্বাচনী আচৰণবিধি নিৰীক্ষণ কোষে ইতিমধ্যেই তীক্ষ্ণ নজৰ ৰাখিছে আৰু এই বিধি উলংঘা কৰাসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে অৱগত কৰে।

উল্লেখযোগ্য যে অহা ৫ ডিচেম্বৰত ৰাজ্যৰ ১৬খন জিলাৰ লগতে বিশ্বনাথ সদৰ মহকুমাৰ অধীনৰ ৫ খন আঞ্চলিক পঞ্চায়ত, ৯ টা জিলা পৰিষদ সমষ্টি আৰু ৪২ খন গাঁও পঞ্চায়তৰ বাবেও ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।