যি সময়ত বিশ্বত ডিজিটেল কাৰেন্সী বা ক্ৰিপ্টোকাৰেন্সীৰ বহুল প্ৰসাৰ তথা জনপ্ৰিয়তা লাভ কৰিছে সমান্তাৰল ভাবে ইয়াক নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট নীতি নিৰ্দেশনাৰ অভাৱত অনৈতিক কাৰ্যও সংঘটিত হৈ অহিছে। উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ভাৰতত বিটকইনৰ ট্ৰেডিংক “হাৱালা ব্যৱসায়ৰ অত্যাধুনিক ৰূপ” বুলি অভিহিত কৰি এক ৰায় দান দিছে। বিটকইনৰ অবৈধ ব্যৱসায়ৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শৈলেশ বাবুলাল ভাটৰ সৈতে জড়িত এক গোচৰৰ সময়তে এই বিবৃতি প্ৰকাশ কৰিছে। ন্যায়াধীশ সূৰ্য কান্ত আৰু এন কোটিশ্বৰ সিঙৰ নেতৃত্বত গঠিত বিচাৰপীঠে ভাৰত চৰকাৰে বিটকইনৰ দৰে ভাৰ্চুৱেল মুদ্ৰা নিয়ন্ত্ৰণৰ বাবে এতিয়াও স্পষ্ট নিয়ম নিৰ্ধাৰণ নকৰাত উদ্বেগ প্ৰকাশ কৰি কয় যে সঠিক নিয়ন্ত্ৰণ অবিহনে এনে ব্যৱসায় হাৱালাৰ সৈতে মিল খাব পাৰে, যিটো পৰম্পৰাগত ব্যৱস্থাৰ সৈতে অনানুষ্ঠানিকভাৱে ধন হস্তান্তৰ কৰা হয় আৰু ই প্ৰায়ে আইনী পক্ৰিয়াক অতিক্ৰম কৰি যায়।
দুবছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে চৰকাৰক ভাৰ্চুৱেল মুদ্ৰাৰ ব্যৱসায়ৰ নীতি স্পষ্ট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও এতিয়ালৈকে কোনো সঁহাৰি জনোৱা নাই। আদালতে বিটকইনক কেন্দ্ৰ কৰি হোৱা বিভ্ৰান্তিৰ ওপৰত আলোকপাত কৰি, বিচাৰপীঠে স্বীকাৰ কৰে যে ইয়াক সম্পূৰ্ণৰূপে বুজি নাপায় যদিও কিছুমান বিটকইন ভুৱা হ’ব পাৰে বুলি বিশ্বাস কৰে। এই স্পষ্টতাৰ অভাৱে ব্যৱসায়ী আৰু আইন প্ৰয়োগকাৰী উভয়ৰে বাবে সমস্যাৰ সৃষ্টি কৰে।
উল্লেখ্য যে ২০২০ চনত উচ্চতম ন্যায়ালয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ চক্ৰান্তমূলক নীতি বাতিল কৰি বেংকসমূহক ক্ৰিপ্টোকাৰেন্সীৰ সৈতে লেনদেন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল, যাৰ ফলত বিটকইনৰ ব্যৱসায়ৰ বৈধতা নস্যাত কৰিছে। নিয়ন্ত্ৰণ কাঠামোৰ অভাৱৰ বাবে সমস্যাসমূহ এতিয়াও অব্যাহত আছে। এই গোচৰটোত এজন লোকে বিটকইন ট্ৰেডিঙৰ জৰিয়তে উচ্চ লাভৰ প্ৰতিশ্ৰুতি দি বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যই ভাৰতত ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণৰ বাবে চৰকাৰীভাৱে তাৎক্ষণিক ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা প্ৰতিফলিত কৰিছে। স্পষ্ট নিয়ম অবিহনে অবৈধ কাৰ্যকলাপ ৰোধ, বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান তথা ভাৰ্চুৱেল মুদ্ৰাৰ ব্যৱসায় সুৰক্ষিত আৰু স্বচ্ছ হোৱাটো নিশ্চিত কৰিব নোৱাৰে। সেয়ে ন্যায়ালয়ে ইয়াক হাৱালাৰ সৈতে তুলনা কৰি দেশত অনিয়ন্ত্ৰিত বিটকইন ব্যৱসায়ৰ বিপদৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে।