কয়লাৰ আন্তঃৰাষ্ট্ৰীয় ছিণ্ডিকেটৰ এজন মুখ্য পৃষ্ঠপোষক হ’ল মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা৷
মাৰ্ঘেৰিটা সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এখন সভাত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি বিতু সোণোৱালে।
উল্লেখযোগ্য যে, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দলৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ আহ্বায়ক সমিতি আজি গঠন কৰা হয়।
মাৰ্ঘেৰিটাৰ মাৰোৱাৰী বিবাহ ভৱনত অনুষ্ঠিত ৰাইজৰ দলৰ সভাত সভাপতিত্ব কৰে চন্দ্ৰকান্ত কোঁৱৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পাপু দত্তয়।
সভাত উপস্থিত থাকি ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক টংকেশ্বৰ মৰাণে দলৰ লক্ষ্য-উদ্দেশ্য আৰু ভৱিষ্যৎ কৰ্মপন্থা সম্পৰ্কত আলোকপাত কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি বিতু সোণোৱালে বিজেপি চৰকাৰ জাতি-মাটি-ভেটি ৰক্ষাত যে সম্পূৰ্ণ ব্যৰ্থ হৈছে, সেই সম্পৰ্কে বিস্তৃত বিৱৰণ দাঙি ধৰাৰ লগতে আগন্তক ২০২১ চনৰ নিৰ্বাচনত মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ প্ৰতিনিধি জয়ী হ’ব বুলি মত প্ৰকাশ কৰে।
বিতু সোণোৱালে কয় যে, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই ইমান সম্পত্তি কেনেকৈ সংগ্ৰহ কৰিছে, ভাস্কৰ শৰ্মাৰ ইতিহাস অসমৰ সকলোৱে জানে অসমত যদি সকলোতকৈ ধনবান এম এল এ আছে সেইজনেই হ’ল ভাস্কৰ শৰ্মা।
আনহাতে, শৰ্মা ইমান টকা আৰু সম্পত্তিৰ অধিকাৰী ক’ৰ পৰা হ’ল বুলিও সোণোৱালে সভাত প্ৰশ্ন কৰে।
তদুপৰি, মাৰ্ঘেৰিটাৰ চোৰাং কয়লাৰ বজাৰখন চলাই অহা বিধায়ক ভাস্কৰ শৰ্মা কয়লাৰ ইন্টাৰনেশনেল ছিণ্ডিকেটৰ মুখ্য পৃষ্ঠপোষক বুলিও অভিযোগ কৰে বিতু সোণোৱালে।