• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিত্ৰতাত মেলিব নেকি ফাঁট! সমষ্টি মিলোৱা অংকত মহা আউল অগপ-বিজেপিৰ

এৰিব কোনে, ধৰিব কোনে? অগপৰ সমষ্টি লাগে বিজেপিক, বিজেপিৰ সমষ্টি লাগে অগপক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 11, 2021 4:44 pm
Actor Navdeep, Co Founder C Space Along With Rakesh Rudravanka - CEO - C Space

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ ৰ নিৰ্বাচনলৈ মাজত মাথোঁ এটা মাহ। এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই কোনো এটা দলৰে ৰাজনৈতিক সমীকৰণ।

কি মিত্ৰজোঁট, কি মহাজোঁট আসনৰ বুজা-বুজিৰ ক্ষেত্ৰত এতিয়াও কোনো এটা ৰাজনৈতিক দলেই এতিয়া ঐক্যমতত উপনীত হ’ব পৰা নাই।

Apply Now

ইপিনে, সমষ্টিয়ে সমষ্টিয়ে এতিয়া প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ অথবা তৎপৰতা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে।

আনকি এতিয়া মিত্ৰজোঁট অগপ বিজেপিৰ অন্তঃকন্দল এনে পৰ্য্যায় পাইছে যে অগপ বিধায়কৰ ৰাজত্ব এলেকাত ক্ষুব্ধ হৈছে বিজেপি কৰ্মীসকল। তেওঁলোকে দলৰ উচ্চস্তৰীয় নেতৃত্বক বাৰেপতি সমষ্টিটোত এজন বিজেপিৰ প্ৰাৰ্থী থিয় কৰাবলৈ আহ্বান জনাইছে বুলি আমাৰ হাতলৈ খবৰ আহিছে।

ঠিক সেইদৰে অগপয়ো নাচোৰ বান্দা। মিত্ৰজোঁটৰ দ্বিতীয় বৃহৎ দল হিচাপে বিজেপিৰ পৰা তেওঁলোকে ৪০ খন আসন যিকোনো প্ৰকাৰে ল’ব বুলি ইতিমধ্যে স্পষ্ট ঘোষণা কৰিছে অগপৰ এগৰাকী বিধায়কে।

লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্তই এই সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কয়, ‘আমাৰ বিধায়ক থকা ১৪ খন আসন আমি কোনোপধ্যেই এৰি নিদিওঁ। ইয়াৰোপৰি, আমি মুঠ ৪০ খন আসন বিজেপিৰ পৰা বিচাৰিম বা আশা কৰিম। বিজেপিয়েও আমাক দিব লাগিব।‘

ইপিনে পাঁচবাৰকৈ বিধায়ক হৈ অহা উৎপল দত্তৰ লখিমপুৰ সমষ্টিত এইবাৰ বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাবলৈ ইচ্ছুক। ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৃথকে পৃথকে লখিমপুৰত গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

কিন্তু এইক্ষেত্ৰত নাচোৰবান্দা অগপৰ বিধায়ক উৎপল দত্ত। সমষ্টিটোৰ পৰা তেওঁক অগপই টিকট দিবই বুলি ইতিমধ্যে ঘোষণা কৰিছে।

আনহাতে, অগপই বিজেপিৰ পৰা ৪০ খন আসন বিচৰাটোত এক যুক্তি আছে বুলি উল্লেখ কৰি উৎপল দত্তই কয়, ‘যিবোৰ সমষ্টিত ২-৩ বাৰকৈ অগপৰ বিধায়ক জয়ী হৈছে, সেয়েহে যদিও আমি বিজেপিৰ সৈতে মিত্ৰতাত আছো তথাপি আমি ১৪ টাৰ উপৰিও ৪০ খন আসন বিজেপিৰ পৰা আমি বিচাৰিম।‘

ইপিনে, পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন অগপ বিধায়ক পবীন্দ্ৰ ডেকাই অসম জাতীয় পৰিষদত যোগদান কৰাৰ পাছৰে পৰা সমষ্টিটোত সক্ৰিয় হৈ পৰিছে বিজেপিৰ কাৰ্য্যকৰ্তা। বিজেপিৰ প্ৰাৰ্থী সমষ্টিটোৰ পৰা থিয় কৰাবৰ বাবে ৰাজ্যিক নেতৃত্বক বাৰম্বাৰ আহ্বান জনাইছে কাৰ্য্যকৰ্তাসকলে। সুত্ৰ অনুসৰি পাটাছাৰকুছিৰ পৰা ৰাজ্যিক বিজেপিৰ শীৰ্ষ হেভিৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব।

কিন্তু উক্ত সমষ্টিটোও অগপক লাগিব বুলি স্পষ্ট কৰি দিয়ে অগপ বিধায়ক উৎপল দত্তই।

দত্তই এই সন্দৰ্ভত কয়, ‘পবীন্দ্ৰ ডেকা গৈছে তেওঁৰ ঠাইত অগপৰ শক্তিশালী প্ৰাৰ্থী আছে। গতিকে তেওঁক আমি সেই সমষ্টিৰ পৰা থিয় কৰাম।‘

সুত্ৰ অনুসৰি সমষ্টিটোৰ পৰা ন-অগপ ৰঞ্জিত ডেকাক থিয় কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আনহাতে, পশ্চিম গুৱাহাটীটো এতিয়া অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিৰুদ্ধে মুকলি বিষোদগাৰ কৰিছে বিজেপিৰ কাৰ্য্যকৰ্তাসকলে।

বিজেপিৰ এগৰাকী প্ৰাৰ্থী সমষ্টিটোৰ পৰা বিচাৰি নাচোৰবান্দা স্থিতি লৈছে কাৰ্য্যকৰ্তাসকলে। বিজেপিৰ কাৰ্য্যকৰ্তাসকলে বিজেপিৰ মেডিয়া বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলক প্ৰাৰ্থী হিচাপে ২১ ৰ বিধানসভা নিৰ্বাচনত বিচৰা বুলি এক সুত্ৰই উল্লেখ কৰিছে।

কিন্তু ১৯৮৫ চনৰ পৰা মাজত কেইটামান কাৰ্য্যকাল বাদ দি বিধায়ক হৈ থকা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ইমান সহজতে সমষ্টিটো এৰি দিব? তাক লৈয়ো এক প্ৰশ্ন উত্থাপন হৈছে।

শেষত হয়তো সমষ্টিটোত অগপ-বিজেপিৰ বন্ধুত্বসূলভ প্ৰতিদ্বন্বিতা হোৱাৰো সম্ভাৱনা নথকা নহয়।

আনহাতে, অগপৰ হাতত থকা বঢ়মপুৰ সমষ্টি আৰু বৰপেটা সমষ্টিতো বিজেপিয়ে নিজৰ প্ৰাৰ্থী বিচৰা বুলি আমাৰ হাতলৈ খবৰ আহিছে।

ইয়াৰোপৰি, ২০০১ চনৰ পৰা ৪ বাৰকৈ একেৰাহে সমষ্টিটো নিজৰ দখলত ৰখা কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ইতিমধ্যে মুকলি বিষোদগাৰ আৰম্ভ কৰিছে সমষ্টিটোৰ বিজেপি কাৰ্য্যকৰ্তাই। অভিযোগ অনুসৰি কেৱল অগপৰ নেতা-কৰ্মীয়েহে সমষ্টিটোত চৰকাৰী সা-সুবিধা ঠিকা ইত্যাদি লাভ কৰি আহিছে।

তাৰ লগতে সমষ্টিটোত পঞ্চায়ত নিৰ্বাচনত অগপৰ তুলনাত বিজেপিয়ে জিলা পৰিষদৰ পৰা আৰম্ভ কৰি ৱাৰ্ড মেম্বাৰলৈকে বহু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল।  সেয়েহে এইবাৰ সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী বিচাৰে বিজেপি কাৰ্য্যকৰ্তাই।

মুঠৰ ওপৰত এতিয়া অগপ-বিজেপিৰ মিত্ৰজোঁটত লাগিছে মহা আউল। কোনে এৰিব, কোনে ধৰিব, বা কাক প্ৰাৰ্থিত্ব দি সন্তুষ্ট কৰিব তাক লৈ জল্পনা-কল্পনাৰ অন্ত নোহোৱা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd