মোডী চৰকাৰে গঠন কৰিলে আঠখন কেবিনেট কমিটী; গুৰুত্ব বাঢ়িছে মিত্ৰ দলৰ, বিকল্প নাই!

কেন্দ্ৰীয় কেবিনেট কমিটীত বিজেপিৰ মিত্ৰদলৰ গুৰুত্ব বাঢ়িছে। বুধবাৰে মোডী চৰকাৰে নিৰাপত্তা, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়ক ৮খন কেবিনেট কমিটী গঠন কৰে। সেই সমিতিসমূহত এন ডি এৰ মিত্ৰ দলৰ মন্ত্ৰীৰ উপস্থিতি পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে।

বুধবাৰে নিশা প্ৰকাশ পোৱা এক অধিসূচনা অনুসৰি নিৰাপত্তা বিষয়ক কমিটীত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ।

আনহাতে, অৰ্থনৈতিক পৰিক্ৰমা সমিতিত গুৰু উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰস্বামী, পঞ্চায়তী ৰাজ আৰু মীন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং (লালন সিং)কে ধৰি বহুকেইজন অন্তৰ্ভুক্ত হৈছে।

লগতে পঢ়কঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ে নিৰক্ষৰ কৃষকৰ বাবে প্ৰথমবাৰ প্ৰৱৰ্তন কৰিছে এক অনন্য পাঠ্যক্ৰম

টিডিপিৰ কে ৰামমোহন নাইডু, হামৰ জিতন ৰাম মাঝিয়ে বিজেপিৰ শীৰ্ষ নেতাৰ সৈতে পুনৰ ৰাজনৈতিক পৰিক্ৰমা কেবিনেট কমিটীত আসন লাভ কৰে। অৱশ্যে আঠখন কেবিনেট কমিটীৰ সদস্যৰ অধিকাংশই বিজেপিৰ৷ সকলো সমিতিতে আছে গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাজনাথ সিং, নীতিন গাডকাৰীও প্ৰায়বোৰ কমিটীতে আছে।

কেন্দ্রৰ কেবিনেট কমিটীসমূহত এন ডি এৰ সদস্যসকলৰ গুৰুত্ব বৃদ্ধি পোৱাটো যথেষ্ট উল্লেখযোগ্য৷ কেবিনেট কমিটীয়ে কেন্দ্র-ৰাজ্যৰ সম্পর্কত গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ আগতে আলোচনা কৰে। আনহাতে বিত্ত সমিতিৰ কেবিনেট কমিটীয়ে সকলো বিত্তীয় সিদ্ধান্ত লোৱাৰ আগতে আলোচনা কৰে৷

লগতে পঢ়কঃ নেপালত ‘প্ৰচণ্ড’ চৰকাৰৰ পতন! নিৰ্বাচনৰ ৪ মাহৰ ভিতৰতে মিত্ৰজোঁটে প্ৰত্যাহাৰ কৰিলে সমৰ্থন

সূত্ৰসমূহৰ মতে, এই সমিতিসমূহত মিত্ৰ দলসমূহ অন্তৰ্ভুক্ত হোৱাৰ অৰ্থ হ’ল বিজেপিয়ে এতিয়া একপক্ষীয়ভাৱে এই বিষয়সমূহৰ ওপৰত সিদ্ধান্ত ল’ব পৰা অৱস্থাত নাই। অৰ্থাৎ ইমানদিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিয়ে যিদৰে সকলো সিদ্ধান্ত একপক্ষীয়ভাৱে লৈছিল, সেইটো এতিয়া আৰু নহব। বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা নোপোৱাৰ বাবে এতিয়া মিত্ৰদলৰ ওপৰত নিৰ্ভৰশীল। কেবিনেট কমিটী গঠনৰ ক্ষেত্ৰতো সেয়া স্পষ্ট হৈছে।