• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি প্ৰকৃত ইছ্যুসমূহক বাদ দি অপপ্ৰচাৰতে ব্যস্ত থাকিল : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 21, 2019 8:11 pm
Tarun Gogoi

সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ৰাজৱী ভৱনত, ২১ মে'ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“’এগজিট প’ল’ৰ সত্যতা একেবাৰে নাইকিয়া বুলিও নকওঁ। এনডিএ চৰকাৰ হ’ব পাৰে, নহ’ব বুলি নকওঁ। যদি হয়, তেন্তে লেং মাৰি গ’ল দিয়াৰ লেখীয়া হ’ব। তেনেকৈহে তেওঁলোক জিকিব পাৰিব। তেওঁলোকে ফ্ৰী এণ্ড ফেয়াৰকৈ জিকিব নোৱাৰে”, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা নিৰ্বাচনোত্তৰ সমীক্ষাৰ সন্দৰ্ভত আজি ৰাজীৱ ভৱনত এই মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজীৱ ভৱনত আয়োজিত স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে। সভাৰ অন্তত ৰাষ্ট্ৰীয় মাধ্যমৰ সমীক্ষা সম্পৰ্কত সাংবাদিকে সোধাত গগৈয়ে এইদৰে কটাক্ষপূৰ্ণ মন্তব্য কৰে।

Apply Now

“এগ্জিট প’ল একেবাৰে বিশ্বাসো নকৰো, নুইও নকৰো। ২০০৪ আৰু ২০০৯ চনত কংগ্ৰেছ জিকিব বুলি এগজিট প’লে কোৱা নাছিল। তেতিয়া বাজপেয়ী জিকাৰ কথা কৈছিল আৰু বিজেপি জিকাৰ কথা কৈছিল”, গগৈৰ মত।

আনহাতে, বিজেপিয়ে প্ৰকৃত ইছ্যুসমূহক বাদ দি কেৱল অপপ্ৰচাৰ চলোৱাতে ব্যস্ত থাকিল বুলিও গগৈয়ে মন্তব্য কৰে।

“প্ৰকৃত যিবোৰ ইছ্যু আছিল, নিবনুৱা সমস্যা, দুৰ্নীতি, মুদ্ৰাস্ফীতি, কৃষকৰ ঋণ, সৰু সুৰা ব্যৱসায় হওক, উদ্যোগেই হওক, অৰ্থনৈতিক উন্নয়ন আৰু বিজ্ঞান প্ৰযুক্তিৰ কথা, আগৰটো নিৰ্বাচনৰ পূৰ্বে দিয়া আশ্বাসবোৰ, সেইবিলাক আঁতৰাই তেওঁলোকে কি ইছ্যু ল’লে?” বিজেপিক গগৈৰ প্ৰশ্ন।

গগৈৰ মতে “বিজেপিয়ে মানুহৰ মাজত হিন্দু-মুছলমানৰ নামত আকৌ বিভাজনৰ ৰাজনীতি কৰিলে”।

গগৈয়ে মোদীক আক্ৰমণ কৰি কয়, “মোদীয়ে কৰিব নোৱৰা কাম একো নাই। মই সেইকাৰণে কৈছো তেওঁ ফাউল খেলি জিকিব বিচাৰিছে। নিৰ্বাচনী আয়োগৰ আচৰণ-বিধি মোদীয়ে নামানে।”

ইয়াৰোপৰি, ধনৰ অপব্যৱহাৰ, ক্ষমতাৰ অপব্যৱহাৰ, নিৰ্বাচনী আয়োগৰ অপব্যৱহাৰ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।

মোদীক পাব্লিচিটি এক্সপাৰ্ট বুলিও কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

আনহাতে, ই ভি এম টেম্পাৰিং কৰা হ’ব পাৰে বুলি সন্দিহান গগৈৰ প্ৰশ্ন, “তেজপুৰত ইমান এক্সট্ৰা ই ভি এম কিয় ৰাখিছে? বেলেগ সমষ্টি বিলাকত নাই কিয়? যদি সকলো সমষ্টিতে থাকিলে হেঁতেন, তেন্তে যোৰহাট, গুৱাহাটী, বৰপেটাত নাই কিয়?”

এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ তুলনাত ৰাজ্যত তথা সমগ্ৰ দেশতে আসন বেছি পাব বুলিও গগৈয়ে দাবী কৰে।

“আগতকৈ আসন বেছি পাম বুলি ক’ব পাৰো, অসমতো বেছি পাম, ভাৰততো বেছি আসন পাম”, গগৈৰ মন্তব্য।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd