তাজমহলৰ নাম সলনি কৰি ৰখা হ’ব ‘তেজো মহালয়া’ ! আগ্ৰা পৌৰ নিগমত দাখিল প্ৰস্তাৱ

বিশ্বৰ সাতোটা আচৰিত বস্তুৰ ভিতৰৰে অন্যতম আগ্ৰাৰ তাজমহলকলৈ সময়ে সময়ে বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈ আহিছে। কোনোৱাই যদি তাজমহল থকা মাটি খিনি নিজৰ বুলি দাবী কৰিছে কোনোৱাই আকৌ তাজমহলৰ সৈতে হিন্দু উপাসনাস্থলীৰ সম্পৰ্ক আছিল বুলি দাবী কৰি আহিছে।

এনে দাবীসমূহৰ মাজতে এইবাৰ তাজমহলৰ নাম সলনিৰ দাবীও উঠিছে।শেহতীয়াকৈ আগ্ৰাৰ বিজেপিৰ কাউন্সিলাৰে শোভাৰাম ৰাথোৰে তাজমহলৰ নাম সলনিৰ দাবী উত্থাপন কৰিছে। ৰাথৰে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ নাম সলনি কৰিবলৈ আগ্ৰা পৌৰ নিগমত প্ৰস্তাৱ দাখিল কৰিছে। বিজেপিৰ কাউন্সিলাৰ গৰাকীয়ে আগ্ৰা পৌৰ নিগমক দিয়া প্ৰস্তাৱ অনুসৰি তাজমহলৰ নাম সলনি কৰি তেজো মহালয়া ৰাখিব লাগে। ৰাথৰো লগতে কয় যে তাজমহলৰ নাম সলনিৰ প্ৰসংগত বহু ঐতিহাসিক তথ্য তেওঁৰ হাতত মজুত আছে।

তেওঁ লগতে কয় যে যোৱা চাৰি বছৰত প্ৰায় ৮০টা পথৰ নাম সলনি কৰা হৈছে। বিজেপিৰ কাউন্সিলাৰগৰাকীয়ে কয় যে তাজমহলৰ দেৱালত পদুম ফুলৰ দৰে হিন্দু সভ্যতাৰ বহু চিহ্ন দেখিবলৈ পোৱা গৈছে। তেওঁৰ মতে তাজমহলৰ স্থানত পূৰ্বতে শিৱ মন্দিৰ আছিল। ১২১২ খ্ৰীষ্টাব্দত পৰমদেৱে তেজো মহালয় নিৰ্মাণ কৰিছিল। তাজমহলৰ ২২টা কোঠাত মন্দিৰৰ প্ৰমাণ পোৱা গৈছে। ইয়াৰ বাহিৰেও তাজমহলৰ আশে-পাশে হিন্দু স্থাপত্য আছে বুলিও তেওঁ দাবী কৰে। তেোঁৰ মতে ‘তাজ’ আৰু ‘মহল’ দুয়োটা সংস্কৃত শব্দ।