NORTHEAST NOW (Assamese)

বি টি চি নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

March 17, 2020 9:40 pm · কল্পজ্যোতি শইকীয়া
Updated: March 17, 2020 9:46 pm
প্ৰতিনিধিত্বমূলক ছবি।

বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপিয়ে মঙলবাৰে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

৫-চাৰাইবিল, ৮-ডতমা, ১২- ছালাকাটি, ১৩- চিৰাং আৰু ৩৪- খালিং দুৱাৰ—এই পাঁচটা সমষ্টিৰ বাবে দ্বিতীয় তালিকাত প্ৰাৰ্থী ঘোষণা কৰা হৈছে।

সমষ্টিকেইটাত ক্ৰমে উইলিয়াম নাৰ্জাৰী, বিভূতি বৰগয়াৰী, কবিতা বসুমতাৰী, আলোক বসুমতাৰী আৰু অৰ্জুন দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

তাৰোপৰি, যোৱা ১৬ মাৰ্চত প্ৰাৰ্থী ঘোষণা কৰা ১৭—চবাইঝাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব বাতিল কৰা হৈছে।

বিজেপিয়ে সোমবাৰে নিশা ঘোষণা কৰা প্ৰথমখন প্ৰাৰ্থী তালিকাত মুঠ ২১টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছিল।

দুয়ো তালিকা মিলাই মুঠ ২৫টা সমষ্টিৰ বাবে বিজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে।

অহা ৪ এপ্ৰিলত বি টি চিৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

৮ এপ্ৰিলত ভোট গণনা আৰম্ভ হ’ব।

Related News