NORTHEAST NOW (Assamese)

বিজেপি “চিকিৎসক”, ৰুগীয়া নতুন সদস্যৰ দুৰ্নীতিৰ চিকিৎসা কৰিব: ডাঃ নোমল মমিন

August 16, 2019 4:34 pm · কল্পজ্যোতি শইকীয়া
Updated: August 16, 2019 4:59 pm
শুকুৰবাৰে ডাঃ নুমল মমিন।

কংগ্ৰেছত থাকোঁতে বহু দুৰ্নীতিৰ অভিযোগ থকা নেতাৰ বিজেপিত যোগদানক কেন্দ্ৰ কৰি চলি আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰ মাজতে এনে নেতাক ‘ৰোগী’ৰ সৈতে তুলনা কৰিছে বিজেপি বিধায়ক তথা ৰাজ্যিক মুখপাত্ৰ ডাঃ নোমল মমিনে।

লগতে বিজেপিয়ে সেইসকল ৰোগীক চিকিৎসা কৰিব বুলিও তেওঁ মন্তব্য কৰে।

‘ৰোগীকহে ডাক্তৰৰ প্ৰয়োজন আছে। ভাল মানুহ কেতিয়াও ডাক্তৰৰ ওচৰত নাযায়। ডাক্তৰেও ভাল মানুহক চিকিৎসা নকৰে। ৰোগী বুলি যদি সেইসকলক ভবা হয়, নিশ্চয় চিকিৎসা আছে, ভাৰতীয় জনতা পাৰ্টি চিকিৎসক। তেওঁলোকক ৰোগমুক্ত কৰি দেশখন নিকা কৰিবলৈ আগবাঢ়ি গৈছে।‘ বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত অনুষ্ঠিত প্ৰয়াত প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ অন্তত সংবাদমাধ্যমৰ আগত মমিনে এইদৰে কয়।

মমিনৰ মতে, বিজেপিৰ নীতি আদৰ্শ মানি চলিম বুলি এগৰাকী ব্যক্তি আহিব খোজে বা তেওঁলোকে যদি বেয়া কামো কৰিছিল, সেইসকল লোকক শুধৰণি কৰাটো বিজেপিৰ বাবেই গৌৰৱৰ কথা।

ইপিনে, কংগ্ৰেছৰ পৰা বহু নেতা ইতিমধ্যে বিজেপিত যোগদান কৰাৰ পাছত ‘কংগ্ৰেছযুক্ত বিজেপি’ বিষয়টোৱে চৰ্চা লাভ কৰাৰ মাজতে বিধায়কগৰাকীয়েও এই কথা স্বীকাৰ কৰে।

তেওঁ কয় ‘কংগ্ৰেছমুক্ত কৰিবলৈ কংগ্ৰেছযুক্ত কৰিব লাগিব। যি দলৰ পৰাই নহওক, কংগ্ৰেছৰ পৰাই হওক, অগপৰ পৰাই হওক, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিধৰণে উন্নয়নৰ কাম আগুৱাইছে, সকলো দিশৰ পৰা সকলো ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সংযুক্ত হ’ব বিচাৰিছে।‘

ইপিনে, দুৰ্নীতিগ্ৰস্ত নেতাই বিজেপিত যোগদান কৰাৰ পাছত দুৰ্নীতি কৰাৰ কোনো সুযোগ নাপায় বুলি মমিনে মন্তব্য কৰে।

‘দুৰ্নীতিগ্ৰস্ত নেতাসকলে বিজেপিত আহি সেই সুযোগটো নাপায়। যি বিজেপিত যোগদান কৰে তেওঁ লাইনত আহিবলৈ বাধ্য হ’ব পাৰে।‘ মমিনে এইদৰে কয়।

Related News