একনাথ সিন্দে,অজিত পাৱাৰৰ নাম প্ৰচাৰকৰ তালিকাৰ পৰা আঁতৰালে বিজেপিয়ে

লোকসভা নিৰ্বাচন আৰম্ভ হ’বলৈ বাকী আছে মাত্ৰ কেইটামান দিন।ইতিমধ্যে সকলো ৰাজনৈতিক দলে জোৰদাৰ প্ৰচাৰ আৰম্ভ কৰিছে। এইবাৰ মহাৰাষ্ট্ৰত বিজেপি, একনাথ সিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এনচিপিয়ে একেলগে যুঁজ দিছে। কিন্তু একনাথ বা অজিতে বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাব নোৱাৰে!কাৰণ বিজেপিয়ে প্ৰচাৰক তালিকাৰ পৰা দুজন ৰাজনীতিবিদক বাদ দিছে।

লগতে পঢ়ক: জানেনে? জানি লওক গৰু বিহুত খোৱা এশ এবিধ শাকৰ নাম

শেহতীয়াকৈ বিজেপি আৰু শিৱসেনাৰ সিন্দে ফৈদে মহাৰাষ্ট্ৰত লোকসভাৰ বাবে কোনে প্ৰচাৰ চলাব তাৰ তালিকা প্ৰকাশ কৰিছে। শিৱসেনাৰ তাৰকা প্ৰচাৰকৰ তালিকাত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ। আনহাতে বিজেপিৰ তালিকাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী সিন্দে, উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ নাম আছিল৷

তালিকা প্ৰকাশ পোৱাৰ পাছতে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰা হয়। অভিযোগ অনুসৰি বিজেপি আৰু সিন্দে গোটে জনপ্ৰতিনিধিত্ব আইনৰ ৭৭ নং ধাৰা উলংঘা কৰিছে। সেই ধাৰা অনুসৰি কোনো ৰাজনৈতিক ব্যক্তিয়ে নিজৰ দলৰ বাহিৰে আন কোনো দলৰ বাবে প্ৰচাৰ চলাব নোৱাৰে।

লগতে পঢ়ক: ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ নিৰ্বাচনী সমাবেশ

অভিযোগ লাভ কৰাৰ পাছতে সতৰ্ক হ’ল নিৰ্বাচন আয়োগ। মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে বিজেপি আৰু শিৱসেনালৈ পত্ৰ প্ৰেৰণ কৰি কয় যে কোনো কাৰণতে এটা দলৰ নেতাক আন এটা দলৰ তাৰকা প্ৰচাৰকৰ তালিকাত অন্তৰ্ভুক্ত কৰিব নোৱাৰি। এই পত্ৰখন সকলো জিলা উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াকো দিয়া হৈছে। একে সময়তে কোৱা হৈছে যে কঠোৰ সতৰ্কতা অৱলম্বন কৰিব লাগে যাতে কোনেও জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ উলংঘা কৰিব নোৱাৰে।আয়োগৰ পত্ৰ পোৱাৰ পাছতে বিজেপিয়ে তাৰকা প্ৰচাৰক তালিকা সলনি কৰিলে। পৰিৱৰ্তিত তালিকাৰ প্ৰচাৰকৰ তালিকাৰ পৰা অজিত, একনাথৰ নাম গেৰুৱা শিবিৰে আঁতৰোৱা পৰিলক্ষিত হৈছে।